নিউজ ডেস্ক, ২৯ মে' :দেশত এতিয়া নিৰ্বাচনী বতৰ । ১ জুনত আৰু মাত্ৰ এটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচতেই অহা ৪ জুনত প্ৰকাশ পাব বহু প্ৰতীক্ষিত লোকসভা নিৰ্বাচনৰ ফলাফল । ইতিমধ্যে শাসক-বিৰোধী উভয়ে নিশ্চিত যে তেওঁলোকে এইবাৰৰ সাধাৰণ নিৰ্বাচনত জয়ী হ'ব । এফালে যদি শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এৰ আশা যে এইবাৰ তেওঁলোকে জয়ৰ অভিলেখ সৃষ্টি কৰিব, আনফালে আকৌ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ আশা যে তেওঁলোকে বিজেপিক উৎখাত কৰিব । মুঠতে সকলোৰে মনত একেটাই আশা, দিল্লীৰ মচনদ দখল কৰা । অৱশ্যে তাৰ বাবে অপেক্ষা কৰিব লাগিব ৪ জুনলৈ ।
কিন্তু ইয়াৰ মাজতে মোদী-শ্বাহৰ ৰাজ্যত আন একাংশই ৪ জুন তাৰিখটো বিশেষভাৱে উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । কিয়নো তেওঁলোকৰ দুই জ্যেষ্ঠ ভাতৃৰ সপোন পূৰণ হোৱাৰ মুহূৰ্তটো বিশেষভাৱে উদযাপন কৰিব বিচাৰে তেওঁলোকে । তেওঁলোকৰ আশা, দুটাকৈ কাৰ্যকালত প্ৰধানমন্ত্ৰী হৈ থকা নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰচাৰৰ সময়ত কৈ থকা ৪০০ খন আসনৰ সংখ্যা অতিক্ৰম কৰিব । লগতে দৃঢ় বিশ্বাস যে বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ'ব । তেনে এক মুহূৰ্ত জানো প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যৰ লোকসকলে এৰাই চলিব পাৰে । নিশ্চয় নোৱাৰে । তাৰ বাবেই এতিয়াৰে পৰা প্ৰস্তুতি চলাইছে গুজৰাটৰ এজন মিঠাই ব্যৱসায়ীয়ে । ৪ জুনত সকলোৰে মুখ মিঠা কৰিবলৈ সাজু হৈছে তেওঁ, তাকো বিনামূলীয়াকৈ ।
বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পালে খুৱাব বিনামূলীয়া জিলাপী
১৯৫৬ চনৰ পৰা গুজৰাটৰ ভুজত মিঠাইৰ দোকান চলাই অহা অৰবিন্দভাই ঠাক্কৰে মোদী চৰকাৰ পুনৰ শাসনলৈ আহিলে ৪ জুনৰ সন্ধিয়া বিনামূলীয়াকৈ জিলাপী বিতৰণৰ কথা ঘোষণা কৰিছে । তেওঁৰ দোকানখনৰ বেনাৰত লিখা আছে, 'এয়া অৰবিন্দভাই জিলাপীৱালাৰ গেৰাণ্টি', এইবাৰ ৪ জুন, মঙলবাৰে সন্ধিয়া ৫ বজাৰ পৰা কোনো জাতি, ধৰ্ম বা বৰ্ণৰ বৈষম্য অবিহনে মোদীপ্ৰেমী আৰু শত্ৰুসকলকো বিনামূলীয়াকৈ জিলাপী বিতৰণ কৰা হ'ব ।
ক্ৰিকেটত ভাৰতীয় দলৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনতো বিনামূলীয়াকৈ জিলাপী খুৱাইছিল
অৰবিন্দভাই ঠাক্কৰ বহু বছৰ ধৰি ক্ৰিকেট আৰু নৰেন্দ্ৰ মোদীৰ অনুৰাগী । তেওঁ এতিয়ালৈকে দৰবাৰ গড় অঞ্চলৰ দোকানৰ পৰা সাধাৰণ লোক আৰু ব্যৱসায়ীসকলক ৫০ বাৰতকৈও অধিক বিনামূলীয়া জিলাপী খুৱাইছে । আনকি ভাৰতীয় দলটোৱে ক্ৰিকেট বিশ্বকাপৰ সময়ত উৎকৃষ্ট প্ৰদৰ্শনেৰে জয়লাভ কৰাৰ সময়তো তেওঁ ওচৰৰ দোকানত থকা লোকসকলক জিলাপী খুৱাই এই বিজয় উদযাপন কৰে । পূৰ্বতে তেওঁ কেৱল ব্যৱসায়ী বন্ধুসকলৰ বাবে বিনামূলীয়া জিলাপী সীমিত কৰি ৰাখিছিল, কিন্তু এইবাৰ নৰেন্দ্ৰ মোদীৰ সংখ্যাগৰিষ্ঠ বিজয়ৰ ওপৰত নিৰ্ভৰ কৰি বৃহৎ পৰিমাণে বিনামূলীয়া জিলাপী পৰিবেশনৰ কথা ঘোষণা কৰিছে ।