নেশ্যনেল ডেস্ক, 20 ফেব্ৰুৱাৰী : আম্বালাৰ শম্ভু সীমান্তৰ পৰা আহিছে ডাঙৰ খবৰ । চৰকাৰৰ এই প্ৰস্তাৱ নাকচ কৰিছে কৃষক সংগঠনসমূহে । দেওবাৰে চণ্ডীগড়ত কৃষক সংগঠনৰ প্ৰতিনিধিৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ ৰাউণ্ডৰ বৈঠকত চৰকাৰে কৃষকসকলক এক নতুন প্ৰস্তাৱ প্ৰদান কৰে । এই প্ৰস্তাৱ সঠিকমতে বিবেচনা কৰি উত্তৰ দিব বুলি কৃষকসকলে জনাইছিল ।
কৃষকসকলে চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰে :চণ্ডীগড়ত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দলৰ সৈতে আলোচনাৰ পিচত আশা কৰা হৈছিল যে কৃষকৰ আন্দোলন বন্ধ হ'ব আৰু দিল্লীৰ পদযাত্ৰা বন্ধ হ'ব, কিন্তু এতিয়া তাৰ বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে কাৰণ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰিছে । শম্ভু সীমান্ত সন্দৰ্ভত চৰকাৰৰ প্ৰস্তাৱটো বিবেচনা কৰাৰ পিচত কৃষক সংগঠনসমূহে কৈছে যে চৰকাৰে দিয়া প্ৰস্তাৱত কোনো নতুনত্ব নাই । বাকী থকা শস্যসমূহ নিশ্চিত নিম্নতম সমৰ্থন মূল্য (এমএছপি)ৰ আওতাৰ বাহিৰত ৰখাটো উচিত নহয় । তেওঁলোকে লগতে 21 ফেব্ৰুৱাৰীত ৰাজধানী দিল্লী অভিমুখে যাত্ৰা কৰিব বুলি ঘোষণা কৰে ।
"চৰকাৰৰ উদ্দেশ্য ত্ৰুটিপূৰ্ণ": চৰকাৰে দাবী কৰা অৰ্থনৈতিক বোজা শুদ্ধ নহয় । চৰকাৰৰ এই প্ৰস্তাৱৰ পৰা কৃষকসকলে কোনো ধৰণৰ সুবিধা লাভ নকৰে ৷ কৃষক সংগঠনসমূহে কয় যে চৰকাৰৰ উদ্দেশ্যত ত্ৰুটি আছে । ২৩ টা শস্যৰ ওপৰত চৰকাৰে MSP গেৰাণ্টী আইন দিব লাগে । ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে কি কৰিছে ক’ব লাগে । এতিয়ালৈকে দেখা গৈছে যে কৃষকৰ দাবীক লৈ চৰকাৰে বিশেষ কাণসাৰ দিয়া নাই ।
চৰকাৰৰ প্ৰস্তাৱত নতুন একো নাই:কৃষক নেতা জগজিৎ সিং ডল্লেবালে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে, দুয়োখন মঞ্চতে আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হৈছে যে চৰকাৰৰ প্ৰস্তাৱত নতুন একো নাই । এই প্ৰস্তাৱ কৃষকৰ পক্ষত নহয় । সেয়েহে আমি চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰিছো ।
কৃষকৰ দাবী: কৃষক সংগঠনসমূহে এম.এছ.পি.ৰ আইনী গেৰাণ্টিৰ উপৰিও, কৃষকসকলে স্বামীনাথন আয়োগৰ পৰামৰ্শ, কৃষক আৰু খেতিয়কসকলৰ বাবে পেন্সন, খেতিয়ক ঋণ ৰেহাই, বিদ্যুতৰ শুল্ক বৃদ্ধি নকৰা, আৰক্ষীৰ গোচৰ প্ৰত্যাহাৰ আৰু ২০২১ চনৰ লখিমপুৰ খেৰী হিংসাৰ ভুক্তভোগীসকলৰ বাবে "ন্যায়", ভূমি অধিগ্ৰহণ আইন, ২০১৩ পুনৰ স্থাপন আৰু ২০২০-২০২০ চনত পূৰ্বৰ আন্দোলনৰ সময়ত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ।