নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল :দেশত লোকসভা নিৰ্বাচন চলি আছে । জম্মু-কাশ্মীৰতো ৫ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে । তাৰ মাজতে দেওবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ উধমপুৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা গুলীচালনাত ভিলেজ ডিফেন্স গাৰ্ডৰ এজন জোৱান আহত হয় ।
ঘটনাটোৰ পিচতে সুৰক্ষা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখে আৰু তালাচী অভিযান আৰম্ভ কৰে । অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । অঞ্চলটোলৈ অতিৰিক্ত বাহিনীও প্ৰেৰণ কৰা হৈছে ।
জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে বসন্তগড় আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱা গৈছিল । ইয়াৰ পিছতে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে উধমপুৰ জিলাৰ বসন্তগড় আৰক্ষী থানাৰ সীমাত নিৰাপত্তা বাহিনী নিয়োগ কৰা হয় ।