অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি দিয়া হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ - MANMOHAN SINGH PASSES AWAY

ৰাজঘাটৰ সমীপতে সম্পন্ন কৰা হ’ব ড৹ সিঙৰ শেষকৃত্য় ৷ শনিবাৰে পুৱা ৮:০০ বজাৰ পৰা ১০:০০ বজাৰ ভিতৰত ‘শেষ দৰ্শন’ অনুষ্ঠিত হ’ব ।

MANMOHAN SINGH PASSES AWAY
ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি দিয়া হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ (ANI)

By ANI

Published : Dec 27, 2024, 1:13 PM IST

নতুন দিল্লী: বৃহস্পতিবাৰে নিশা অলেখ গুণমুগ্ধক শোকসাগৰত পেলাই ইহ সংসাৰৰ পৰা বিদায় মাগিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰবীণ অৰ্থনীতিবিদ ড৹ মনমোহন সিঙে ৷ দিল্লীস্থিত বাসগৃহলৈ তেওঁৰ নশ্বৰদেহ লৈ অহাৰ পাচতেই ৰাষ্ট্ৰীয় পতাকা মেৰিয়াই দিয়া হয় কফিনটো । সূত্ৰ অনুসৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে সম্পন্ন কৰা হ’ব ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কন্যা মাজনিশাৰ পিছত ভাৰতত উপস্থিত হ’ব বুলি শুকুৰবাৰে কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰি কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃতদেহ জনসাধাৰণৰ দৰ্শনৰ বাবে দিল্লীৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত ৰখা হ’ব ।

দলৰ সূত্ৰই জনোৱা মতে, শনিবাৰে পুৱা ৮:০০ বজাৰ পৰা ১০:০০ বজাৰ ভিতৰত ‘শেষ দৰ্শন’ অনুষ্ঠিত হ’ব । ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীকে ধৰি সকলো নেতাই এআইচিচিৰ কাৰ্যালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু তাৰ পিছত ৰীতি-নীতি অনুসৰি শেষকৃত্য সম্পন্ন কৰা হ’ব ।

লগতে পঢ়ক:ড৹ চাহাবক নম্ৰতাৰ মূৰ্তি আখ্যা দি পুৰণা দিনৰ স্মৃতি ৰোমন্থন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

১৯৯১ চনত ভাৰতৰ বিত্তমন্ত্ৰী হিচাপে অৰ্থনৈতিক উদাৰীকৰণ সংস্কাৰ প্ৰৱৰ্তনৰ বাবে জনাজাত ড৹ সিঙৰ শেষকৃত্য় ৰাজঘাটৰ সমীপতে সম্পন্ন কৰা হ’ব ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কেইবাজনো ৰাজনীতিবিদ আৰু বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নিশা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে ভাৰতে এজন বিশিষ্ট নেতাক হেৰুৱালে ৷

বাৰ্ধক্যজনিত সমস্যাত ভুগি থকা ড৹ সিঙে বৃহস্পতিবাৰে নিশা দিল্লীৰ এইমছত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । ঘৰতে হঠাৎ তেওঁ অজ্ঞান হৈ পৰাত তেওঁক দিল্লী এইমছলৈ লৈ যোৱা হয় ।

লগতে পঢ়ক:প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ অন্তিম শ্ৰদ্ধাঞ্জলি; সিঙৰ বাসগৃহত মোদী

১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা মনমোহন সিঙে অৰ্থনীতিবিদ হোৱাৰ উপৰিও ১৯৮২-১৯৮৫ চনলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৪-২০১৪ চনলৈকে ভাৰতৰ ১৩ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ পিছত সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

পি ভি নৰসিংহ ৰাওৰ চৰকাৰত ভাৰতৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সিঙক ১৯৯১ চনত দেশৰ অৰ্থনৈতিক উদাৰীকৰণৰ কৃতিত্ব দিয়া হৈছে ।সংস্কাৰৰ ফলত ভাৰতীয় অৰ্থনীতি বিদেশী বিনিয়োগকাৰীৰ বাবে অধিক সুলভ হৈ পৰিছিল, যাৰ ফলত প্ৰত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধি পাইছিল আৰু চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস পাইছিল । ই দেশৰ অৰ্থনৈতিক বিকাশত যথেষ্ট অৰিহণা যোগাইছিল ।

মনমোহন সিঙৰ চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (এনৰেগা)ও প্ৰৱৰ্তন কৰে, যিটো আইন পিছলৈ এম জি এনৰেগা নামেৰে পৰিচিত হয় । মনমোহন সিং চৰকাৰৰ অধীনত ২০০৫ চনত তথ্যৰ অধিকাৰ আইন (আৰ টি আই) গৃহীত হৈছিল, যাৰ ফলত চৰকাৰ আৰু জনসাধাৰণৰ মাজত তথ্যৰ স্বচ্ছতা অধিক উন্নত হৈছিল । ৩৩ বছৰ কাৰ্যনিৰ্বাহ কৰি চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক:ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধক ড৹ মনমোহন সিঙৰ মৃত্যুত দেশজুৰি ৭ দিনীয়া শোক পালন

ABOUT THE AUTHOR

...view details