নেশ্যনেল ডেস্ক,২৭ আগষ্ট :পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত এটাৰ পিচত আন এটা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । চম্পাৱত জিলাত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাহন বিৰগুল ৰোডৰ এটা দ' খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাটোত প্ৰায় ১৪ গৰাকী লোক গুৰুতৰভাৱে আহত হয় ।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আটাইকেইগৰাকী আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আটাইকেইগৰাকী আহত লোহাঘাট চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আনহাতে দুৰ্ঘটনাটোত দুগৰাকী লোক গুৰুতৰভাৱে আহত হয় । প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
দ' খাৱৈত বাগৰি পৰিল যাত্ৰীভৰ্তি বাহন
চম্পাৱত আৰক্ষী নিয়ন্ত্ৰণ কক্ষই পোৱা তথ্য অনুসৰি UK-০৩-TA-০০৪৩ নম্বৰৰ বাহনখন নিয়ন্ত্ৰণহীন হৈ বিৰগুল ৰোডৰ এটা দ' খাৱৈত বাগৰি পৰে । বাহনখনত প্ৰায় ১৫ ৰ পৰা ২০ গৰাকী লোক আছিল । স্থানীয় লোকসকলে আৰক্ষী আৰু প্ৰশাসনক দুৰ্ঘটনাটোৰ বিষয়ে খবৰ দিয়ে । তথ্য লাভ কৰাৰ পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে ১৪ গৰাকী আহতক লোহাঘাট উপ-জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
দুৰ্ঘটনাৰ কাৰণ
জানিব পৰা মতে দুৰ্ঘটনাটোত আহত ১২ গৰাকী লোক উপ-জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আটাইকেইগৰাকী আহত চম্পাৱত জিলাৰ বাসিন্দা । দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । প্ৰত্যক্ষদৰ্শীৰ মতে বাহনখনত যাত্ৰীৰ সংখ্যা অধিক আছিল । যাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন দ' খাৱৈত বাগৰি পৰে । অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :খহি পৰিল ছত্ৰপতি শিৱাজীৰ বৃহদকাৰ প্ৰতিমূৰ্তি: বিৰোধীৰ তীব্ৰ সমালোচনা - Shivaji Maharaj statue collapsed