নেশ্যনেল ডেস্ক, 30 এপ্ৰিল :বিমান বন্দৰত বোমাৰ আতংক ৷মধ্যপ্ৰদেশৰ ভূপালৰ ৰাজা ভোজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ নাম উল্লেখ নকৰাকৈ বোমাৰ ভাবুকি ভৰা ই-মেইল প্ৰেৰণ কৰিছে বুলি বুলি আৰক্ষীয়ে জনায় ৷আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোত বোমাতংকৰ বিষয়ে সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
এই ভাবুকি ভৰা ই-মেইলৰ পাচতে বিমানবন্দৰৰ মুখ্য নিৰাপত্তা বিষয়া বিশাল কুমাৰ শৰ্মাই এক অভিযোগ দাখিল কৰে গান্ধী নগৰ থানাত ৷ এই অভিযোগৰ ভিত্তিত গান্ধী নগৰ থানাত এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।
আৰক্ষী উপ আয়ুক্ত (ডিচিপি, জ’ন ৪) সুন্দৰ সিং কানেশে সংবাদ সংস্থা এএনআইক ফোনযোগে কয়, "বিমানবন্দৰ কৰ্তৃপক্ষই অভিযোগ দাখিল কৰিছে যে তেওঁলোকে বোমাৰ ভাবুকি তথা বিমানবন্দৰটো বিস্ফোৰণত উৰুৱাই দিয়াৰ এক ই-মেইল লাভ কৰিছে । ই-মেইলটোত লগতে উল্লেখ কৰা হৈছে যে বিমানখনত বোমা ৰখা হৈছে, যাৰ ফলত বিমানবন্দৰটো বিস্ফোৰিত কৰাৰ ভাবুকি আহিছে ।"