নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী :বিগত 10 মাহ জোৰা ভয়াৱহতাৰ পিচতো শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ৷ জনসাধাৰণে ৰাজ্যখনত পুনৰ স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও এতিয়াও ৰাজ্যখনত পৰিস্থিতি শাম কটা নাই ৷
ফলত যোৱা বৃহস্পতিবাৰৰ পৰা ৰাজ্যখনৰ এগৰাকী সৰবৰহী ট্ৰান্সজেণ্ডাৰ মালেম থংগামে ৰাজধানী চহৰ দিল্লীত অনশন কাৰ্যসূচী হাতত লৈছে ৷ লামিয়াম্বা ইৰাবট মেম'ৰিয়েল ইণ্টিগ্ৰেটেড ট্ৰাষ্টৰ (এআইপিটি) সভাপতি থংগামে সোমবাৰে ইটিভি ভাৰতক কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ ভ্ৰমণ কৰিবলৈ আৰু উত্তৰ-পূবৰ ৰাজ্যখনত হিংসা বন্ধ কৰিবলৈ আবেদন জনাইছে। মণিপুৰত শান্তি আৰু স্বাভাৱিকতা আনিবলৈ, ভাৰত চৰকাৰে কুকি সশস্ত্ৰ উগ্ৰপন্থীৰ সৈতে অভিযান স্থগিত ৰখা চুক্তি (এছ.ও.ও.) বাতিল কৰা উচিত ৷
অৱশ্যে, দিল্লী বিশ্ববিদ্যালয় চৌহদৰ পৰা অনশন আৰম্ভ কৰাৰ পিচৰে পৰা, থংগামক দিল্লী আৰক্ষীয়ে কেইবাবাৰো আটক কৰিছে । সোমবাৰে যন্তৰ-মন্তৰৰ পৰা আটক কৰা পিচতে দিল্লী আৰক্ষীয়ে তেওঁক বাংলা চাহিব গুৰুদ্বাৰত অনশন কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ।