নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সমগ্ৰ দেশতে জেড প্লাছ নিৰাপত্তা প্ৰদান কৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে । খাৰ্গেৰ প্ৰতি ভাবুকি আহিব পৰা সম্ভাৱনাৰ ভিত্তিত চলিত মাহৰ আৰম্ভণিতে গৃহ মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । চি আৰ পি এফ কমাণ্ডোৱে ভাৰতৰ যিকোনো স্থানত খাৰ্গেক নিৰাপত্তা প্ৰদান কৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে ।
জেড প্লাছ নিৰাপত্তা হৈছে সৰ্বোচ্চ স্তৰৰ সুৰক্ষা, এছ পি জি কভাৰৰ পিছতে এই সুৰক্ষা চৰকাৰে এনে এজন ব্যক্তিক প্ৰদান কৰে যিজনৰ জীৱনৰ প্ৰতি উচ্চ পৰ্যায়ৰ ভাবুকি থাকে । এই নিৰাপত্তা বেহুত ৫৫ জন জোৱানৰ লগতে চি আৰ পি এফৰ কমাণ্ডো আছে যিয়ে ব্যক্তিজনক ২৪ ঘণ্টাই সুৰক্ষা দিয়ে । এই কভাৰত বুলেটপ্ৰুফ বাহন আৰু তিনিটা শ্বিফটত এস্কৰ্টো আছে ।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰো জেড প্লাছ সুৰক্ষা আছে । ২০১৯ চনলৈকে গান্ধী পৰিয়ালত এছ পি জি ছিকিউৰিটি কভাৰ আছিল যিটো পিচত জেড প্লাছলৈ হ্ৰাস কৰা হৈছিল ।