অসম

assam

By ANI

Published : Aug 17, 2024, 11:24 AM IST

ETV Bharat / bharat

এৰী শিল্পৰ বাবে NEHHDC-লৈ জাৰ্মানীৰ অইকো-টেক্স প্ৰমাণ-পত্ৰ - Assam Eri Silk

Oeko Tex Certification for Eri Silk : পাট, মুগা আৰু এৰী হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক গৌৰৱ । এই তিনিবিধ সূতা আৰু ইয়াৰ পৰা প্ৰস্তুত কৰা বস্ত্ৰই বিশ্ব দৰবাৰত অঞ্চলটোৰ গৌৰৱক প্ৰতিনিধিত্ব কৰিছে । এইবাৰ আন এক মাইলৰ খুঁটি স্থাপন কৰিলে এৰী শিল্পই । উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমলৈ এৰীৰ বাবে এক সুকীয়া স্বীকৃতি প্ৰদান জাৰ্মানীৰ । ইয়াৰ দ্বাৰা ভোগোলিক সূচাংক লাভৰ দিশে এখোজ আগবাঢ়িল অসমৰ এৰী ।

Oeko Tex Certification for Eri Silk
এৰী শিল্পৰ বাবে NEHHDC-লৈ জাৰ্মানীৰ অইকো-টেক্স প্ৰমাণ-পত্ৰ (ANI Photo)

নিউজ ডেস্ক, ১৭ আগষ্ট :অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ এক গৌৰৱৰ খবৰ । অঞ্চলটোৰ এৰী শিল্পই লাভ কৰিছে এক অনন্য স্বীকৃতি । উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰণালয়ৰ (Ministry of Development of the North Eastern Region, DoNER) অধীনস্থ উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে (North Eastern Handicrafts and Handlooms Development Corporation, NEHHDC) এৰীৰ বাবে লাভ কৰিছে এক সন্মানীয় স্বীকৃতি । দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসত জাৰ্মানীৰ পৰা সন্মানীয় অইকো-টেক্স প্ৰমাণ-পত্ৰ (Oeko-Tex Certification) প্ৰদান কৰিছে বিভাগটোক ।

এই উল্লেখযোগ্য সাফল্যই কেৱল অঞ্চলটোৰ পৰম্পৰাগত কাৰুশিল্পক উন্নীত কৰাই নহয়, লগতে এৰী শিল্পক বিশ্বজনীন স্বীকৃতি আৰু এক বহনক্ষম বস্ত্ৰ হিচাপেও স্থান প্ৰদান কৰিছে ।

উল্লেখ্য যে এৰী পৃথিৱীৰ একমাত্ৰ নিৰামিষভোজী ৰেচম (vegan silk) হিচাপে প্ৰসিদ্ধ । ইয়াত আন ৰেচমৰ দৰে লেটাৰ ভিতৰত থকা পলুটো কটা নহয় । ইয়াৰ পৰিৱৰ্তে পলুটো স্বাভাৱিকভাৱে লেটাৰ পৰা ওলাই যায় আৰু ইয়াক আমাৰ ব্যৱহাৰৰ বাবে এৰি দিয়ে । এই নৈতিক আৰু পৰিৱেশ-অনুকূল প্ৰক্ৰিয়াই এৰী ৰেচমক আন ৰেচমৰ পৰা পৃথক কৰে, যাৰ ফলত ই বস্ত্ৰ উদ্যোগত সহানুভূতিশীল আৰু স্থিৰতাৰ প্ৰতীক হিচাপে পৰিগণিত হয় । ড'নাৰ মন্ত্ৰণালয়ে এই কথা উল্লেখ কৰে ।

আনহাতে, অইকো-টেক্স প্ৰমাণ-পত্ৰ হৈছে এক কঠোৰ মানক, যিয়ে নিশ্চিত কৰে যে বস্ত্ৰবোৰ ক্ষতিকাৰক পদাৰ্থৰ ঊৰ্ধ্বত আৰু ইয়াক পৰিৱেশ-অনুকূল পৰিস্থিতিত উৎপাদন কৰা হয় । যাৰ ফলত এৰীৰ বাবে এই গুৰুত্বপূৰ্ণ অনুমোদন জনোৱা হৈছে ।

ইফালে এই সাফল্য অৰ্জন কৰাৰ লগে লগে ইয়াৰ আঞ্চলিক গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ ভৌগোলিক সূচাংক (জি আই) সামগ্ৰী হিচাপে এৰীৰ স্বীকৃতি লাভৰ স্থিতি অধিক দৃঢ় কৰিছে । এই প্ৰমাণ-পত্ৰই এৰীক বিশ্বজনীন ৰপ্তানি বজাৰত প্ৰৱেশ কৰা, ইয়াৰ প্ৰসাৰ বৃদ্ধি কৰা আৰু এক শক্তিশালী আন্তঃৰাষ্ট্ৰীয় উপস্থিতি প্ৰতিষ্ঠা কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে ।

ইয়াৰ উপৰি এই স্বীকৃতিয়ে বহনক্ষম পদ্ধতি গ্ৰহণ কৰা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে এন ই এইচ এইচ ডি চিৰ প্ৰতিশ্ৰুতিকো প্ৰতিফলিত কৰিছে ।

উল্লেখ্য যে এই মাইলৰ খুঁটিত উপনীত হোৱাটোৱে এৰীৰ বাবে সম্ভাৱনাৰ এক নতুন দুৱাৰ মুকলি কৰিছে । ইয়াৰ দ্বাৰা আন্তৰ্জাতিক বজাৰত এক আগশাৰীৰ পৰিৱেশ-অনুকূল বস্ত্ৰ হিচাপে এৰীক প্ৰতিষ্ঠা কৰিছে । লগতে বিশ্বজনীন বস্ত্ৰ উদ্যোগত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ সম্ভাৱনাও প্ৰকট কৰিছে ।

লগতে পঢ়ক :অসমীয়া ছবিলৈ ৫ টাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ: জুৰীৰ বিশেষ সন্মান আজুৰিলে আইমী বৰুৱাই - National Film Awards 2022
লগতে পঢ়ক :অসমলৈ স্থায়ী শান্তি ঘূৰি আহক : বোমা স্থাপনৰ ঘটনাক লৈ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ দুখ প্ৰকাশ - ULFA I Bomb plans failed

ABOUT THE AUTHOR

...view details