দেৱাছ : মধ্য প্ৰদেশৰ দেৱাছ জিলাত ভয়ংকৰ ঘটনা । ৰেফ্ৰিজেৰেটৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ । প্ৰেমিকে হত্যা কৰি মহিলাগৰাকীৰ মৃতদেহ ৰেফ্ৰিজেৰেটৰত ভৰাই থোৱাৰ অভিযোগ উঠিছে । তেওঁলোকে দুয়ো ঘৰটোত লিভ ইন ৰিলেশ্যনত আছিল ।
এগৰাকী আৰক্ষী বিষয়াই কয় যে ভুক্তভোগী মহিলাগৰাকীয়ে বিয়াৰ বাবে হেঁচা দিয়াৰ পিছতে অভিযুক্তই ডিঙি চেপি হত্যা কৰিছিল । মৃতদেহটো বি এন পি (বেংক নোট প্ৰেছ) আৰক্ষী থানাৰ অন্তৰ্গত বৃন্দাবন ধাম কলনীত থকা এটা ঘৰত পোৱা গৈছে ।
ভাড়াতীয়াই উদ্ধাৰ কৰে মৃতদেহটো
আৰক্ষীয়ে জনোৱা মতে ঘৰটোৰ বৰ্তমানৰ ভাড়াতীয়াই এটা বন্ধ কোঠা পৰিষ্কাৰ কৰিবলৈ লৈছিল আৰু তেতিয়াই তাত থকা ৰেফ্ৰিজেৰেটৰত মৃতদেহটো উদ্ধাৰ কৰে । আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে । ইফালে উজ্জয়িনী জিলাৰ বাসিন্দা অভিযুক্ত সঞ্জয় পাতিদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
ঘটনাটো সন্দৰ্ভত আৰক্ষী অধীক্ষক পুনীত গেহলটে কয় যে তেওঁলোকে বৃন্দাবন ধাম কলনীৰ এটা ঘৰত ৰেফ্ৰিজেৰেটৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰিছে । খবৰ পোৱাৰ পিছতে আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হয় । তেওঁ কয় যে ঘৰটো ধীৰেন্দ্ৰ শ্ৰীবাস্তৱ নামৰ এজন লোকৰ । তেওঁ বৰ্তমান ইন্দোৰত বাস কৰে আৰু তেওঁ ইয়াক বলবীৰ ৰাজপুত নামৰ এজন ব্যক্তিক ভাড়াত দিছিল ।
আৰক্ষী অধীক্ষকৰ মতে ৰাজপুতে দীৰ্ঘদিন ধৰি ঘৰটোত বাস কৰি আছে । ঘৰটোৰ দুটা কোঠা পূৰ্বৰ ভাড়াতীয়াই বন্ধ কৰি থৈছিল । বলবীৰ ৰাজপুতে সেই কোঠাবোৰ পৰিষ্কাৰ কৰিবলৈ খুলিছিল । শুকুৰবাৰে পুৱা যেতিয়া তেওঁ ৰেফ্ৰিজেৰেটৰটো খুলিছিল তেওঁ তাত মহিলাগৰাকীৰ মৃতদেহটো দেখিছিল । ৰাজপুতে লগে লগে আৰক্ষীক অৱগত কৰে বুলি আৰক্ষী অধীক্ষকে জনায় ।
গেহলটে কয়,"আৰক্ষীয়ে চুবুৰীয়াসকলক সোধা-পোছা কৰাৰ লগে লগে তেওঁলোকে জানিব পাৰিলে যে ৰাজপুতৰ পূৰ্বে উজ্জয়িনীৰ বাসিন্দা সঞ্জয় পাতিদাৰ নামৰ এজন ব্যক্তিয়ে ঘৰটো ভাড়ালৈ লৈছিল । মহিলাগৰাকীয়ে পাতিদাৰৰ লগত ঘৰটোত বাস কৰিছিল । চুবুৰীয়াৰ মতে ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা কোনেও সেই মহিলাগৰাকীক দেখা নাছিল । সঞ্জয় পাতিদাৰে তেতিয়া চুবুৰীয়াক কৈছিল যে মহিলাগৰাকী তেওঁৰ মাকৰ ঘৰলৈ গৈছিল ।"