অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / bharat

মাওবাদীৰ বাবে এতিয়া অসম সুৰক্ষিত ভূ-স্বৰ্গ: চোৰাংচোৱা সংস্থা - Operation Against Naxals

Maoists in Assam : ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাসমূহে ছত্তীশগড়, ঝাৰখণ্ড আৰু অন্যান্য নক্সাল প্ৰভাৱিত ৰাজ্যসমূহত মাওবাদীৰ বিৰুদ্ধে এক বৃহৎ উৎখাত অভিযান আৰম্ভ কৰাৰ পিছত মাওবাদীসকলে অন্যান্য সুৰক্ষিত স্থান বিচাৰিবলৈ আৰম্ভ কৰিছে । নক্সালবাদীসকলে নতুন ঘাটি নিৰ্মাণৰ পদক্ষেপ আৰম্ভ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই মঙলবাৰে পশ্চিম বংগৰ কেইবাটাও ঠাইত অভিযান চলায় ।

Maoists Looking for Safe Heavens in Assam
মাওবাদীয়ে বিছাৰিছে সুৰক্ষিত ভূ-স্বৰ্গ (ETV Bharat)

নেশ্যনেল ডেস্ক,১ অক্টোবৰ: বামপন্থী উগ্ৰপন্থী অধ্যুষিত অঞ্চলৰ পৰা মাওবাদীসকলক সমূলাঞ্চে উৎখাত কৰাৰ উদ্দেশ্যৰে নিৰাপত্তা বাহিনীয়ে তীব্ৰতৰ কৰিছে অভিযান । এই অভিযানৰ পিছতে মাওবাদীসকলে আন ৰাজ্যসমূহত সুৰক্ষিত আশ্ৰয় বিচাৰিবলৈ আৰম্ভ কৰিছে ।

বিভিন্ন নিৰাপত্তা সংস্থাৰ দ্বাৰা সংকলিত প্ৰতিবেদনত প্ৰকাশ পাইছে যে মাওবাদীসকলে অসমত তেওঁলোকৰ ঘাটি নিৰ্মাণৰ বাবে এটা ডাঙৰ পৰিকল্পনা আৰম্ভ কৰিছে । নিৰাপত্তা সংস্থাৰ এজন জ্যেষ্ঠ বিষয়াই কয়,"সংগঠনসমূহৰ কেইবাজনো নেতাই অসমত বিশেষকৈ ৰাজ্যখনৰ চাহ অধ্যুষিত অঞ্চলসমূহত লক্ষ্য কৰি প্ৰচাৰ চলাই আহিছে ।" বিষয়াজনৰ মতে, সংগঠনটোৰ সদস্যসকলে ভাৰত বিৰোধী এক বৃহৎ ষড়যন্ত্ৰৰ অংশ হিচাপে লোকসকলক একত্ৰিত কৰাৰ উদ্দেশ্যৰে সক্ৰিয়ভাৱে ইয়াৰ আদৰ্শ প্ৰচাৰ অব্যাহত ৰাখিছে ।

"কেইবাজনো মাওবাদী নেতাই ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছে । তেওঁলোকে অঞ্চলটোত মাওবাদী নেটৱৰ্কক পুনৰুজ্জীৱিত আৰু শক্তিশালী কৰিবলৈ বৰাক উপত্যকাত শিবিৰ পাতিছে । অভিযুক্তসকলে ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা ব্যাহত কৰাৰ লক্ষ্যৰে চিপিআই (মাওবাদী)ৰ জঘন্য কাৰ্যসূচী সম্পাদন কৰিবলৈ সমাজৰ দুৰ্বল শ্ৰেণীসমূহক অনুপ্ৰাণিত কৰিবলৈ আৰ্থ-সামাজিক বৈষম্যৰ সুযোগ লোৱাত নিয়োজিত আছিল," এন আই এৰ এজন জ্যেষ্ঠ বিষয়াই এইদৰে উল্লেখ কৰে ।

বিষয়াজনে লগতে কয় যে সংগঠনটোৱে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত বিদ্যমান তথাকথিত আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বৈষম্যক ব্যৱহাৰ কৰি আহিছে । বৰাক উপত্যকাত তিনিখন প্ৰশাসনিক জিলা আছে যেনে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি, যাৰ ১৩ খন বিধানসভা আসনৰ (আগতে 15 খন) সীমানিৰ্ধাৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে । অসম বিধানসভাৰ মুঠ ১২৬ খন আসনৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত সৰ্বাধিক আসন আছে । প্ৰধান সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে মাওবাদী সম্পৰ্কীয় কেইবাটাও গোচৰৰ তদন্ত কৰি আছে ।

২০২২ চনৰ মাৰ্চ মাহত, অসমৰ কাছাৰ জিলাৰ পৰা ৰাজ্যিক আৰক্ষীয়ে কেইজনমান মাওবাদী নেতাক গ্ৰেপ্তাৰ কৰাৰ পিছত এন আই এই অসম আৰক্ষীৰ পৰা এটা গোচৰৰ তদন্ত আৰম্ভ কৰে । কাছাৰৰ পৰা অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে কাঞ্চন দা আৰু জ্যোতিষ দা নামৰ দুজন জ্যেষ্ঠ চি পি আই(মাওবাদী) নেতাক গ্ৰেপ্তাৰ কৰাৰ পিছত অসম আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰিছিল ।

