নিউজ ডেস্ক,৭ফেব্ৰুৱাৰী :মুম্বাই আৰক্ষীয়ে কুৱেইটৰ পৰা মুম্বাইলৈ অহা এখন নাৱৰ পৰা ৩ জন সন্দেহযুক্ত লোকক আটক কৰে । মুমাৰাম চৈত্ৰালী নামৰ নাও এখনে ৬ ফেব্ৰুৱাৰীৰ পুৱা ৭.৩০ বজাত গে'টৱে অৱ ইণ্ডিয়াৰ পৰা লাইট হাউছ এলেকালৈ এক নিয়মীয়া সামুদ্ৰিক পেট্ৰ'লিং কৰি আছিল । সেই সময়তে তেওঁলোকে চাংক ৰক অঞ্চলৰ চাচুন ডকত সন্দেহজনকভাৱে চলাচল কৰা এখন বেলেগ প্ৰকাৰৰ ভুৱা নাও প্ৰত্যক্ষ কৰে । য়েলো গে'ট আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক সৰলা ভাচাৱে এই কথা কয় ।
নাওখনৰ গতিবিধিৰ ওপৰত সন্দেহ হোৱাত তহলদাৰী দলে তৎক্ষণাৎ নাওখন ৰখাই দিয়ে আৰু নাওখনৰ বিষয়ে আৰু তাত থকা ব্যক্তিসকলৰ বিষয়ে সোধা-পোছা কৰে । নাওখনত মুঠ 3 জন ব্যক্তি আছিল । অনুসন্ধানৰ পিচত তেওঁলোকৰ নাম নিটচো ডিট্টো (31, মাছমৰীয়া), বিজয় বিনয় এণ্টনী (29) আৰু সহায়ন্তয়ী (29) বুলি জানিব পাৰে । আটাইকেইজন তামিলনাডুৰ বাসিন্দা ।
নাওখনে যিহেতু অনুজ্ঞাপত্ৰ অবিহনে ভাৰত সাগৰত প্ৰৱেশ কৰিছে আৰু ই কোলাবা আৰক্ষী থানাৰ অধীনস্থ এলেকাৰ ভিতৰত আছিল ৷ সেয়ে চৈত্ৰালী নাওখনত কৰ্তব্যৰত আৰক্ষী কনিষ্টবল থোৰাটে দক্ষিণ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰে আৰু সন্দেহজনক নাওখন আৰু তাত থকা ৩ জন লোকক কোলাবা আৰক্ষীৰ জিম্মাত দিয়ে । কোলাবা আৰক্ষী থানাত নাওখনৰ সন্দৰ্ভত অধিক অনুসন্ধান চলি আছে ।
আৰক্ষী পৰিদৰ্শক সাৱন্ত, সহকাৰী আৰক্ষী পৰিদৰ্শক মাদানে, য়েলো গে'ট আৰক্ষী থানাৰ আৰক্ষী উপ-পৰিদৰ্শক গাইকাৰে চলোৱা প্ৰাথমিক তদন্তত নাওখনত অহা তিনিওজন ব্যক্তি ভাৰতীয় নাগৰিক আৰু তামিলনাডুৰ বাসিন্দা বুলি প্ৰকাশ পায় ।