অসম

assam

হিট এণ্ড ৰাণ : বিলাসী বি এম ডব্লিউৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ, শিৱসেনাৰ নেতা আটক - Mumbai hit and run case

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 8:21 PM IST

Hit and run Case : পোহৰলৈ আহিছে আন এক হিট এণ্ড ৰাণৰ ঘটনা। দেওবাৰে মুম্বাইৰ ৱৰ্লি অঞ্চলত এখন বি এম ডব্লিউ গাড়ীয়ে এটা দম্পতীক খুন্দিয়াই পলায়ন কৰে । এই গোচৰত আৰক্ষীয়ে শিৱসেনাৰ নেতা ৰাজেশ শ্বাহক আটক কৰিছে। পলাতক অভিযুক্তৰ সন্ধানত ব্যস্ত মুম্বাই আৰক্ষী।

MUMBAI HIT AND RUN CASE
বি এম ডব্লিউৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ (ETV Bharat Maharashtra Desk)

নেশ্যনেল ডেস্ক, 7 জুলাই : মুম্বাইত ক্ৰমে বৃদ্ধি পাইছে হিট এণ্ড ৰাণৰ ঘটনা ৷ দেওবাৰে পুনৰ ৱৰ্লি অঞ্চলত হিট এণ্ড ৰাণৰ এক ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে এখন বিলাসী বি এম ডব্লিউ গাড়ীয়ে এটা মাছমৰীয়া দম্পতীক খুন্দা মাৰি পলায়ন কৰে ৷ বিলাসী গাড়ীখনে ইমান তীব্ৰভাৱে খুন্দা মাৰে যে মহিলাগৰাকী গাড়ীৰ বনেটত বাগৰি পৰে ৷ এই ঘটনাৰ পিচতো চালকে গাড়ীখন নৰখাই বুলি অভিযোগ উঠিছে ৷ জানিব পৰা মতে খুন্দা মৰাৰ পিচতো মহিলাগৰাকীক প্ৰায় 100 মিটাৰ চোচঁৰাই লৈ যায় গাড়ীখনে ৷ এই দুৰ্ঘটনাত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ স্বামী গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ৷ এই গোচৰত মুম্বাই আৰক্ষীয়ে শিৱসেনাৰ নেতা ৰাজেশ শ্বাহক আটক কৰে ৷ অভিযুক্ত মিহিৰ শ্বাহ আৰু গাড়ী চালক এতিয়াও পলাতক হৈ আছে ৷

কিছুদিন পূৰ্বে সংঘটিত হোৱা পোৰ্চে হিট এণ্ড ৰাণ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল৷ ইয়াৰ পিচত এনে ঘটনা হ্ৰাস হ'ব বুলি আশা কৰা হৈছিল যদিও পুনৰ এনে ঘটনা পোহৰলৈ আহিছে৷ ৰাজ্যখনৰ বহু ঠাইত হিট এণ্ড ৰাণ ঘটনা সংঘটিত হৈছে ৷ দেওবাৰেও মুম্বাইত ৱৰ্লি হিট এণ্ড ৰাণৰ ঘটনা পোহৰলৈ অহাৰ পিচত মুম্বাই কঁপি উঠিছে ৷

এই ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ী চালক ঘটনাস্থলীৰ পৰা পলাই যায় আৰু আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলাই আছে ৷ এই ঘটনা ৱৰ্লি অঞ্চলৰ বিখ্যাত এট্ৰিয়া মলৰ ওচৰত পুৱাৰ ভাত সংঘটিত হয় ৷ স্বামী আৰু পত্নী ক্ৰমে প্ৰদীপ নাখৱা আৰু কাবেৰী নাখৱা (45) তেওঁলোকৰ স্কুটীত মাছ ধৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল ৷ দম্পতীটো ৱৰ্লি কলিৱাড়া অঞ্চলত বাস কৰে ৷

মাছ ধৰি উভতি অহাৰ সময়ত, তেওঁলোকৰ স্কুটীখন এখন বি এম ডব্লিউ গাড়ীয়ে খুন্দা মাৰে ৷ স্কুটীত বৃহৎ পৰিমাণৰ মাছ আৰু সামগ্ৰী কঢ়িয়াই অনা নাখৱা দম্পতীয়ে স্কুটীৰ নিয়ন্ত্ৰণ হেৰুৱাই দুয়ো গাড়ীৰ বনেটত পৰি যায় ৷ মহিলাগৰাকীৰ স্বামী কেনেবাকৈ বনেটৰ পৰা তললৈ বাগৰি পৰে কিন্তু মহিলাগৰাকী তাতেই আৱদ্ধ হৈ পৰে ৷ জানিব পৰা মতে মহিলাগৰাকীয়ে চিঞৰি আছিল আৰু চালকজনে গাড়ীখন লৈ পলায়ন কৰিছিল ৷ ফলত মহিলাগৰাকী প্ৰায় 100 মিটাৰ দূৰত বাগৰি পৰে ৷