"অসমৰ ভৌগোলিক অৱস্থানে মাওবাদীসকলক ৰাজ্যখনত তেওঁলোকৰ ঘাটি নিৰ্মাণ কৰিবলৈ আকৰ্ষিত কৰে । যদি তেওঁলোকে ৰাজ্যখনত তেওঁলোকৰ ভেটি গঢ়িতুলিব পাৰে, তেন্তে তেওঁলোকে বাংলাদেশকে ধৰি কেইবাখনো চুবুৰীয়া দেশলৈ সহজে প্ৰৱেশ কৰিব পাৰিব ।" বিষয়াজনে উল্লেখ কৰে ।

উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ ভিতৰত দেশৰ পৰা মাওবাদীক নিৰ্মূল কৰাৰ নিৰ্দেশ দিয়াৰ পিছত নিৰাপত্তা সংস্থাসমূহে মাওবাদীসকলৰ বিৰুদ্ধে এক বৃহৎ উৎখাত অভিযান আৰম্ভ কৰে । এন আই এই মঙলবাৰে পশ্চিম বংগৰ বিভিন্ন জিলাৰ একাধিক স্থানত চিপিআই (মাওবাদী)ৰ ষড়যন্ত্ৰৰ সৈতে জড়িত এটা গোচৰত পূৱ আঞ্চলিক ব্যুৰ' এলেকাত ইয়াৰ উপস্থিতি নিৰ্ধাৰণ কৰাৰ বাবে অভিযান চলাইছিল ।

এন আই এৰ দলে ৰাজ্যখনৰ দক্ষিণ ২৪ পৰগণা, আছানচোল, হাওৰা, নাদিয়া আৰু কলকাতা জিলাৰ মুঠ ১১ টা স্থানত সন্দেহযুক্ত লোকৰ ঘৰত ব্যাপক তালাচী চলাইছিল । সংস্থাটোৰ মতে, সন্দেহযুক্তসকল চিপিআই (মাওবাদী)ৰ অভাৰগ্ৰাউণ্ড কৰ্মী আছিল আৰু তেওঁলোকে সংগঠনটোৰ কমাণ্ডাৰসকলক নক্সাল কাৰ্যকলাপ চলাবলৈ সহায় কৰিছিল বুলি ধাৰণা কৰা হৈছিল ।

সংস্থাটোৱে কয়, "আজিৰ তালাচীৰ ফলত কেইবাটাও আপত্তিজনক নথিপত্ৰ, ইলেক্ট্ৰনিক সঁজুলি, পত্ৰিকা, আলোচনী আৰু হাতেলিখা পত্ৰ জব্দ কৰা হৈছে ।"

"আৰচি-01/2022/এনআইএ/আৰএনচি গোচৰটো নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনটোৰ পলিট ব্যুৰ'/ কেন্দ্ৰীয় সমিতিৰ সদস্য, কেডাৰ আৰু স্পৰ্শকাতৰ ষড়যন্ত্ৰৰ সৈতে সম্পৰ্কিত । এই ষড়যন্ত্ৰৰ উদ্দেশ্য হৈছে ঝাৰখণ্ড, বিহাৰ, ছত্তীশগড় আৰু ভাৰতৰ উত্তৰ আৰু পূব অঞ্চলৰ অন্যান্য ৰাজ্যসমূহত চিপিআই (মাওবাদী)ৰ আদৰ্শ পুনৰুজ্জীৱিত, সম্প্ৰসাৰিত আৰু প্ৰচাৰ কৰা ।" এন আই এয়ে কয়।

চিপিআই (মাওবাদী) পলিট ব্যুৰ'ৰ সদস্য প্ৰশান্ত বসু আৰু প্ৰমোদ মিশ্ৰ আৰু কেন্দ্ৰীয় সমিতি সব্যসাচী গোস্বামীকে ধৰি মুঠ ছয়জন অভিযুক্তক এতিয়ালৈকে আইপিচি আৰু ইউএ(পি) আইনৰ বিভিন্ন ধাৰাৰ অধীনত ২০২২ চনৰ এপ্ৰিলত এন আই এ ৰাঁচী আৰক্ষী থানাত পঞ্জীয়ন কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে । এজাহাৰখনত চিপিআই (মাওবাদী)ৰ তেৰজন শীৰ্ষ নেতাৰ নামো আনসকলৰ সৈতে সাঙোৰ খাইছে ।

লগতে পঢ়ক:হয় হিংসা ত্যাগ কৰক, নহ'লে আত্মসমৰ্পণ কৰক; অন্যথা পৰিণতি বিষম : কাক সকীয়নি অমিত শ্বাহৰ ? - Operation Against Naxals

বিজাপুৰত বিস্ফোৰকসহ ৩ মাওবাদী কৰায়ত্ত, দুজনৰ আত্মসমৰ্পণ - Naxalites arrested in Chhattisgarh

ছত্তীশগড়ত সেনাৰ সৈতে সংঘৰ্ষত নিহত ৯ মাওবাদী - Naxalites Encounter in Chhattisgarh

ABOUT THE AUTHOR

...view details