নেশ্যনেল ডেস্ক, 26 জুলাই:আৰক্ষী তথা প্ৰশাসন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যিমানেই কঠোৰ নহওক কিয়, দেশ তথা ৰাজ্যত বৰ্তমানো অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ বিভিন্ন কৌশল অৱলম্বন কৰি একাংশ ড্ৰাগছ সৰবৰাহকাৰী তথা চক্ৰই প্ৰতিদিনেই সৰবৰাহ অব্যাহত ৰাখিছে মাৰাত্মক ড্ৰাগছৰ । আৰক্ষী তথা প্ৰশাসনে কৰায়ত্ত কৰাৰ পাচতো এনে ঘটনাৰ সৈতে জড়িতক ইতিমধ্যে কঠোৰ শাস্তিও প্ৰদান কৰা হৈছে যদিও কঠোৰ শাস্তিৰ ভয়ে এতিয়াও নাকী লগাব পৰা নাই একাংশ ড্ৰাগছ সৰবৰাহকাৰীক !
বুধবাৰে মিজোৰাম আৰক্ষীয়ে 42.38 কোটিৰো অধিক মূল্যৰ 14.082 কিলোগ্ৰাম মেথামফেটামাইন আৰু 2.804 কিলোগ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে । মিজোৰাম আৰক্ষীয়ে জনোৱা মতে, চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই মিজোৰাম আৰক্ষীৰ (চি আই ডি ক্ৰাইম)ৰ এটা দলে বিশেষ নিচাযুক্ত দ্ৰব্যভৰ্তি এখন বাহন বুধবাৰে খাওজাউল জিলাৰ দুলতে গাঁৱৰ উপকণ্ঠ অঞ্চলত জব্দ কৰে ।