নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ :উত্তৰাখণ্ডৰ গৌৰীকুণ্ডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । কেদাৰনাথলৈ যোৱাৰ পথত সোণপ্ৰয়াগৰ পৰা প্ৰায় ১ কিঃমিঃ দূৰত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । শেহতীয়া তথ্য অনুসৰি, ৫ গৰাকী লোকৰ মৃত্যু । গৌৰীকুণ্ডৰ পৰা সোণপ্ৰয়াগ অভিমুখে গৈ থকা বহু যাত্ৰী ভূমিস্খলনৰ ফলত আৱদ্ধ হোৱাৰ সন্দেহ কৰা হৈছে । মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰো আশংকা কৰা হৈছে ।
- গৌৰীকুণ্ডত ভূমিস্খলন :
ভূমিস্খলনৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী, জিলা প্ৰশাসন, এছডিআৰএফ আৰু এনডিআৰএফৰ দল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় । ইফালে দলবোৰে যৌথভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে । অভিযানৰ সময়ত সোমবাৰে নিশা আঘাতপ্ৰাপ্ত অৱস্থাত ৩ গৰাকী লোকক সেই স্থানৰ পৰা উদ্ধাৰ কৰা হয় । এগৰাকী লোকক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় যদিও পিচত লোকজনক চিকিৎসকে মৃত ঘোষণা কৰে ।
- উদ্ধাৰ অভিযানত সমস্যা :
প্ৰতিকূল বতৰ আৰু নিশাৰ ভাগত নিৰন্তৰ ধ্বংসাৱশেষ আৰু শিল খহি পৰাৰ ফলত উদ্ধাৰকাৰী দলসমূহে সাহায্য আৰু উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । এনে পৰিপ্ৰেক্ষিতত নিশা উদ্ধাৰ অভিযান বন্ধ কৰিব লগা হয় । দৰাচলতে যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সন্ধিয়া ৬:৩০ বজাৰ পিচত উক্ত পথত চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় । যিসকলে এই সময়ৰ পূৰ্বে গৌৰীকুণ্ডৰ পৰা সোণপ্ৰয়াগলৈ ৰাওনা হৈছিল তেওঁলোক এই ভূমিস্খলনত প্ৰভাৱিত হয় ।
- ৫ গৰাকী লোকৰ মৃত্যু :
ইফালে মঙলবাৰে পুৱাৰে পৰা উদ্ধাৰকাৰী দলবোৰে পুনৰ অভিযান আৰম্ভ কৰে । উদ্ধাৰকাৰী দলে এই স্থানত অচেতন অৱস্থাত ৩ গৰাকী লোকক (২ গৰাকী মহিলা আৰু ১ জন পুৰুষ) উদ্ধাৰ কৰে । চিকিৎসকে পিচত তেওঁলোকক মৃত ঘোষণা কৰে ।