ETV Bharat / bharat

মহাকুম্ভৰ ঘটনাক লৈ চৰকাৰক সমালোচনা বিৰোধীৰ - MAHAKUMBH STAMPEDE

উত্তৰ প্ৰদেশ চৰকাৰৰ অব্যৱস্থাপনা আৰু ভি আই পি সংস্কৃতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ।

Rescue operation underway after a stampede during the ongoing 'Maha Kumbh Mela' festival on Mauni Amavasya in Prayagraj
মহাকুম্ভৰ ঘটনাক লৈ চৰকাৰক সমালোচনা বিৰোধীৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : Jan 29, 2025, 1:31 PM IST

প্ৰয়াগৰাজ : উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত বুধবাৰে পদপিষ্ট হৈ ১৭ জনকৈ লোকৰ মৃত্যু হয় । এই ঘটনাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ বিৰোধী কংগ্ৰেছে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা বিৰোধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰা মতে উত্তৰ প্ৰদেশ চৰকাৰৰ অব্যৱস্থাপনা আৰু ভি আই পি অতিথিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে মহাকুম্ভ মেলাত এনে ঘটনা সংঘটিত হৈছে । ৰাহুল গান্ধীয়ে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি যোগী আদিত্যনাথ চৰকাৰক ভি আই পি সংস্কৃতি নিয়ন্ত্ৰণ কৰি এনে ঘটনা পৰিহাৰ কৰাৰ বাবে উন্নত ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ।

ৰাহুল গান্ধীয়ে কংগ্ৰেছ নেতা-কৰ্মীসকলক ভুক্তভোগী পৰিয়ালবোৰক সহায় কৰিবলৈও কয় । ৰাহুল গান্ধীয়ে Xৰ এটা পোষ্টত লিখিছে,"প্ৰয়াগৰাজৰ মহাকুম্ভত পদপিষ্ট হৈ বহু লোকৰ মৃত্যু আৰু আহত হোৱাৰ খবৰ অত্যন্ত দুখজনক । মই শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো । সাধাৰণ ভক্তৰ পৰিৱৰ্তে ভি আই পিৰ ওপৰত গুৰুত্ব দিয়া আৰু অব্যৱস্থাপনাৰ বাবে এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে ।"

তেওঁ লগতে লিখিছে,"মহাকুম্ভৰ বাবে এতিয়াও যথেষ্ট সময় বাকী আছে আৰু বহু মহাস্নান অনুষ্ঠিত হ'ব । আজিৰ দৰে এক কৰুণ ঘটনা প্ৰতিহত কৰিবলৈ চৰকাৰে সমগ্ৰ ব্যৱস্থা উন্নত কৰা উচিত । ভি আই পি সংস্কৃতি নিয়ন্ত্ৰণ কৰিব লাগে আৰু চৰকাৰে সাধাৰণ ভক্তসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে উন্নত ব্যৱস্থা কৰা উচিত । মই কংগ্ৰেছ কৰ্মী আৰু নেতাসকলক ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক সহায় কৰিবলৈ অনুৰোধ জনাইছো ।"

উল্লেখ্য যে বুধবাৰে পুৱতি নিশা মৌনী অমাৱস্যাৰ পবিত্ৰ স্নানৰ সময়ত লাখ লাখ লোক একত্ৰিত হৈছিল । বিষয়াসকলৰ মতে এখন বেৰিকেড ভাঙি যোৱাৰ ফলতে এই কৰুণ ঘটনাটো সংঘটিত হয় । এই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আখাৰাৰ সাধুসকলে মৌনী অমাৱস্যাৰ বাবে তেওঁলোকে পৰম্পৰাগত পবিত্ৰ স্নান প্ৰত্যাহাৰ কৰে । কিন্তু তাৰ পিছতো বহু লোকে সংগমস্থলীত স্নান কৰে ।

ইফালে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ো এই সমগ্ৰ ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ কৰিছে । চৰকাৰৰ অৰ্ধ ব্যৱস্থাপনা আৰু ভি আই পি সংস্কৃতিক সমালোচনা কৰি তেওঁ কয় যে বহুলোকে প্ৰাণ হেৰুওৱাৰ লগতে বহুতো আহত হোৱাৰ বাতৰিটো অত্যন্ত হৃদয়বিদাৰক । তেওঁ কয়, "ভক্তসকলৰ পৰিয়াললৈ আমাৰ গভীৰ সমবেদনা আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ।"

তেওঁ Xৰ এটা পোষ্টত লিখিছে, "আধৰুৱা ব্যৱস্থাপনা, ভি আই পি সংস্কৃতি, আত্ম-প্ৰচাৰৰ প্ৰতি অধিক মনোযোগ দিয়াটোৱে এই ঘটনাৰ বাবে দায়ী । হাজাৰ হাজাৰ কোটি টকা খৰচ কৰাৰ পিছতো এনে ব্যৱস্থা নিন্দনীয় ।"

খাৰ্গেই পোষ্টটোত লিখিছে, "বহু গুৰুত্বপূৰ্ণ পবিত্ৰ স্নান বাকী আছে, সেয়েহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া উচিত আৰু ব্যৱস্থাপনা উন্নত কৰা উচিত যাতে ভৱিষ্যতে এনে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় । ভক্তসকলৰ থকা, খোৱা, প্ৰাথমিক চিকিৎসা আৰু চলাচলৰ ব্যৱস্থা উন্নত কৰিব লাগে আৰু ভি আই পি সংস্কৃতি বন্ধ কৰিব লাগে । আমাৰ সাধু-সন্নাসীসকলেও এইটো বিচাৰে ।"

কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেৰাইও সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি কৈছে, "প্ৰয়াগৰাজত কুম্ভ স্নানৰ সময়ত হোৱা পদপিষ্টত বহু ভক্তৰ মৃত্যু অতি দুখজনক । তাত যি ধৰণৰ ভিৰ আছিল আৰু আধৰুৱা ব্যৱস্থাপনা কৰা হৈছিল এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা সদায়ে আছিল ।"

সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱেও মহাকুম্ভ মেলাৰ ঘটনাত শোক প্ৰকাশ কৰিছে আৰু অনুষ্ঠানটোত বৰ্ধিত নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ লগতে কয় যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক লৈ যাবলৈ এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰিব লাগে আৰু মৃতকক চিনাক্ত কৰি মৃতদেহ তেওঁলোকৰ ঘৰলৈ লৈ যাব লাগে । যাদৱে মেলাত বিশেষকৈ হেলিকপ্টাৰৰ জৰিয়তে শৃংখলা আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে বৰ্ধিত নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক :মহাকুম্ভ মেলাত অঘটন: পদপিষ্ট হৈ ১৭ জনৰ মৃত্যু, অমৃত স্নান বাতিল - MAHA KUMBH MELA 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.