অসম

assam

ETV Bharat / bharat

সমগ্ৰ মণিপুৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অভিযানৰ দাবী মন্ত্ৰী-বিধায়কৰ - MANIPUR SITUATION

মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকৰ পাচতেই এনডিএ মিত্ৰজোঁটৰ কুকি মন্ত্ৰী-বিধায়কে বিদ্ৰোহী সংগঠনৰ ওচৰত মজুত থকা অবৈধ মাৰণাস্ত্ৰ জব্দ কৰাৰ বাবে এক বৃহৎ অভিযান চলোৱাৰ পোষকতা কৰিছে ৷

MANIPUR SITUATION
MANIPUR KUKI MINISTER (ANI)

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 10:16 AM IST

গুৱাহাটী: অশান্ত মণিপুৰৰ বাতাবৰণ সুস্থিৰ কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে শেহতীয়াকৈ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে ৷ মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত 50 টা চি এ পি এফ কোম্পানী ৰাজ্যখনত মোতায়েন কৰা হ’ব বুলি ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ তাৰ পাচতেই মুখ্যমন্ত্ৰী এন বীৰেণ সিঙেও ৰাজ্যৰ শাসক মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়কৰ সৈত এক বৈঠক অনুষ্ঠিত কৰি হিংসাত্মক ঘটনা কঠোৰ হাতেৰে দমনৰ সিদ্ধান্ত লয় ৷

মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকৰ পাচতেই মণিপুৰত শাসন কৰা এন ডি এ মিত্ৰজোঁটৰ 10 গৰাকী মন্ত্ৰী-বিধায়কে বিদ্ৰোহী সংগঠনৰ ওচৰত মজুত থকা অবৈধ মাৰণাস্ত্ৰ জব্দ কৰাৰ বাবে এক বৃহৎ অভিযান চলোৱাৰ পোষকতা কৰিছে ৷

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এটা সম্প্ৰদায়ৰ বিৰুদ্ধে পক্ষপাতিত্ব কৰাৰ অভিযোগ তুলি দহগৰাকী কুকি জনপ্ৰতিনিধি (মন্ত্ৰী-বিধায়ক) এ কয়, ‘‘কেৱল এটা জনগোষ্ঠী বা সম্প্ৰদায়ক উদ্দেশ্যি অভিযান চলোৱাটো পক্ষপাতিত্বমূলক ৷ বৃহৎ অভিযান সমগ্ৰ ৰাজ্যতে সকলো বিদ্ৰোহী সংগঠনৰ হাতত মজুত থকা অস্ত্ৰ উদ্ধাৰৰ বাবে আৰম্ভ কৰা উচিত ৷’’

প্ৰকাশিত এক বিবৃতিত চহী কৰা দহগৰাকী কুকি বিধায়কৰ ভিতৰত দুগৰাকী হৈছে কুকি পিপলছ এলায়েন্সৰ বিধায়ক আৰু বাকী আঠগৰাকী বিজেপি দলৰ বিধায়ক আৰু মন্ত্ৰী ৷ তেওঁলোক ক্ৰমে হাওখোলেট কিপগেন, নেমচা কিপগেন, পাওলায়েনলাল হাওকিপ, এল এম খাউটে, লেজামাং হাওকিপ, চিনলুনথাং, কিমনেও হাওকিপ হংশিং, লেটপাও হাওকিপ, গুৰছাংলুৰ ছানাটে আৰু ভাংঝাগিন ভল্টে ৷

লগতে পঢ়ক:মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মুখ খুলিলে; উগ্ৰপন্থীক কঠোৰ হাতেৰে দমনৰ আশ্বাস

‘‘ছজন সাধাৰণ নাগৰিকৰ মৃত্যুৰ সৈতে জড়িত গোচৰসমূহ NIA ক গতাবলৈ বিচৰা প্ৰস্তাৱটোৱেও সাম্প্ৰদায়িকতাৰ গোন্ধ বিয়পাইছে বুলি বিবৃ-তিটো উল্লেখ আছে ৷ 2023 চনৰ 3 মে’ৰ পৰা পাহাৰ আৰু ভৈয়াম অঞ্চলত হত্যাৰ বলি হোৱা সকলো লোকৰে গোচৰ NIA ক হস্তান্তৰ কৰিবলৈ আমি পৰামৰ্শ আগবঢ়াইছোঁ ৷’’ জনপ্ৰতিনিধি দহগৰাকীয়ে উল্লেখ কৰে ৷

