অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় মীন পালক দিৱস-২০২৪ : তাৎপৰ্য আৰু এই বৰ্ষৰ বিষয়বস্তু - NATIONAL FISH FARMERS DAY

Significance of fish farmers day :দেশৰ অৰ্থনীতিত মীন পালকৰ অৱদান যথেষ্ট ৷ মীন পালকসকলক স্বীকৃতি প্ৰদান কৰি নতুন প্ৰজন্মক জীৱিকাৰ বাট দেখুৱাৰ উদ্দেশ্যে প্ৰতিবছৰে ১০ জুলাইত পালন কৰা হয় ৰাষ্ট্ৰীয় মীনপালক দিৱস । এইবেলি সমগ্ৰ দেশৰ ৩০ টা ব্যতিক্ৰমী ষ্টাৰ্টআপৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ৷

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 11:57 PM IST

NATIONAL FISH FARMERS DAY
ৰাষ্ট্ৰীয় মীন পালক দিৱস (ETV Bharat)

প্ৰত্যেক বছৰৰ 10 জুলাইত পালন কৰা হয় মীনপালক দিৱস ৷ এই দিৱসৰ জৰিয়তে পেছাদাৰী আৰু আন আন মীনপালন পালকসকলক এক বহনক্ষম আৰু সমৃদ্ধ মীন পালনৰ বাবে উদগনি যোগোৱা হয় ৷ মীন পালকসকলৰ অৱদানক স্বীকৃতি আৰু প্ৰশংসা কৰাৰ হয় মীনপালন দিৱসৰ জৰিয়তে ৷

ৰাষ্ট্ৰীয় মীনপালক দিৱস- 2024ৰ বিষয়বস্তু : 10 জুলাইত মহাবলিপুৰমত ৰাষ্ট্ৰীয় মীনপালক দিৱস-2024 উদযাপন কৰা হ’ব ৷ উক্ত অনুষ্ঠানত সমগ্ৰ দেশৰ 30টা ব্যতিক্ৰমী ষ্টাৰ্টআপৰ দ্বাৰা প্ৰদৰ্শনী কৰা হ’ব ৷ য’ত দেশৰ সৰ্বশ্ৰেষ্ঠ ফিছাৰী উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ’ব ৷ ষ্টাৰ্টআপবোৰক তেওঁলোকৰ ব্যৱসায় আগুৱাই নিয়াত সহায় কৰিবলৈ কিউৰেটেড ছেছনৰো আয়োজন কৰা হ’ব ।

নীল বিপ্লৱ :

ভাৰত চৰকাৰে মীন পালন খণ্ড সামগ্ৰিকভাৱে উন্নত কৰাৰ লগতে নীল বিপ্লৱৰ জৰিয়তে এক অৰ্থনৈতিক উত্থান আৰু সমৃদ্ধি অনাৰ ক্ষেত্ৰত সদায় আগ ভাগ লৈ আহিছে ৷ ইয়াৰ জৰিয়তে উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধি, মানদণ্ড উন্নত কৰা, ঘৰুৱা মাছৰ ব্যৱহাৰ বৃদ্ধি আৰু ৰপ্তানি বাণিজ্য বৃদ্ধি কৰা, আৱৰ্জনা হ্ৰাস কৰাৰ পৰিকল্পনা কৰাৰ যাৰ ফলত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে স্ব-নিযুক্তিৰ সুযোগ সৃষ্টি হ’ব ৷ 2015 চনত পৰা ভাৰত চৰকাৰে 38,572 কোটি টকাৰ সামগ্ৰিক বিনিয়োগ ঘোষণা কৰে ৷ ২০১৬ চনত ৩,০০০ কোটি টকাৰ বিনিয়োগেৰে আৰম্ভ কৰা নীল বিপ্লৱ আঁচনিৰ অধীনত মীন পালনৰ সমন্বিত উন্নয়ন আৰু ব্যৱস্থাপনা উদ্যোগে মীন পালন খণ্ডক আগুৱাই নিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷

ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ ইতিহাস : মাছৰ পোনা উৎপাদনৰ এই বিশেষ সময়ে মীনপালনৰ ক্ষেত্ৰত এক বিশেষ পৰিৱৰ্তন আনিছে ৷ ইয়াৰ জৰিয়তে মীনপালকসকলে অধিক মাছ উৎপাদন কৰিব পাৰে ৷ এই দিৱসৰ জৰিয়তে মীনপালনৰ বাবে সকলো সুবিধা উপলব্ধ থকাটো নিশ্চিত কৰা হয় ৷

মীন পালনৰ গুৰুত্ব :

মীন পালন হৈছে নিয়ন্ত্ৰিত পৰিৱেশত মাছৰ প্ৰজনন আৰু ডাঙৰ কৰা প্ৰথা ৷ ই সাগৰীয় খাদ্যৰ বিশ্বব্যাপী চাহিদা পূৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ প্ৰ'টিন আৰু অত্যাৱশ্যকীয় পুষ্টিৰ এক নিৰ্ভৰযোগ্য উৎস প্ৰদান কৰে ৷ যিহেতু অত্যধিক মাছ ধৰা আৰু পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ ফলত বনৰীয়া মাছৰ পৰিমান কম হৈ আহিছে, সেয়ে বৰ্ধিত জনসংখ্যাৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে মীন পালন এক বহনক্ষম সমাধান হিচাপে চিহ্নিত হৈছে ৷

মাছ উৎপাদন : 2022-23 বৰ্ষৰ শীৰ্ষ 5 খন ৰাজ্য

অন্ধ্ৰ প্ৰদেশ হৈছে 2015-16 বৰ্ষৰ পৰা 2022-23 বৰ্ষলৈকে মাছ ধৰা আৰু মীন পালনৰ শীৰ্ষত থাকে ৷ সৰ্বভাৰতীয় উৎপাদনত ইয়াৰ অংশ 2011-12 বৰ্ষত 17.7 শতাংশৰ পৰা 2022-23 চনত প্ৰায় 40.9 শতাংশলৈ বৃদ্ধি হয় ৷

