অসম

assam

ETV Bharat / bharat

উৎসৱৰ বতৰত ভুলতো টিকট নকটাকৈ ৰে’লত নুঠিব, সাৰি নাযাব আৰক্ষীৰ লোকো - Railway ticket Checking drive - RAILWAY TICKET CHECKING DRIVE

Indian railway: উৎসৱৰ সময়ত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল মন্ত্ৰালয়ে বিশেষ টিকট পৰীক্ষা অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে । ১৭ টা জ’নৰ জেনেৰেল মেনেজাৰসকলক টিকট অবিহনে যাত্ৰা কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে । আৰক্ষীৰ লোকো এই তদন্তৰ আওতালৈ আহিব ।

Indian railway
উৎসৱৰ বতৰত ভুলটো টিকট নকটাকৈ নুঠিব ৰে’লত (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 10:46 PM IST

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ: উৎসৱৰ সময়ত টিকট অবিহনে ৰে’ল যাত্ৰা কৰা লোকসকল এতিয়া সাৱধান হওক ৷ কাৰণ এইসকল লোকক শিক্ষা দিয়াৰ বাবে ৰে’ল মন্ত্ৰালয়ে বিশেষ টিকট পৰীক্ষা অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ অধীনলৈ আহিব আৰক্ষীও ।

বিষয়াসকলে জনোৱা মতে, ২০ ছেপ্টেম্বৰত মন্ত্ৰালয়ে ১৭ টা জ’নৰ জেনেৰেল মেনেজাৰলৈ পত্ৰ লিখি ১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰ আৰু ২৫ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ টিকটবিহীন আৰু অকৰ্তৃত্বশীল যাত্ৰীৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ কৰি ৰে’ল আইন ১৯৮৯ ৰ বিধান অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিছে । মন্ত্ৰালয়ে ৰে’লৱে জ’নসমূহক জ্যেষ্ঠ পৰ্যায়ৰ বিষয়াক মনোনীত কৰি এই অভিযানসমূহ সংমণ্ডল আৰু মণ্ডল পৰ্যায়ত নিৰীক্ষণ কৰিবলৈ কয় ।

ৰে’ল বিভাগত চলি থকা নিয়মীয়া পৰীক্ষা অভিযানৰ অংশ হিচাপে থকা ৰে’লৱে বাণিজ্যিক বিষয়াসকলে কয় যে উৎসৱৰ সময়ত সাধাৰণ মানুহৰ লগতে আৰক্ষীৰ লোকো তেওঁলোকৰ নিৰীক্ষণত থাকিব ৷ কাৰণ তেওঁলোকেহে ৰে’লৱেৰ নিয়ম আটাইতকৈ বেছি উলংঘা কৰে ।

ৰে’লৱে’ৰ এজন বিষয়াই কয়, "শেহতীয়াকৈ গাজিয়াবাদ আৰু কাণপুৰৰ মাজত চলোৱা অভিযানত আমি বিভিন্ন এক্সপ্ৰেছ আৰু মেইল ​​ট্ৰেইনৰ এ চি দবাত টিকটবিহীনভাৱে যাত্ৰা কৰা শ শ আৰক্ষীক দেখিবলৈ পালো । আমি তেতিয়া তেওঁলোকক জৰিমনা বিহিলো, প্ৰথম অৱস্থাত তেওঁলোকে ধন দিবলৈ অস্বীকাৰ কৰে আৰু আমাক ভয়াৱহ পৰিণতিৰ ভাবুকি দিয়ে ।"

তেওঁ আৰু কয়, ‘‘আমি তেওঁলোকৰ ভাবুকিৰ প্ৰতি ভয় কৰা নাছিলো আৰু তেওঁলোকক জৰিমনা ভৰিবলৈ বাধ্য কৰিছিলো । ৰে’লত যাত্ৰা কৰা লোকসকলৰ প্ৰতিক্ৰিয়া অতি উৎসাহজনক আছিল, কাৰণ আৰক্ষীৰ বিৰুদ্ধে এই কাৰ্যকলাপ দেখি তেওঁলোক অতিশয় আনন্দিত হৈছিল ।’’

নৰ্থ চেণ্ট্ৰেল ৰে’লৱে জ’নৰ টিকট পৰীক্ষাকাৰী বিষয়াসকলে কয় যে তেওঁলোকে বৈধ টিকট থকা যাত্ৰীসকলক অশান্তিৰ সৃষ্টি কৰাৰ বাবে আৰক্ষী আৰু অন্যান্য অকৰ্তৃত্বশীল যাত্ৰীসকলৰ ওপৰত গুৰুত্ব দিব বিচাৰে ।

