মোহালি :পঞ্জাবৰ মোহালিত ভয়ংকৰ দুৰ্ঘটনা । শনিবাৰে হঠাৎ খহি পৰিল এটা কেইবামহলীয়া অট্টালিকা । নিৰ্মীয়মান অট্টালিকাটো খহি পৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ইফালে কেইবাগৰাকী লোক অট্টালিকাৰ ধ্বংসস্তূপ আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে । দেওবাৰে পুৱালৈ ধ্বংসাৱশেষৰ পৰা ২ টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।
শনিবাৰে দৃষ্টি বাৰ্মা নামৰ এগৰাকী মহিলাক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হৈছিল যদিও পিছত তেওঁৰ মৃত্যু হয় । ইফালে দেওবাৰে পুনৰ এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।
- অট্টালিকাৰ মালিকৰ বিৰুদ্ধে গোচৰ
জানিব পৰা মতে বহুমহলীয়া নিৰ্মীয়মান অট্টালিকাটো খহি পৰা স্থানত উদ্ধাৰ অভিযান অব্যাহত আছে । দেওবাৰেও পুৱাৰে পৰা ভাৰতীয় সেনা আৰু এনডিআৰএফৰ কৰ্মীসকলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে এজাহাৰো পঞ্জীয়ন কৰিছে । অট্টালিকাটোৰ মালিকৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে ।
পঞ্জাবৰ মোহালিত ভয়ংকৰ দুৰ্ঘটনা (ANI) ঘটনা সন্দৰ্ভত ডিএছপি হৰচিমৰণ সিং বালে কয়, "ক্লিয়াৰেন্স অপাৰেচন চলি আছে । আমি ভৱনটোৰ মালিকসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছো ।"
- মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । নিৰ্মীয়মান অট্টালিকাটো খহি পৰাৰ আঁৰত থকা দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ আশ্বাস প্ৰদান কৰিছে । Xৰ এটা পোষ্টত মুখ্যমন্ত্ৰী মানে কয়, "চাহিবজাদা অজিত সিং নগৰৰ (মোহালি) সোহানাৰ ওচৰত এটা বহুমহলীয়া অট্টালিকা খহি পৰাৰ দুখজনক খবৰ পাইছো । ঘটনাস্থলীত প্ৰশাসন আৰু অন্যান্য উদ্ধাৰ অভিযানকাৰী দল মোতায়েন কৰা হৈছে । মই প্ৰশাসনৰ সৈতে নিৰন্তৰ যোগাযোগত আছো । আমি প্ৰাৰ্থনা কৰো যাতে কোনো প্ৰাণ হানি নহয়, অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব । লোকসকলক প্ৰশাসনৰ সৈতে সহযোগিতা কৰিবলৈ অনুৰোধ কৰা হৈছে ।"
ভাৰতীয় সেনাই এনডিআৰএফ আৰু ৰাজ্যিক উদ্ধাৰকাৰী দলৰ সৈতে নিৰন্তৰভাৱে কাম কৰি আছে । Xৰ এটা পোষ্টত ভাৰতীয় সেনাই কয়, "ভাৰতীয় সেনাই ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলাইছে । সমন্বিত প্ৰচেষ্টাৰ এক উল্লেখযোগ্য প্ৰদৰ্শনত এনডিআৰএফ আৰু ৰাজ্যিক উদ্ধাৰকাৰী দলৰ সৈতে ভাৰতীয় সেনাৰ দলে নিৰন্তৰভাৱে কাম কৰি আছে । ধ্বংসাৱশেষ চাফা কৰা মেচিন আৰু এস্কেভেটৰৰ সৈতে অভিযন্তা টাস্ক ফ'ৰ্চ স্থানটোত কাৰ্যক্ষম হৈ আছে ।"
লগতে পঢ়ক :ত্ৰিপুৰাৰ ৯৯% তকৈ অধিক গাঁৱত বেংকিঙৰ সুবিধা আছে : ড৹ মাণিক সাহা - TRIPURA CM