অসম

assam

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 12:16 PM IST

Updated : Jul 21, 2024, 4:51 PM IST

ETV Bharat / bharat

নিপা ভাইৰাছৰ সংক্ৰমণ: চিকিৎসাধীন অৱস্থাতে মৃত্যু 14 বছৰীয়া কিশোৰৰ - Nipah Virus

Nipha Outbreak Kerala: কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু এজন 14 বছৰীয়া কিশোৰৰ ৷ কোঝিকোড মেডিকেল কলেজত ভেণ্টিলেটৰত চিকিৎসা প্ৰদান কৰি থকা হৈছিল কিশোৰটিক । স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে জনায় কিশোৰজনৰ মৃত্যুৰ বিষয়ে ৷ কেৰালা স্বাস্থ্য মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা ৷

Nipha Outbreak Kerala: Health Department releases 14-year-old Nipah Patient 'Route Map'
নিপাহ ভাইৰাছৰ সংক্ৰমণ: আক্ৰান্ত 14 বছৰীয়া কিশোৰ (প্ৰতিনিধিত্বমূলক ছবি)

নেশ্যনেল ডেস্ক, 21 জুলাই:নিপা ভাইৰাছৰ সংক্ৰমণে দেশত পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে । নিপা ভাইৰাছত আক্ৰান্ত হৈ কোঝিকোড মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে 14 বছৰীয়া এটি কিশোৰৰ ৷ দেওবাৰে পুৱা প্ৰায় 10.50 বজাত কিশোৰটিৰ আভ্যন্তৰীণ ৰক্তক্ষৰণৰ ফলত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে । উশাহ-নিশাহৰ সমস্যাত ভুগি শনিবাৰৰ পৰা ভেণ্টিলেটৰত আছিল কিশোৰটি ৷ দেওবাৰে স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে কিশোৰজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে ।

উল্লেখঅয যে, শনিবাৰে কেৰেলা স্বাস্থ্য মন্ত্ৰণালয়ে চিনাক্ত কৰিছে এগৰাকী কিশোৰৰ দেহত নিপা ভাইৰাছৰ উপস্থিতি ৷ 14 বছৰীয়া কিশোৰজন নিপা ভাইৰাছত আক্ৰান্ত হৈ মল্লপপুৰমত চিকিৎসাধীন হৈ আছিল বুলি জনায় ৰাজ্যখনৰ স্বাস্থ্য বিভাগে । 11 জুলাইৰ পৰা 15 জুলাইলৈকে ব্রাইট টিউচন চেণ্টাৰ পাণ্ডিকাড, ডাঃ বিজয়নৰ ক্লিনিক, পি কে এম হাস্পতাল পেডিয়াট্ৰিক অ’ পি, মৌলানা হাস্পতালৰ জৰুৰীকালীন আই চি ইউকে ধৰি একাধিক স্থানলৈ গৈছিল কিশোৰজনে ।

উল্লেখিত সময়ছোৱাত এই স্থানসমূহত উপস্থিত থকা ব্যক্তিসকলক তৎকালীনভাৱে নিয়ন্ত্ৰণ কক্ষৰ সৈতে 0483-2732010, 0482-2732050 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীয়ে ।

ইফালে, আক্ৰান্ত কিশোৰটিৰ চিকিৎসাৰ বাবে আজি অৰ্থাৎ 21 জুলাইৰ দিনা অষ্ট্ৰেলিয়াৰ পৰা ম’ন’ক্ল’নেল এণ্টিব’ডি নামৰ এক গুৰুত্বপূৰ্ণ ঔষধৰ চালান আহি পোৱাৰ কথা আছিল বুলি জনাইছিল সংশ্লিষ্ট স্বাস্থ্য বিভাগে । কোঝিকোড মেডিকেল কলেজেও এই ৰোগত অধিক লোক আক্ৰান্ত হ’ব বুলি আশংকা প্ৰকাশ কৰি 60 টা আইছ’লেশ্যন ৱাৰ্ড প্ৰস্তুত কৰিছে ।

ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে মালাপ্পুৰমত ভাইৰাছৰ বিৰুদ্ধে আৰম্ভ কৰা প্ৰতিৰক্ষা অভিযানৰ তদাৰক কৰিছে ।

পাণ্ডিকাড আৰু অনাক্কায়ম পঞ্চায়তত নিপা ভাইৰাছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য’ত ৰোগীৰ সংস্পৰ্শলৈ অহা 246 জন ব্যক্তিক চিনাক্ত কৰি নিৰীক্ষণত ৰখা হৈছে । আক্ৰান্ত 14 বছৰীয়া কিশোৰটিৰ সংস্পৰ্শলৈ আহি জ্বৰ হোৱা আন এটা শিশুক নিৰীক্ষণত ৰখা হৈছে । ইফালে কিশোৰটিৰ পিতৃ-মাতৃ, ককাকক আইছ’লেশ্যন ৱাৰ্ডত ৰখা হৈছে ।

পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে ৷ স্বাস্থ্য বিষয়াসকলে ভাইৰাছৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ বাবে সতৰ্কতা আৰু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে ।

লগতে পঢ়ক:Nipah Virus: সাৱধান! নিপাহ ভাইৰাছৰ নাই কোনো ঔষধ, শৰীৰত এনে লক্ষণ দেখা দিলে হওক সচেতন

সাৱধান ! শিশুৰ বাবে কালৰূপ ধাৰণ কৰিছে এই ভাইৰাছে - Chandipura Virus

দৰঙত JE আৰু JE সদৃশ ৰোগত আক্ৰান্ত বহু লোক : তৎপৰতা বৃদ্ধি স্বাস্থ্য বিভাগৰ - Japanese Encephalitis

Last Updated : Jul 21, 2024, 4:51 PM IST

ABOUT THE AUTHOR

...view details