নতুন দিল্লী : বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই শুকুৰবাৰে নতুন দিল্লীত গ্ৰেনাডাৰ নৱ-নিযুক্ত ভাৰতস্থিত প্ৰথমগৰাকী প্ৰবাসী উচ্চায়ুক্ত গীতা কিশোৰকুমাৰ পাছুপুলেটিক সাক্ষাৎ কৰে । দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰে ।
X ৰ এটা পোষ্টত মন্ত্ৰী মাৰ্ঘেৰিটাই কয়, "গ্ৰেনাডাৰ নৱ-নিযুক্ত ভাৰতস্থিত প্ৰথমগৰাকী প্ৰবাসী উচ্চায়ুক্ত মহামহিম গীতা কিশোৰকুমাৰ পাছুপুলেটিক সাক্ষাৎ কৰি আনন্দিত হৈছো । আমাৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী আৰু আগুৱাই নিয়াৰ সন্গৰ্ভত আমি আলোচনা কৰো ।"
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (Ministry of External Affairs চমুকৈ MEA) প্ৰেছ বিবৃতি অনুসৰি,
ভাৰত আৰু গ্ৰেনাডাৰ সম্পৰ্ক ১৮৫৭ চনৰ ১ মে’ৰ পৰাই আৰম্ভ হৈছিল, যেতিয়া প্ৰথমখন জাহাজ ‘মেডষ্টোন’ গ্ৰেনাডাৰ পাৰত ২৮৭ জন ভাৰতীয় ইনডেঞ্চাৰ্ড শ্ৰমিকক লৈ উপস্থিত হৈছিল, যিখন সেই সময়ত ব্ৰিটিছ উপনিবেশ আছিল আৰু যিয়ে ১৯৭৪ চনত স্বাধীনতা লাভ কৰিছিল । ১৮৫৭ চনৰ পৰা ১৮৮৫ চনৰ ভিতৰত মুঠ ৩২০০ ভাৰতীয় গ্ৰেনাডাত উপস্থিত হয় । ১৮৯০ চনত চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছত মুঠ ৩০২ জন ভাৰতীয়ই ভাৰতলৈ উভতি যাবলৈ বাছি লৈছিল । বাকীসকলে গ্ৰেনাডাত থাকি সমাজত যোগদান কৰে ।