অসম

assam

ETV Bharat / bharat

অশান্ত মণিপুৰৰ চুড়াচান্দপুৰত প্ৰতীকী কফিন লৈ কুকি গোটৰ সমদল - MANIPUR VIOLENCE

নিহতসকলৰ বাবে ন্যায় আৰু পাহাৰীয়া অঞ্চলত পৃথক প্ৰশাসনৰ দাবী উঠিছে কুকি অধ্যুষিত অঞ্চলত ।

Kuki coffin rally in Churachandpur
অশান্ত মণিপুৰৰ চুড়াচান্দপুৰত প্ৰতীকী কফিন লৈ কুকি গোটৰ সমদল (ANI)

By ANI

Published : Nov 19, 2024, 7:27 PM IST

চুড়াচান্দপুৰ : এতিয়াও উত্তপ্ত হৈ আছে মণিপুৰৰ পৰিস্থিতি । তাৰ মাজতে মঙলবাৰে চুড়াচান্দপুৰৰ কুকি সংগঠনৰ সদস্যসকলে মণিপুৰৰ হিংসাত মৃত্যু হোৱা সম্প্ৰদায়টোৰ সদস্যসকলৰ স্মৰণত প্ৰতীকী 'কফিন' লৈ এক সমদল উলিয়াই ।

নিহতসকলৰ বাবে ন্যায় আৰু পাহাৰীয়া অঞ্চলত পৃথক প্ৰশাসনৰ দাবীত প্লেকাৰ্ড লৈ শ শ কুকি লোকে এই সমদলত অংশগ্ৰহণ কৰে ।

অশান্ত মণিপুৰৰ চুড়াচান্দপুৰত প্ৰতীকী কফিন লৈ কুকি গোটৰ সমদল (ANI)

ইয়াৰ পূৰ্বে ১১ নৱেম্বৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু অসামৰিক আৰক্ষীৰ সৈতে সংঘৰ্ষত মণিপুৰৰ জিৰিবামত দহজন কুকি উগ্ৰপন্থী নিহত হৈছিল ৷ মণিপুৰ আৰক্ষীৰ এক প্ৰেছ বাৰ্তাত কোৱা হৈছে যে এই ঘটনাত এজন চি আৰ পি এফ কনিষ্টবল গুলীত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে ৷ সংঘৰ্ষস্থলীৰ পৰা যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয় ।

আনহাতে, সোমবাৰে মণিপুৰৰ কেইবাজনো বিধায়কে ৰাজ্যখনত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা, AFSPA) জাৰি কৰাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰক পুনৰীক্ষণ কৰিবলৈ কোৱাকে ধৰি তেওঁলোকৰ দাবীৰ তালিকা প্ৰস্তুত কৰি এক প্ৰস্তাৱ গৃহীত কৰে ।

প্ৰস্তাৱটোত এইটোও কোৱা হৈছে যে জিৰিবামত মহিলা আৰু শিশুসহ ছয়জন লোকৰ হত্যাৰ বাবে দায়ী কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে সাত দিনৰ ভিতৰত এক গণ অভিযান আৰম্ভ কৰিব লাগে ।

লগতে তিনিটা গুৰুত্বপূৰ্ণ গোচৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থালৈ হস্তান্তৰ কৰাৰো দাবী জনায় । ইয়াৰ ভিতৰত আছে এগৰাকী মহিলাক জ্বলাই হত্যা কৰা, ছয়জন নিৰীহ নাগৰিকক হত্যা কৰা আৰু এগৰাকী মহিলা কৃষকক হত্যা ।

বিধায়কসকলে তেওঁলোকৰ প্ৰস্তাৱত মহিলা আৰু শিশুকে ধৰি ছয়জন নিৰীহ লোকৰ হত্যাৰ বাবে কুকি উগ্ৰপন্থীক 'দোষী' ঘোষণা কৰাৰ সিদ্ধান্ত লয় ।

"যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত গ্ৰহণ কৰা উপৰিউক্ত প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰা নহয়, তেন্তে এন ডি এৰ সকলো বিধায়কে ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে আলোচনা কৰি ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰিব ।" মুখ্যমন্ত্ৰীৰ সচিবালয়ে প্ৰকাশ কৰা প্ৰস্তাৱটোত মণিপুৰত স্বাভাৱিক অৱস্থা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰাৰ কথা উল্লেখ কৰা হৈছে ।

বৈঠকত শাসকীয় বিধায়কসকলে তেওঁলোকক আক্ৰমণ কৰা আৰু তেওঁলোকৰ সম্পত্তি জ্বলাই দিয়াত লিপ্ত 'বিশেষ ব্যক্তি'ৰ কাৰ্যকলাপকো গৰিহণা দিয়ে ।

"সম্পত্তি লুণ্ঠন আৰু ধ্বংস কৰাৰ দৰে দুৰ্বৃত্তৰ এনে বৰ্বৰ কাৰ্যকলাপৰ উপস্থিত সকলো বিধায়কে তীব্ৰ গৰিহণা দিয়ে । উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ ফলাফলৰ ওপৰত ভিত্তি কৰি সংশ্লিষ্ট দুৰ্বৃত্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।" প্ৰস্তাৱটোত কোৱা হৈছে ।

উল্লেখ্য যে ছয়জন লোকক মৃত অৱস্থাত উদ্ধাৰৰ পিছত এই উৎকণ্ঠা বৃদ্ধি পায় । এই ঘটনাটোৰ প্ৰতিক্ৰিয়া স্বৰূপে মণিপুৰ চৰকাৰে প্ৰথমতে সাতখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰে । সোমবাৰে মণিপুৰ চৰকাৰে ইম্ফল পশ্চিম, ইম্ফল পূব, বিষ্ণুপুৰ, কাকচিং, কাংপোকপি, থৌবাল আৰু চুড়াচান্দপুৰৰ ক্ষেত্ৰীয় অধিকাৰ ক্ষেত্ৰত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা অস্থায়ীভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰে ।

এই নিলম্বন বুধবাৰ, 20 নৱেম্বৰৰ সন্ধিয়া 5.15 বজালৈকে অব্যাহত থাকিব । উল্লেখ্য যে যোৱা বছৰ ৩ মে'ত মণিপুৰত অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়নে (এ টি এছ ইউ) অনুসূচিত জনজাতি শ্ৰেণীত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰুদ্ধে আয়োজিত এক সমদলৰ সময়ত উদ্ভৱ হোৱা সংঘৰ্ষৰ ফলত এই হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটিছিল ।

লগতে পঢ়ক :মণিপুৰত হিংসাৰ জুই; অসম সীমান্তত সষ্টম পহৰাদাৰ
লগতে পঢ়ক :কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে চলিব ব্যাপক অভিযান; মণিপুৰৰ শাসক পক্ষৰ সংকল্প

ABOUT THE AUTHOR

...view details