নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ:মানৱ শৰীৰত পাথৰ হোৱা, অপাৰেশ্যনৰ জৰিয়তে পাথৰ আঁতৰোৱা আদিৰ বিষয়ে আপুনি জ্ঞাত ৷ কেতিয়াবা ৰোগীৰ দেহৰ পৰা অস্বাভাৱিক আকাৰৰ পাথৰ আঁতৰোৱাৰ বাতৰিও নিশ্চয় আপুনি পঢ়িছে ৷ আজি আমি আপোনাক এনে এটা অপাৰেশ্য়নৰ বিষয়ে ক’বলৈ ওলাইছোঁ য’ত এগৰাকী ৰোগীৰ পেটৰ পৰা চিকিৎসকে অপাৰেশ্যনৰ জৰিয়তে বাহিৰ কৰিলে 6,110 টা বিভিন্ন আকাৰৰ পাথৰ ৷ এয়া সঁচাকৈয়ে আশ্চৰ্যকৰ নহয় নে বাৰু ৷ এগৰাকী 70 বছৰীয়া ব্যক্তিয়ে পেটত 6,110 টা পাথৰ লৈ জীয়াই থকা ঘটনা আপুনি বাৰু আগতে কেতিয়াবা শুনিছেনে ? আহকচোন জানো ক’ত সংঘটিত হৈছে এই ঘটনা ৷
ৰাজস্থানৰ কোটাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসকে সফল অস্ত্ৰোপচাৰৰ দ্বাৰা এগৰাকী 70 বছৰীয়া ব্যক্তিৰ পিত্তাশয়ৰ পৰা বাহিৰ কৰিছে 6,110 টা পাথৰ ৷ ৰোগীজনে পেটৰ বিষ, বমি আৰু অন্যান্য জটিলতাত কেইবাবছৰ ধৰি ভুগি আছিল ৷ চিকিৎসা কৰাইছিল যদিও কোনো ধৰণৰ সকাহ পোৱা নাছিল । যোৱা সপ্তাহত তেওঁ কোটাত অৱস্থিত এখন বিশেষ চিকিৎসালয়ত ভৰ্তি হয়, য’ত চিকিৎসকে অস্ত্ৰোপচাৰ কৰি সফলতাৰে সকলো পাথৰ আঁতৰাবলৈ সক্ষম হয় ।
অস্ত্ৰোপচাৰ কৰা লেপাৰ’স্কপিক চাৰ্জন দীনেশ জিন্দালে ইটিভি ভাৰতক জনোৱা মতে, ৰোগীজনৰ ছ’ন’গ্ৰাফীত দেখা গৈছে যে পিত্তথলীত পাথৰেৰে ভৰি আছে আৰু পিত্তথলীৰ আকাৰ ৭ x ২ ছেঃমিঃৰ পৰা ১২ x ৪ ছেঃমিঃলৈ প্ৰায় দুগুণ বৃদ্ধি পাইছে । তেওঁ কয় যে এইটো এটা জটিল অস্ত্ৰোপচাৰ আছিল, কিয়নো পিত্তথলীৰ পাথৰে ৰোগীৰ গুৰুতৰ ক্ষতি কৰিব পাৰে । তেওঁ পেনক্ৰিয়াচৰ প্ৰদাহ, জণ্ডিচ, আনকি কেন্সাৰতো ভোগাৰ সম্ভাৱনা থাকে ।
অবিশ্বাস্য হ’লেও বছৰ-বছৰ ধৰি দেহত কঢ়িয়াই ফুৰিলে ২৫ কেজি ওজনৰ টিউমাৰ - Rare surgery in Lakhimpur Miracle surgery in Ukraine: সৈনিকৰ বুকুৰ পৰা সজীৱ গ্ৰেনেড আঁতৰালে চিকিৎসকে |
অস্ত্ৰোপচাৰৰ সময়ত সংক্ৰমণৰ আশংকা