ETV Bharat / entertainment

সীমা বিশ্বাসলৈ 2024 বৰ্ষৰ সন্মানীয় আইদেউ সন্দিকৈ বঁটা - AIDEU HANDIQUE AWARD SEEMA BISWAS

বেণ্ডিত কুইনখ্যাত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক সীমা বিশ্বাসলৈ আইদেউ সন্দিকৈ বঁটা । সদৌ অসম লেখিকা সমাৰোহে এই সন্মান প্ৰদান কৰিব শিল্পীগৰাকীক ।

Sadou Asom Lekhika Samaroh Samiti to confer 2024 Aideu Handique award to actor Seema Biswas
সীমা বিশ্বাসলৈ আইদেউ সন্দিকৈ বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Dec 4, 2024, 5:41 PM IST

গোলাঘাট : বেণ্ডিত কুইনখ্যাত ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমকন্যা সীমা বিশ্বাসলৈ আইদেউ সন্দিকৈ বঁটা ঘোষণা ৷ বোকাখাত নাট্য মন্দিৰত বুধবাৰে অসমৰ সৰ্ববৃহৎ মহিলা জাতীয় অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা অনুষ্ঠিত এখনি সংবাদমেলত এই কথা সদৰী কৰে সদৌ অসম লেখিকা সমাৰোহৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে ।

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত বোকাখাত শাখা সন্ধানী লেখিকা সমাৰোহ সমিতিৰ আতিথ্যত আৰু বোকাখাত নাট্যমন্দিৰৰ সহযোগত শিল্পী আইদেউ সন্দিকৈৰ সোঁৱৰণী বঁটা প্রদান অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে ৷ আইদেউ সন্দিকৈৰ একবিংশতিতম স্মৃতি দিৱস উপলক্ষে আগন্তুক ১৭ ডিচেম্বৰত বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হ'ব এই বঁটা প্ৰদান অনুষ্ঠান ।

সদৌ অসম লেখিকা সমাৰোহৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ (ETV Bharat Assam)

বিগত ২০০৩ বৰ্ষৰ পৰা প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ৰ নাম ভূমিকাত অভিনয় কৰা অভিনেত্ৰী আইদেউ সন্দিকৈৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰি অহা হৈছে ৷ প্ৰতি বছৰে আইদেউ সন্দিকৈৰ মৃত্যু দিন ১৭ ডিচেম্বৰত অসমৰ স্বনামধন্য একোগৰাকীকৈ মহিলা শিল্পীক এই বঁটা প্রদান কৰা হয় । চলিত বৰ্ষৰ ১৭ ডিচেম্বৰত বোকাখাত নাট্য মন্দিৰত অভিনেত্ৰী আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ২০২৪ বৰ্ষৰ বাবে এই বঁটা আগবঢ়োৱা হ’ব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী, অসম গৌৰৱ তথা নলবাৰীৰ কন্যা, ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাপ্ৰাপক 'বেণ্ডিত কুইন'খ্যাত সীমা বিশ্বাসক ।

উল্লেখ্য যে, সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্রতিষ্ঠাকালৰে পৰা অসমীয়া ভাষা-সংস্কৃতিৰ উত্তৰণৰ দিশত কাম কৰি আহিছে ৷ অসমৰ মহিলাসকলৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান হিচাপে আত্মপ্রকাশ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে লেখিকা সমাৰোহ সমিতিয়ে ।

লগতে পঢ়ক: দ্য সাবৰমতী ৰিপ’ৰ্ট: চলচ্চিত্ৰ বিতৰকলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ চিঠি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.