মাছ ধৰা আৰু মীন পালন :

মাছ ধৰা আৰু মীনপালনৰ উৎপাদন ২০১১-১২ বৰ্ষত প্ৰায় ৮০ হাজাৰ কোটিৰ পৰা ২০২২-২৩ বৰ্ষত প্ৰায় ১৯৫ হাজাৰ কোটিলৈ বৃদ্ধি পাইছে ৷

মীন পালনৰ ক্ষেত্ৰত চৰকাৰী পদক্ষেপ :

2024-25 বৰ্ষলৈ মাছ উৎপাদন 22 মিলিয়ন মেট্ৰিক টনৰ লক্ষ্য :

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ জৰিয়তে ২০২৪-২৫ বৰ্ষত মাছৰ উৎপাদন ২২ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । নতুন লক্ষ্য প্ৰাপ্ত কৰাৰ পিচত এই খণ্ডৰ জৰিয়তে 50 লাখৰো অধিক লোকৰ বাবে অতিৰিক্ত নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হ’ব । এই খণ্ডৰ সম্ভাৱনা দেখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ মে’ মাহত পাঁচ বছৰৰ বাবে ২০,০৫০ কোটি টকাৰ অধিক বাজেটেৰে এই আঁচনিখন আৰম্ভ কৰে ৷

পি এম এম এছ ৱাই আঁচনি :

ভাৰতত মীন পালন খণ্ডৰ বহনক্ষম আৰু দায়িত্বশীল বিকাশৰ জৰিয়তে নীল বিপ্লৱ অনাৰ এক আঁচনি ।

1) প্ৰধানমন্ত্ৰী মৎস্য সম্পদক 2020-21 বিত্তীয় বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষলৈ 5 বছৰৰ ভিতৰত কাৰ্যকৰী কৰিবলগা মুঠ 20,050 কোটি টকাৰ বিনিয়োগত অনুমোদন জনোৱা হৈছে ।

2) আঁচনিখনে মাছ উৎপাদন আৰু উৎপাদনশীলতা, মানদণ্ড, প্ৰযুক্তি, শস্য চপোৱাৰ পিচত আন্তঃগাঁথনি আৰু ব্যৱস্থাপনা, মূল্য শৃংখলাৰ আধুনিকীকৰণ আৰু শক্তিশালীকৰণ, অনুসৰণযোগ্যতা, এক শক্তিশালী মীন পালন ব্যৱস্থাপনাৰ পৰিকাঠামো স্থাপন আৰু মীন পালনৰ ক্ষেত্ৰত থকা আসোঁৱাহসমূহ দূৰ কৰিবলৈ বিচাৰে ৷

3) পি এম এম এছ ৱাইৰ অন্তৰ্গত দুখনকৈ আঁচনি আছে ৷ সেই দুখন আঁচনি হ’ল- (ক) কেন্দ্ৰীয় খণ্ডআঁচনি আৰু (খ) কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি ।

মৎস সেতু এপ :

২০২১ চনৰ ৬ জুলাইত কেন্দ্ৰীয় মীন পালন আৰু দুগ্ধ উৎপাদন বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিঙে মীন পালনসকলক শিক্ষিত কৰাৰ লক্ষ্যৰে ‘মৎস্য সেতু’ নামৰ এটা মোবাইল এপ মুকলি কৰে ৷ এই এপৰ জৰিয়তে মৎস পালকসকলে উন্নত পদ্ধতিৰ বিষয়ে জানিবলৈ সক্ষম হয় ৷ ফলত তেওঁলোকে উৎপাদনশীলতা বৃদ্ধি কৰি উপাৰ্জন বৃদ্ধি কৰাত সহায়ক হয় ৷ ভূৱনেশ্বৰৰ আই চি এ আৰ-চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফ্ৰেছ ৱাটাৰ একুৱাকালছাৰৰ দ্বাৰা বিকশিত এই এপটোৱে হায়দৰাবাদৰ ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ডৰ (এনএফডিবি) পৰা পুঁজিৰ সমৰ্থন লাভ কৰে ।

মীন পালনৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা :

মীন পালকসকল সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ লগত মোকাবিলা কৰাত প্ৰযুক্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ডিজিটেল সঁজুলি আৰু ডাটা বিশ্লেষণ ব্যৱহাৰ কৰিলে পানীৰ মানদণ্ড নিৰীক্ষণ কৰা, খাদ্যৰ সঠিক যোগান ধৰা আৰু মাছৰ আকাৰ অধিক কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে । স্বয়ংক্ৰিয় খাদ্য প্ৰণালী, নিৰীক্ষণৰ বাবে পানীৰ তলৰ ড্ৰোন আৰু পানীৰ তলত অনুসন্ধান কৰিবৰ বাবে ব্লকচেইনৰ দৰে উদ্ভাৱনে মীনপালন উদ্যোগলৈ বিপ্লৱ আনিছে ।

লগতে পঢ়ক:আন্তৰ্জাতিক সমবায় দিৱস; সকলোৰে বাবে এক উন্নত ভৱিষ্যত গঢ়াৰ বাবে সমবায়

লগতে পঢ়ক:ৰাষ্ট্ৰীয় চিকিৎসক দিৱস; ইয়াৰ গুৰুত্ব

লগতে পঢ়ক:বিশ্ব ঔদ্যোগিক ডিজাইন দিৱস : ইতিহাস আৰু তাৎপৰ্য

ABOUT THE AUTHOR

...view details