নিউজ ডেস্ক, ৪ মে' :নিজ ৰাজ্যত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বিফল হোৱা কোকৰাঝাৰৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই নিৰ্বাচন খেলিবলৈ এইবাৰ বিহাৰলৈ ঢাপলি মেলিছে । তেওঁ বিহাৰৰ বাল্মিকীনগৰ সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়াই এতিয়া গণ সুৰক্ষা পাৰ্টীৰ টিকটত বাল্মীকিনগৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে, গণ সুৰক্ষা পাৰ্টীৰ ৰাষ্ট্ৰীয় উপদেষ্টা বিনোদ নায়কে এই কথা ঘোষণা কৰি কয় যে অসমত নৱ কুমাৰ শৰণীয়াক প্ৰতাৰণা কৰা হৈছে ।
গণ সুৰক্ষা পাৰ্টীৰ ৰাষ্ট্ৰীয় উপদেষ্টা বিনোদ নায়কে কয় যে নৱ কুমাৰ শৰণীয়া জনজাতীয় লোকৰ অধিকাৰৰ বাবে বাল্মীকিনগৰ সংসদীয় সমষ্টিলৈ আহিছে । কিয়নো ই এক জনজাতীয়, দলিত, মহাদলিত আৰু পিছপৰা সম্প্ৰদায় অধ্যুষিত অঞ্চল । তেওঁ কয় যে কোকৰাঝাৰৰ পৰা নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় ।
"নৱ কুমাৰ শৰণীয়াই ইয়াৰ পৰা মনোনয়ন দাখিল কৰিবলৈ গৈ আছে । আমাৰ মূল উদ্দেশ্য হৈছে যে সমগ্ৰ ভাৰতৰ ভিতৰত চম্পাৰণেই হৈছে একমাত্ৰ অঞ্চল, যাৰ বিকাশ হোৱা নাই । মহাত্মা গান্ধীৰ পৰা নৰেন্দ্ৰ মোদীলৈকে সকলো ডাঙৰ নেতায়ে ইয়ালৈ আহিছে, কিন্তু কোনো উন্নয়ন হোৱা নাই । নৱ কুমাৰ শৰণীয়াক প্ৰতাৰণা কৰা হৈছে । যদি এজন সাংসদৰ প্ৰতিয়ে অন্যায় কৰা হয়, তেন্তে দৰিদ্ৰ লোকৰ প্ৰতি কিমান অন্যায় কৰা হ'ব ? এই কথায়ে তেওঁ জনাবলৈ ইয়ালৈ আহিছে ।" গণ সুৰক্ষা পাৰ্টীৰ ৰাষ্ট্ৰীয় উপদেষ্টা বিনোদ নায়কে কয় ।