অসম

assam

ETV Bharat / bharat

মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বীৰেন সিঙৰ - MANIPUR CM N BIREN SINGH

ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক পদত্যাগ পত্ৰ দাখিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ৷ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্ধাৰণ নোহোৱা পৰ্যন্ত সিঙক কাৰ্যভাৰ চলাই যোৱাৰ আহ্বান ৰাজ্যপালৰ ৷

Manipur CM N Biren Singh
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 7:06 PM IST

Updated : Feb 9, 2025, 8:28 PM IST

তেজপুৰ: হিংসা জৰ্জৰিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে । মণিপুৰ বিধানসভাৰ নিৰ্ধাৰিত অধিৱেশনৰ এদিন পূৰ্বে দেওবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যপাল অজয় ​​কুমাৰ ভাল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে । পদত্যাগ পত্ৰ দাখিল কৰাৰ সময়ত মুখ্যমন্ত্ৰী সিঙৰ লগত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ আৰু একাংশ বিধায়ক উপস্থিত থাকে ।

মুখ্যমন্ত্ৰী সিঙে তেওঁৰ পদত্যাগ পত্ৰত উল্লেখ কৰে যে মণিপুৰৰ দ্ৰুতগতিত হোৱা উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ আৰু সেই উন্নয়নৰ কামসমূহ যাতে পুনৰ সমান্তৰালভাৱে চলি থাকে তাৰবাবে অনুৰোধ জনালোঁ । তেওঁ পুনৰ উল্লেখ কৰে, "মণিপুৰৰ প্ৰতিজন নাগৰিকক মই ধন্যবাদ জনালোঁ, মোক তেওঁলোকৰ হৈ কাম কৰাৰ বাবে এই সুবিধা প্ৰদান কৰাৰ বাবে । কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষাৰ বাবে কাম কৰি যাব তাত কোনো সন্দেহ নাই ।"

সিঙে তেওঁৰ পত্ৰখনত কেন্দ্ৰীয় চৰকাৰৰ বাবে পাঁচটা ‘আটাইতকৈ গুৰুত্বপূৰ্ণ’ কামৰ তালিকাও উল্লেখ কৰিছে ৷ ৰাজ্যপাললৈ লিখা পত্ৰত সিঙে উল্লেখ কৰা এই গুৰুত্বপূৰ্ণ কামকেইটা হৈছে

  • হাজাৰ হাজাৰ বছৰৰ চহকী আৰু বৈচিত্ৰময় সভ্যতাবাদী ইতিহাস থকা মণিপুৰৰ ভূখণ্ডৰ অখণ্ডতা বজাই ৰখা
  • সীমান্তত অনুপ্ৰৱেশ দমন কৰি অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ নীতি প্ৰণয়ন কৰা
  • ভয়ানক ৰূপ ধাৰণ কৰা ড্ৰাগছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা
  • বায়’মেট্ৰিক্সৰ কঠোৰ বলবৎকৰণৰ সৈতে এফএমআৰৰ কঠিন আৰু মনহীনভাৱে সংশোধিত ব্যৱস্থা অব্যাহত ৰখা
  • সময়-নিৰ্ধাৰিত আৰু দ্ৰুত সীমাৰেখাৰ সৈতে এফএমআৰৰ সংশোধিত ব্যৱস্থা যিটো চলি আছে ৷

যোৱা তিনিদিন দিল্লীত থকা মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আদিকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰে । প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাতো পবিত্ৰ ডুব লৈছিল সিঙে ।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ ! (ETV Bharat Assam)

দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি এ শাৰদা আৰু বিজেপি আৰু এনপিএফৰ ১৪ গৰাকী বিধায়কৰ সৈতে বীৰেণ সিঙে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে । দিল্লীৰ পৰা উভতি অহাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে বীৰেণ সিঙে পদত্যাগ পত্ৰ দাখিল কৰে ।

ইফালে সিঙৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি ৰাজ্যপাল অজয় ​​কুমাৰ ভাল্লাই তেওঁক পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্ধাৰণ নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই যোৱাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক:মণিপুৰ প্ৰশাসনত বৃহৎ ৰদবদল

মণিপুৰ আকৌ জ্বলিল: ক্ষুব্ধ জনতা-আৰক্ষীৰ সংঘৰ্ষ, আহত আৰক্ষী অধীক্ষক

Last Updated : Feb 9, 2025, 8:28 PM IST

ABOUT THE AUTHOR

...view details