অসম

assam

ETV Bharat / bharat

পশ্চিমবংগৰ কয়লা খনিত বিস্ফোৰণ; ৭ শ্ৰমিকৰ মৃত্যু - Birbhum Coal Mine Blast

WB Coal Mine Blast: পশ্চিমবংগৰ বীৰভূমত থকা কয়লা খনিত হোৱা বিস্ফোৰণত ৭ শ্ৰমিকৰ মৃত্যু হৈছে । মৃত্যুৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা ।

By ETV Bharat Assamese Team

Published : 5 hours ago

BIRBHUM COAL MINE BLAST
পশ্চিমবংগৰ কয়লা খনিত বিস্ফোৰণ;৭ শ্ৰমিকৰ মৃত্যু (ETV Bharat)

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ : দুৰ্গা পূজাক লৈ দেশৰ বিভিন্ন প্ৰান্তত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । দুৰ্গা পূজাৰ বাবে বিখ্যাত পশ্চিববংগৰ প্ৰায় প্ৰতিটো প্ৰান্ততে প্ৰস্তুতি সম্পূৰ্ণ হৈছে । দেশৰ ভিন্ন প্ৰান্তৰ পৰা পশ্চিমবংগ তথা কলকাতাৰ পূজা চাবলৈ ভক্তই ভিৰ কৰিছে । দুৰ্গা পূজাক লৈ চলি থকা উছাহৰ মাজতে পশ্চিমবংগৰ বীৰভূমত ভয়ংকৰ বিস্ফোৰণ । সোমবাৰে পুৱা বীৰভূমৰ গংগাৰামচক কয়লা খনিত এক বিস্ফোৰণ হয় । য'ত প্ৰায় ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে বিস্ফোৰণটোত বহুলোক আহত হৈছে । মৃত্যু হোৱা লোকৰ বেছিভাগেই জনজাতীয় মূলৰ বুলি জানিব পৰা গৈছে । বিস্ফোৰণৰ পিছত কয়লা খনিৰ ভিতৰত আৰু চাৰিওফালে ক্ষত-বিক্ষত মৃতদেহবোৰ উদ্ধাৰ কৰা হৈছে ।

জিলেটিন ষ্টিকৰ বিস্ফোৰণ

ইফালে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । তথ্য অনুসৰি, জিলেটিন ষ্টিকৰ বিস্ফোৰণৰ ফলতে এই ঘটনাটো সংঘটিত হৈছে ৷ বিস্ফোৰণ পিছত কয়লা খনিৰ এটা অংশ খহি পৰে । গংগাৰামচক মাইনিং প্ৰাইভেট লিমিটেড (জিএমপিএল) কলিয়াৰী বীৰভূমৰ খাইৰাচোল খণ্ডৰ লোকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিয়া গাঁৱত আছে ৷ দুৰ্গা পূজাৰ প্ৰাকক্ষণত ইয়াত বৃহৎ পৰিমাণে কয়লা খনন চলি থকা বুলি জানিব পৰা গৈছে ।

বিস্ফোৰণত নিহত লোকসকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই । ইফালে কয়লা খনিত বিস্ফোৰণৰ ফলত সমগ্ৰ অঞ্চলটো কঁপি উঠে । ঘটনাটোৰ লগে লগে, জিএমপিএল বিষয়া আৰু কৰ্মচাৰীসকলে সেই স্থানৰ পৰা পলায়ন কৰে । প্ৰতিবেদন অনুসৰি, ঘটনাটোৰ সময়ত কয়লা খনিত বৃহৎ পৰিমাণৰ ডিটোনেটৰ আৰু জিলেটিন ষ্টিক ৰখা হৈছিল । ইফালে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী বাহিনী উপস্থিত হৈছে ।

লগতে পঢ়ক :ভয়ংকৰ অগ্নিকাণ্ডত একেটা পৰিয়ালৰে ৫ সদস্যসহ ৭ গৰাকীৰ মৃত্যু - MUMBAI FIRE INCIDENT

ABOUT THE AUTHOR

...view details