নিউজ ডেস্ক, 15 ফেব্ৰুৱাৰী : অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ এখন চিৰিয়াখানাত এজন লোকক সিংহই হত্যা কৰে | সিংহটোৰ বাবে নিৰ্ধাৰিত বেষ্টনীত প্ৰৱেশ কৰাৰ পিছতে ব্যক্তিজনক সিংহটোৱে আক্ৰমণ কৰে ৷ ঘটনাটো জিলাখনৰ শ্ৰী ভেংকটেশ্বৰ চিৰিয়াখানাত সংঘটিত হৈছে ৷
মৃত যুৱকজন ৰাজস্থানৰ প্ৰহ্লাদ গুজ্জাৰ বুলি জানিব পৰা গৈছে ৷ চিৰিয়াখানাৰ পৰা পোৱা তথ্য অনুসৰি ব্যক্তিজন সুৰাসক্ত অৱস্থা আছিল ৷ চেলফি ক্লিক কৰিবলৈ ব্যক্তিজন সিংহৰ গৰালত প্ৰৱেশ কৰে আৰু লগে লগে প্ৰকাণ্ড সিংহটোৱে তেওঁক আক্ৰমণ কৰে ৷ এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু বন বিভাগৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে ৷
এই ঘটনাৰ পিচতে চিৰিয়াখানাৰ ভিতৰত দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধ কৰি দিয়ে কৰ্তৃপক্ষই ৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰিত কৰে ৷ যোৱা দশকত, ভাৰতৰ কেইবাখনো ৰাজ্যত চিৰিয়াখানা আৰু একে ধৰণৰ উদ্যানত পাঁচটা অনুৰূপ ঘটনা সংঘটিত হৈছে ৷