প্ৰয়াগৰাজ :উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত বুধবাৰে পদপিষ্ট হৈ ১৭ জনকৈ লোকৰ মৃত্যু হয় । এই ঘটনাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ বিৰোধী কংগ্ৰেছে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা বিৰোধীৰ
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰা মতে উত্তৰ প্ৰদেশ চৰকাৰৰ অব্যৱস্থাপনা আৰু ভি আই পি অতিথিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে মহাকুম্ভ মেলাত এনে ঘটনা সংঘটিত হৈছে । ৰাহুল গান্ধীয়ে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি যোগী আদিত্যনাথ চৰকাৰক ভি আই পি সংস্কৃতি নিয়ন্ত্ৰণ কৰি এনে ঘটনা পৰিহাৰ কৰাৰ বাবে উন্নত ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ।
ৰাহুল গান্ধীয়ে কংগ্ৰেছ নেতা-কৰ্মীসকলক ভুক্তভোগী পৰিয়ালবোৰক সহায় কৰিবলৈও কয় । ৰাহুল গান্ধীয়ে Xৰ এটা পোষ্টত লিখিছে,"প্ৰয়াগৰাজৰ মহাকুম্ভত পদপিষ্ট হৈ বহু লোকৰ মৃত্যু আৰু আহত হোৱাৰ খবৰ অত্যন্ত দুখজনক । মই শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো । সাধাৰণ ভক্তৰ পৰিৱৰ্তে ভি আই পিৰ ওপৰত গুৰুত্ব দিয়া আৰু অব্যৱস্থাপনাৰ বাবে এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে ।"
তেওঁ লগতে লিখিছে,"মহাকুম্ভৰ বাবে এতিয়াও যথেষ্ট সময় বাকী আছে আৰু বহু মহাস্নান অনুষ্ঠিত হ'ব । আজিৰ দৰে এক কৰুণ ঘটনা প্ৰতিহত কৰিবলৈ চৰকাৰে সমগ্ৰ ব্যৱস্থা উন্নত কৰা উচিত । ভি আই পি সংস্কৃতি নিয়ন্ত্ৰণ কৰিব লাগে আৰু চৰকাৰে সাধাৰণ ভক্তসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে উন্নত ব্যৱস্থা কৰা উচিত । মই কংগ্ৰেছ কৰ্মী আৰু নেতাসকলক ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক সহায় কৰিবলৈ অনুৰোধ জনাইছো ।"
উল্লেখ্য যে বুধবাৰে পুৱতি নিশা মৌনী অমাৱস্যাৰ পবিত্ৰ স্নানৰ সময়ত লাখ লাখ লোক একত্ৰিত হৈছিল । বিষয়াসকলৰ মতে এখন বেৰিকেড ভাঙি যোৱাৰ ফলতে এই কৰুণ ঘটনাটো সংঘটিত হয় । এই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আখাৰাৰ সাধুসকলে মৌনী অমাৱস্যাৰ বাবে তেওঁলোকে পৰম্পৰাগত পবিত্ৰ স্নান প্ৰত্যাহাৰ কৰে । কিন্তু তাৰ পিছতো বহু লোকে সংগমস্থলীত স্নান কৰে ।