অসম

assam

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 9:17 PM IST

ETV Bharat / bharat

ছিকিমত প্ৰাকৃতিক দুৰ্যোগত নিহত ৩, কেইবাজনো সন্ধানহীন - Natural Calamity in Sikkim

Natural Calamity in Sikkim : দেওবাৰে নিশাৰে পৰা অঞ্চলটোত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সোমবাৰে পুৱা 6.30 বজাত অঞ্চলটোৰ কমেও সাতটা ঘৰ খহি পৰে । ইয়াৰে তিনিটা ঘৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । এই ঘটনাত নিহতসকলৰ মৃতদেহ ইতিমধ্যে প্ৰশাসনে উদ্ধাৰ কৰিছে ।

Natural Calamity in Sikkim
ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগৰ ছবি (Etv Bharat)

নিউজ ডেস্ক, ১০ জুন : পুনৰ প্ৰকৃতিৰ ৰোষত পৰিছে ছিকিম । বিগত সময়ছোৱাত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত হিমালয়ৰ পাদদেশৰ ৰাজ্যখনত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । সোমবাৰে পুৱতি নিশা ছিকিমৰ য়াং য়াং বিয়াং অঞ্চলৰ মাজুৱা গাঁৱত সংঘটিত ভূমিস্খলনৰ ঘটনাত তিনিজন লোকৰ মৃত্যু হয় । স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, মৃতসকলৰ ভিতৰত দুজন পুৰুষৰ উপৰি এগৰাকী মহিলাও আছে ।

এই দুৰ্ঘটনাস্থলী দক্ষিণ ছিকিমৰ নামচি জিলাৰ অন্তৰ্গত । জিলা দণ্ডাধীশে জনোৱা মতে, এই ঘটনাত নিহতসকলক য়াবা চুব্বা, বিশাল ৰায় আৰু মনিতা ৰায় (মহিলা) বুলি চিনাক্ত কৰা হৈছে ।

স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দেওবাৰে নিশাৰে পৰা অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈ আছিল । এই ধাৰাসাৰ বৰষুণৰ ফলত সোমবাৰে পুৱা 6.30 বজাত অঞ্চলটোৰ কমেও সাতটা ঘৰ খহি পৰে । ফলত তিনিটা ঘৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । এই ঘটনাত নিহতসকলৰ মৃতদেহ ইতিমধ্যে প্ৰশাসনে উদ্ধাৰ কৰিছে ।

অৱশ্যে এতিয়াও কেইবাজনো লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে । আনহাতে, সন্ধানহীন লোকসকলৰ সন্ধানত অভিযান চলি থকা বুলিও প্ৰশানৰ সূত্ৰত প্ৰকাশ । ইফালে প্ৰশাসনে বৰ্তমান পৰ্যটকসকলক অঞ্চলটো ভ্ৰমণ কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে । ইয়াৰ উপৰি নেৰানেপেৰা বৰষুণৰ ফলত ছিকিমৰ বহুতো পথ খহি পৰিছে, যাৰ ফলত যান-বাহন আবদ্ধ হৈ পৰিছে ।

এই প্ৰাকৃতিক দুৰ্যোগৰ পিচত এতিয়া সমভূমি অঞ্চলৰ পৰা ছিকিমলৈ বা ছিকিমৰ পৰা সমভূমি অঞ্চললৈ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । ফলস্বৰূপে ছিকিম ভ্ৰমণৰত বহু পৰ্যটক আবদ্ধ হৈ পৰিছে । অৱশ্যে প্ৰশাসনে এই পৰিস্থিতি দ্ৰুততাৰে স্বাভাৱিক কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

কিন্তু প্ৰশাসনে এইকথাও জনাইছে যে যদি বৰষুণ হ্ৰাস নহয়, তেন্তে পৰিস্থিতি স্বাভাৱিক কৰাটো কঠিন হ'ব । সেয়ে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ কিমান সময় লাগে সেয়া এতিয়াও সঠিককৈ ক'ব পৰা হোৱা নাই ।

উল্লেখ্য যে ছিকিম বা পাহাৰীয়া অঞ্চলত হোৱা বৰষুণৰ ফলত এনে পৰিস্থিতি পূৰ্বতেও সৃষ্টি হৈছে । আনহাতে, স্থানীয় বাসিন্দাসকলে এনে পৰিস্থিতিতো কোনো সংশয় নোহোৱাকৈ প্ৰশাসনক সহযোগিতা আগবঢ়াই গৈছ ।

লগতে পঢ়ক :নৈনিতালত শোকাৱহ পথ দুৰ্ঘটনা; নিহত ২ - Pickup fell into ditch in Nainital

ABOUT THE AUTHOR

...view details