নিউজ ডেস্ক, ১৮ মাৰ্চ :দেশৰ হৈ যুঁজ দি বন্দী হোৱাৰ প্ৰায় ৬০ বছৰ অতিক্ৰম কৰিলে । কিন্তু এতিয়াও এগৰাকী ভাৰতীয় সৈনিকে বিদেশৰ কাৰাগাৰত বন্দী হৈ মুক্তিৰ ক্ষণ গণি আছে । তেওঁ হৈছে ওড়িশাৰ আনন্দ পত্ৰী । আনন্দ বিগত ছয় দশক ধৰি পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে । তেওঁ ১৯৬৫ চনত ভাৰত-পাকিস্তান যুদ্ধত জড়িত আছিল । তেতিয়াৰে পৰা তেওঁক পাকিস্তানৰ লাহোৰ কাৰাগাৰত যুদ্ধবন্দী হিচাপে আটক কৰি ৰখা হৈছে । কিন্তু ছয়টা দশক পাৰ হৈ গ'লেও তেওঁ মুক্তিৰ অপেক্ষাৰ ক্ষণ গণি থাকিবলগা হৈছে । অৱশ্যে পৰিয়ালৰ সদস্যসকলে আনন্দক উদ্ধাৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছে ।
কিন্তু এতিয়ালৈকে তেওঁৰ মুক্তি সম্ভৱ হোৱা নাই । আনহাতে, বহু বছৰ স্থবিৰ হৈ থকাৰ পিচত তেওঁৰ মুক্তিৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সচিবক আনন্দৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে । তদুপৰি, আনন্দৰ পৰিয়ালক এই বিষয়ত প্ৰয়োজন হ'লে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰাধাকান্ত ত্ৰিপাঠীৰ সহায় ল'বলৈও নিৰ্দেশ দিয়া হৈছে ।
বৰ্তমান এই প্ৰচেষ্টাৰ বাবে ওড়িয়া সৈনিকজনৰ মুক্তিৰ আশা কৰা হৈছে, যিগৰাকী দেশপ্ৰেমিকে সত্তৰৰ দশকৰ পৰা মুক্তিৰ বাবে সংগ্ৰাম কৰি আহিছে ।
আনন্দ পত্ৰীৰ ঘৰ হৈছে ওড়িশাৰ ভদ্ৰক জিলাৰ ধামনগৰ আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণী গাঁৱত । তেওঁৰ জন্ম ১৯২৮ চনত । তেওঁক ভাৰতীয় সেনা নিযুক্তি কেন্দ্ৰ গোখেল ৰোড, কলকাতাৰ জৰিয়তে ভাৰতীয় সেনাত নিযুক্তি দিয়া হৈছিল । পিছত তেওঁক ভাৰতীয় সেনাৰ 31 বেংগল ইঞ্জিনিয়াৰিং ৰেজিমেণ্টত জোৱান হিচাপে নিযুক্ত কৰা হয় । পিছলৈ ১৯৬২ চনত আনন্দে ভাৰত-চীন যুদ্ধত যোগদান কৰে । ১৯৬৫ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধতো তেওঁ জড়িত আছিল । তেতিয়াৰে পৰা আনন্দ পত্ৰীয়ে পাকিস্তানৰ লাহোৰৰ কোট-লাকপত কেন্দ্ৰীয় কাৰাগাৰত যুদ্ধবন্দী হিচাপে জীৱন অতিবাহিত কৰি আহিছে ।
আনহাতে, ইয়াৰ মাজতে ২০০৩ চনৰ ৭ ফেব্ৰুৱাৰীত গৃহ বিভাগৰ দ্বাৰা এটা বিজ্ঞাপন প্ৰকাশ কৰা হয় । তাত আনন্দৰ ফটো আছিল । ফটোত দেখা গৈছিল যে তেওঁ পাকিস্তানৰ কাৰাগাৰত আছে । কিন্তু ইছলামাবাদত ভাৰতৰ উচ্চায়ুক্তই ঘোষণা কৰিছিল যে তেওঁৰ নাম 'নাছিম গোপাল' ।