বিজাপুৰ: ছত্তীশগড়ৰ বস্তৰ সংমণ্ডলৰ বিজাপুৰ জিলাত দেওবাৰৰ পুৱাৰে পৰা নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষৰ হয় ৷ এই সংঘৰ্ষত বৰ্তমান পৰ্যন্ত ৩১ জন ইউনিফৰ্ম পৰিহিত নক্সালবাদী নিহত হয় । ইফালে দুজন নিৰাপত্তা বাহিনীৰ জোৱান শ্বহীদ হোৱাৰ বিপৰীতে দুজন জোৱান গুৰুতৰভাৱে আহত হয় । এই সংঘৰ্ষ বৰ্তমানো অব্যাহত আছে ৷ ঘটনাস্থলীলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰা হৈছে । বাস্তাৰ আই জি সুন্দৰৰাজ পিয়ে নিশ্চিত কৰিছে এই তথ্য ।
এনকাউণ্টাৰত বহু নক্সালবাদীৰ মৃত্যু:বিজাপুৰ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হোৱা সংঘৰ্ষৰ বিষয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বস্তৰ আই জি সুন্দৰৰাজ পিয়ে । তেওঁ কয়, "বিজাপুৰত সংঘটিত হোৱা সংঘৰ্ষত জোৱানসকলে ৩১জন নক্সালক হত্যা কৰিছে । এই ঘটনাত দুজন জোৱান শ্বহীদ হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হয় । বিজাপুৰৰ ৰাষ্ট্ৰীয় উদ্যানত বৃহৎ সংখ্যক নক্সালবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল নিৰাপত্তা বাহিনীয়ে । এই তথ্যৰ ভিত্তিত ডি আৰ জি, এছ টি এফ আৰু বস্তৰ ফাইটাৰ জোৱানৰ এটা যৌথ দলক অভিযান আৰু তালাচীৰ বাবে ৰাষ্ট্ৰীয় উদ্যান অঞ্চললৈ প্ৰেৰণ কৰা হৈছিল ।"
নক্সালবাদীয়ে এম্বুছ কৰি গুলীচালনা কৰে: "ডি আৰ জি, এছ টি এফ আৰু বস্তৰ ফাইটাৰ জোৱানৰ যৌথ দলটো বিজাপুৰৰ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হোৱাৰ লগে লগে নক্সালবাদীয়ে গুলীচালনা আৰম্ভ কৰিলে । আক্ৰমণ তীব্ৰতৰ হোৱা দেখি জোৱানসকলেও স্থিতি ল’লে আৰু নিৰ্বিচাৰে নক্সালবাদীৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰিলে । এই আক্ৰমণত ৩১ জন নক্সালবাদী নিহত হয় । এই সংঘৰ্ষত আমাৰ দুজন জোৱান শ্বহীদ আৰু দুজন আহত হয় ।"
সংঘৰ্ষৰ পাছত জোৱানসকলে নিহত হোৱা ৩১জন ইউনিফৰ্ম পৰিহিত নক্সালবাদীৰ মৃতদেহ সেই স্থানৰ পৰা উদ্ধাৰ কৰে । আহত জোৱানকেইজনক বিমানযোগে ৰায়পুৰলৈ লৈ যোৱা হৈছে । দুয়োজনেই বৰ্তমান বিপদমুক্ত ৷ নিহত ৩১ জন নক্সালবাদীৰ মৃতদেহ চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে । এই অভিযান সম্পূর্ণ হোৱাৰ পাছত মাওবাদীৰ কোন কেডাৰ নিহত হৈছে সেয়া জানিব পৰা যাব ৷" সুন্দৰৰাজ পিয়ে কয় ৷
বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ: বস্তৰ আই জি সুন্দৰৰাজ পিয়ে কয়, "অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে সংঘৰ্ষ স্থানৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰে । ইয়াৰ ভিতৰত AK 47, SLR, INSAS ৰাইফল, .303, BGL লঞ্চাৰৰ লগতে বহু অস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হয় । অঞ্চলটোত এতিয়াও তালাচী অভিযান অব্যাহত আছে, অতিৰিক্ত বাহিনীক উক্ত স্থানলৈ প্ৰেৰণ কৰা হৈছে ৷"
মুখ্যমন্ত্ৰীয়ে জোৱানসকলক অভিনন্দন জনায়:মুখ্যমন্ত্রী বিষ্ণু দেও সাইয়ে বিজাপুৰ নক্সাল অভিযানৰ বাবে জোৱানসকলক অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত আমাৰ ৰাজ্য নক্সালবাদৰ পৰা মুক্ত হ’ব । এই দিশত নিৰাপত্তা বাহিনীয়ে নিৰন্তৰ সফলতা অৰ্জন কৰি লক্ষ্যৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে । দেশ আৰু ৰাজ্যত কেন্সাৰৰ দৰে নক্সালবাদৰ অন্ত পৰাটো নিশ্চিত । ধমতৰী ভ্ৰমণৰ সময়ত এই কথা কয় মুখ্যমন্ত্ৰী সাইয়ে । ধমতৰী নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতি জোৱানসকলৰ বীৰত্বক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।"