নেশ্যনেল ডেস্ক, 28 জানুৱাৰী:অন্ত পৰিল উৎকণ্ঠাৰ ৷ অৱশেষতৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ ৰাজভৱনত ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে কুমাৰে । পদত্যাগ পত্ৰ দাখিল কৰিয়েই INDI মিত্ৰজোটক সমালোচনাৰ লক্ষ্য কৰি ল’লে কুমাৰে ৷
পদত্যাগ পত্ৰ জমা দিয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কুমাৰে কয়,"মহাজোটবন্ধনৰ অৱস্থা ভাল নহয় । মিত্ৰশক্তি অন্যমনস্ক হৈ পৰাৰ ফলত একোৱেই হোৱা নাছিল ।"
তেওঁ আৰু লগতে কয়, "আজি মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছো আৰু মই ৰাজ্যপালকো ৰাজ্য চৰকাৰখন ভংগ কৰিবলৈ কৈছো । একো ভাল হোৱা নাছিল বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হ’ল ৷ সকলোৰে পৰা মতামত শুনিলো । আজি চৰকাৰ ভংগ কৰা হৈছে ।"
কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "ধৈৰ্য ধৰি নজৰ ৰাখিলে কি হৈছে আপুনি জানিব পাৰিব ।" দেওবাৰে বিয়লি প্ৰায় 4 বজাত শপত গ্ৰহণ কৰাৰ সম্ভাৱনা 72 বছৰীয়া ৰাজনীতিবিদগৰাকীৰ । বিহাৰ বিধানসভাত 243 খন আসন আছে য’ত আৰজেডিত 79 গৰাকী বিধায়ক, বিজেপিৰ 78 গৰাকী, জেডিইউৰ 45 গৰাকী, কংগ্ৰেছৰ 19 গৰাকী, চিপিআই (এম-এল)ৰ 12 গৰাকী বিধায়ক আছে ।