প্ৰয়াগৰাজ সংমণ্ডলত তিনি মাহত ১,১৭,৬৩৩ জন যাত্ৰীক জৰিমনা

শেহতীয়াকৈ টিকট অবিহনে যাত্ৰা কৰি ধৰা পৰা আৰক্ষীৰ সংখ্যা সন্দৰ্ভত সোধাত প্ৰয়াগৰাজ সংমণ্ডলৰ এগৰাকী ৰে’লৱে মুখপাত্ৰই কয়, "আমি আৰক্ষীৰ পৃথক তথ্য প্ৰস্তুত কৰিছোঁ ৷ যোৱা তিনিমাহত অৰ্থাৎ জুন, জুলাই আৰু আগষ্টত উত্তৰ মধ্য ৰে’লৱে মণ্ডলৰ অন্তৰ্গত প্ৰয়াগৰাজ সংমণ্ডলত টিকট অবিহনে যাত্ৰা কৰাৰ বাবে ১,১৭,৬৩৩ জন যাত্ৰীৰ ওপৰত ৯ কোটি ১৪ লাখ ৫৮ হাজাৰ ১৭১ টকা আৰোপ কৰা হয় ।"

আৰক্ষীয়েই আটাইতকৈ ডাঙৰ সমস্যা

ৰে’লৰ টিকট পৰীক্ষকসকলেও বিশ্বাস কৰে যে ৰে’লত যাত্ৰীসকলৰ বাবে আৰক্ষীয়েই আটাইতকৈ ডাঙৰ অসুবিধা, কাৰণ তেওঁলোকে কেৱল টিকট অবিহনে যাত্ৰা কৰি আইন ভংগ কৰাই নহয়, বৈধ যাত্ৰীৰ আসনত বলপূৰ্বকভাৱে বহি হাৰাশাস্তি কৰে । লগতে ৰে’ল কৰ্মচাৰীয়ে ব্যৱস্থা ল’ব খুজিলে ভাবুকি দিয়ে । ভাৰতীয় ৰে’লৱে টিকট পৰীক্ষা কৰ্মচাৰী সংস্থাৰ সভাপতি সঞ্জয় সিঙে কয় যে টিকট অবিহনে যাত্ৰা কৰা আৰক্ষীৰ সৈতে মোকাবিলা কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান ৷ কাৰণ তেওঁলোকে আমাৰ লগত কেৱল বেয়া আচৰণ কৰাই নহয়, আমাক হাৰাশাস্তি কৰিবলৈ প্ৰায়ে ভুৱা গোচৰো দাখিল কৰে ।

সংশ্লিষ্ট বিভাগসমূহে এনে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক

সিঙে কয়, "শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত কেইবাটাও ভিডিঅ' ভাইৰেল হৈছে, য'ত আৰক্ষীৰ লোকে বৈধ টিকট দেখুৱাবলৈ কোৱাৰ সময়ত ৰে'লৱে কৰ্মচাৰী, টিটিই আৰু সাধাৰণ যাত্ৰীৰ সৈতে কাজিয়া কৰা দেখা যায় । সংশ্লিষ্ট আৰক্ষী বিভাগক অনুৰোধ জনাইছো যে এনে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ তেওঁলোকে নাগৰিকৰ মাজত আৰক্ষীৰ ভাবমূৰ্তি কলংকিত কৰাই নহয়, যাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি কৰে ৷”

২২৩১.৭৪ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই আৰ টি আইৰ অধীনত প্ৰদান কৰা তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰে’ল বিভাগৰ বিষয়াসকলে টিকট অবিহনে বা অনুচিত টিকট লৈ যাত্ৰা কৰা ৩৬১.০৪৫ লাখ যাত্ৰীৰ পৰা ২২৩১.৭৪ কোটি টকাৰ জৰিমনা সংগ্ৰহ কৰে ।

লগতে পঢ়ক:উৎসৱৰ বতৰত বিশেষ ৰে'ল - NF Railway

আৰ পি এফৰ প্ৰতিষ্ঠা দিৱস; ৰাজহুৱা কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এটা বাহিনীৰ নামত উৎসৰ্গিত এটা দিন - RPF Raising Day

ABOUT THE AUTHOR

...view details