"১৬ নৱেম্বৰত ৰাজ্যিক কেবিনেটৰ মতামত আৰু সিদ্ধান্তক সমৰ্থন কৰা প্ৰথমটো প্ৰস্তাৱে মুখ্যমন্ত্ৰীয়ে বলেৰে ঠেলি দিয়া বিভাজনমূলক, একপক্ষীয় আৰু সাম্প্ৰদায়িক কাৰ্যসূচীক প্ৰতিফলিত কৰে, যিয়ে আমাৰ জনসাধাৰণৰ বাবে পৃথক ৰাজনৈতিক আৰু প্ৰশাসনিক সত্তাৰ অনিবাৰ্যতাক সমৰ্থন কৰে ৷ ৰাজ্যিক কেবিনেটে থাডৌ আৰু মাৰ জনজাতিক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা কিছুমান ফ্ৰিঞ্জ উপাদানৰ প্ৰতি লক্ষ্য ৰখা উচিত ।’’- তেওঁলোকে কয় ৷

"১৪ নৱেম্বৰ, ২০২৪ তাৰিখৰ আদেশ অনুসৰি সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বলৱৎ কৰাৰ ক্ষেত্ৰত মণিপুৰ/ইম্ফল উপত্যকাৰ ভিতৰত বাকী ১৩ টা আৰক্ষী এলেকালৈ আইনখনৰ পৰিষৰ বৃদ্ধি কৰিবলৈ তাৎক্ষণিক পৰ্যালোচনাৰ প্ৰয়োজন যাতে, ২০২৩ চনৰ ৩ মে'ৰ পৰা মেইটেই বিদ্ৰোহীয়ে লুটপাত কৰা ৬০০০ ৰো অধিক অত্যাধুনিক অস্ত্ৰ উদ্ধাৰ কৰাত সুবিধা হয় ।" দহজন মন্ত্ৰী-বিধায়কে সংবাদ মাধ্যমক দিয়া এক বিবৃতিত এইদৰে কয় ।

তেওঁ কয় যে ভাৰত চৰকাৰে ছয়জন নিৰীহ লোকৰ হত্যাৰ বাবে দায়ী "কুকি উগ্ৰপন্থী" বুলি ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পূৰ্বে প্ৰাসংগিক আইনৰ অধীনত আৰম্বাই টেংগোল আৰু মেইটেই লিপুনক অবৈধ সংগঠন হিচাপে ঘোষণা কৰিব লাগে ।

লগতে পঢ়ক:কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে চলিব ব্যাপক অভিযান; মণিপুৰৰ শাসক পক্ষৰ সংকল্প

তেওঁলোকে আৰু কয়, ‘‘বঞ্চিত জনজাতি সম্প্ৰদায়ৰ অধিকাৰ কৰ্তন আৰু দমনৰ বাবে একপক্ষীয়ভাৱে ৰাজ্য চৰকাৰে জিৰিবামকাণ্ডৰ সুবিধা লৈ আনকি কেন্দ্ৰ আৰু ৰাজ্যত এন ডি এ চৰকাৰক ভাবুকি দিয়াৰ পৰিসৰলৈকে সাহস কৰিছে ৷ চৰকাৰসমূহে অশান্ত অঞ্চলটোত স্থায়ী শান্তি আনিবলৈ ৰাজনৈতিক আলোচনা আৰম্ভ কৰি মণিপুৰত শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব লাগে ।"

আমাৰ সহযোগী মেইটেই বিধায়ক আৰু মন্ত্ৰীসকলৰ উন্মাদ মেইটেই গোটৰ আক্ৰমণ, অগ্নি সংযোগ আৰু লুণ্ঠন কৰা কাৰ্যক গৰিহণা দি পৰামৰ্শ দিয়া উচ্চ ক্ষমতাসম্পন্ন সমিতিখনে ন্যস্ত স্বাৰ্থজড়িত ৰাজনৈতিক দল আৰু ব্যক্তিৰ ভূমিকা/পৰিস্থিতিৰ অযথা সুবিধা লৈ বিচ্ছিন্নতাবাদী মানসিকতাৰ মেইটেই চি এছ অ’ৰ নেতা/সংলগ্নতাৰ তদন্ত কৰিব লাগে ৷ ।

তেওঁ লোকে কয়, "এই সমগ্ৰ অধ্যায়টো সংকটগ্ৰস্ত ৰাজ্যখনত ক্ৰমবৰ্ধমান হিংসা আৰু উত্তেজনা আৰু অধিক বৃদ্ধিৰ লক্ষ্যৰে কৰা একমাত্ৰ ৰাজনৈতিক প্ৰতিশোধ যেন লাগে । এই কুকৰ্মটো যেন সমাজৰ কিছুমান বিশেষ শ্ৰেণীয়ে মুখ্যমন্ত্ৰীৰ চকী থৰকবৰক হোৱা স্থিতি ৰক্ষা কৰিবলৈ প্ৰেৰণা যোগাইছে ।"

লগতে পঢ়ক:মণিপুৰলৈ আহি আছে চি এ পি এফৰ ৫০ টা অতিৰিক্ত কোম্পানী: কেন্দ্ৰই ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details