লগতে পঢ়ক :হিট্ এণ্ড ৰাণ: নাবালকৰ গাড়ীৰ খুন্দাত নিহত প্ৰেমিক-প্ৰেমিকা; ৰাজ্যৰ ৰাজনীতি গৰম কৰিছে এই দুঘৰ্টনাই - Pune Porsche Accident

দুৰ্ঘটনাত স্বামীৰ ৰক্ষা পৰে যদিও তেওঁৰ পত্নী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ মহিলাগৰাকীক মুম্বাই চেণ্ট্ৰেলৰ নায়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ অৱশ্যে তেতিয়ালৈ বহু পলম হৈ যায় আৰু চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে ৷ ৱৰ্লি আৰক্ষীয়ে বিষয়টো অধিক অনুসন্ধান কৰি আছে ৷ বি এম ডব্লিউ গাড়ীখনৰ চালকৰ সন্ধানত তীব্ৰ অনুসন্ধান আৰম্ভ কৰা হৈছে ৷

উল্লেখ্য যে, যোৱা কেইদিনমানত মহাৰাষ্ট্ৰত বৃহৎ পৰিমাণে হিট এণ্ড ৰাণৰ ঘটনা সংঘটিত হৈ আহিছে ৷ পুনে, জলগাঁও, বুলধানা আৰু ৰাজ্যখনৰ অন্যান্য চহৰতো একে ধৰণৰ ঘটনা সংঘটিত হৈছে ৷ আনকি পথচাৰীসকলে হাতৰ মুঠিত জীৱন লৈ ৰাস্তাত খোজ কাঢ়িব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

এই ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আদিত্য থাকৰেই ৷ এতিয়া এই বিষয়টো সন্দৰ্ভত ৰাজনৈতিক অভিযোগ আৰু প্ৰতি অভিযোগ আৰম্ভ হৈছে ৷ এই ঘটনাৰ পিচত ৰাজনৈতিক নেতাসকলে ভুক্তভোগী পৰিয়ালক সাক্ষাৎ অব্যাহত ৰাখিছে ৷

ৱৰ্লি বিধান সভা সমষ্টিৰ বিধায়ক আদিত্য থাকৰেই ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰে ৷ এই সময়ত আদিত্য থাকৰেই সংবাদ মাধ্যমৰ আগত কয়, ‘এই ঘটনা অতি গুৰুতৰ ৷ আৰক্ষীয়ে অভিযুক্তক আটক তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব লাগে ৷ এই ক্ষেত্ৰত কোনো ৰাজনৈতিক হস্তক্ষেপ নোহোৱাকৈ আৰক্ষীয়ে নিৰপেক্ষ তদন্ত চলাব লাগে ৷ কোনেও উচ্চপদস্থ বিষয়াক ফোন কৰিব নালাগে ৷ এই ঘটনাক লৈ আমি ৰাজনীতি কৰা নাই ৷"

এই চৰকাৰে অন্যায়ৰ বলি হোৱা সকলক ন্যায় প্ৰদান কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী একনাথ সিন্দেই ৷ শিৱসেনাৰ কৰ্মী হ'লেও ব্যৱস্থা লোৱা হ'ব বুলি কয় তেওঁ ৷ সিন্দেই কয় যে আইনৰ আগত সকলো সমান ৷ গতিকে এই ঘটনাত দোষীক সুকীয়াকৈ ন্যায় প্ৰদান কৰা নহ’ব ৷ যি হ’ব সেয়া আইনগতভাৱে কৰা হ’ব ৷ কাকো ৰেহাই দিয়া নহ’ব ৷ লগতে ৱৰ্লিৰ হিট এণ্ড ৰাণ কাণ্ডটো অতি দুৰ্ভাগ্যজনক আৰু দুখজনক বুলি আখ্যা দিয়ে তেওঁ ৷

লগতে পঢ়ক :হিট্ এণ্ড ৰাণ : যোৰহাটৰ শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে - HIT AND RUN CASE

ABOUT THE AUTHOR

...view details