নিউজ ডেস্ক, ১৩ জুলাই : বয়স তেওঁৰ ৮০ বছৰ । যদি আমি তেওঁৰ নামৰ পিচত ডিগ্ৰী লিখিবলৈ যাওঁ, তেন্তে সেয়া এক দীঘলীয়া শাৰী হ'ব । কিয়নো তেওঁ ইতিমধ্যে অৰ্জন কৰিছে ২০ টাকৈ স্নাতকোত্তৰ ডিগ্ৰী । কিন্তু ইমানতো মাৰ যোৱা নাই তেওঁৰ শিক্ষাৰ ক্ষুধা । এগৰাকী আজীৱন শিক্ষাৰ্থী হিচাপে তেওঁ এতিয়াও অধ্যয়ন কৰি আছে । তেওঁ হৈছে তেলেংগানাৰ ৱাৰাংগলৰ ডঃ অংকাথি বীৰাস্বামী ।
উল্লেখ্য যে এতিয়ালৈকে বীৰাস্বামীয়ে ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা 3টা, কাকতিয়াৰ পৰা 7 টা, ইন্দিৰা গান্ধী বিশ্ববিদ্যালয়ৰ 4 টা, পোট্টি শ্ৰীৰামুলু তেলুগু বিশ্ববিদ্যালয়ৰ 3 টা আৰু বিভিন্ন ৰাজ্যৰ অন্যান্য বিশ্ববিদ্যালয়ৰ পৰা 3 টাকৈ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে । ইমানৰ পিচতো কিন্তু তেওঁৰ অধ্যয়নৰ গতি স্তব্ধ হ'বলৈ দিয়া নাই । শেহতীয়াকৈ তেওঁ ইগনুৰ পৰা এম এ নৃতত্ত্ব পৰীক্ষা দিছে আৰু ইয়াৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে ।
বীৰাস্বামীয়ে ১৯৬২ চনত উচ্তৰ মাধ্যমিকত উত্তীৰ্ণ হৈছিল । শিক্ষক প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিচত তেওঁ ১৯৬৮ চনত ৱাৰাংগলৰ এখন বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে । তেওঁ দূৰশিক্ষাৰ জৰিয়তে ১৯৭৩ চনত বি এ সম্পূৰ্ণ কৰে । আনহাতে, 1978 চনত বি এড সম্পূৰ্ণ কৰে । এগৰাকী উৎসাহী শিক্ষাৰ্থী বীৰাস্বামীয়ে 1981 চনত হিমাচল প্ৰদেশত এম এড কৰি থাকোঁতে এটা ঘটনাই তেওঁ অনুপ্ৰাণিত কৰিছিল । সেই সময়ত তেওঁ এগৰাকী অধ্যাপকক তিনিটাকৈ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰা দেখিছিল । তাৰ পিচৰে পৰা তেওঁ দূৰশিক্ষাৰ জৰিয়তে বিভিন্ন বিশ্ববিদ্যালয়ত একেৰাহে স্নাতকোত্তৰ কৰি আহিছে ।
তেওঁ ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান, মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান, এম চি জে আৰু পোট্টি শ্ৰীৰামুলু বিশ্ববিদ্যালয়ৰ পৰা জ্যোতিষশাস্ত্ৰত এম একে ধৰি বহুকেইটা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে । বীৰাস্বামীয়ে প্ৰকাশ কৰিছে যে তেওঁ সকলো বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিব বিচাৰে । আনহাতে, 2002 চনত অৱসৰৰ পিচত তেওঁ ৱাৰাংগলৰ ষ্টম্বাম্পল্লীত তেওঁৰ নামেৰে এখন এ ভি এছ বিদ্যালয় স্থাপন কৰে । তেওঁৰ পত্নীৰ সৈতে দুই পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে । তেওঁ নিজৰ সন্তান আৰু শিষ্যসকলকো স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে ।
আনকি এই বয়সতো বীৰাস্বামীয়ে নিয়মীয়াকৈ যোগাভ্যাস কৰে আৰু তেওঁক অতি উৎসাহী দেখা যায় । তেওঁ ৰেডিঅ' আৰু টিভিত এইডছ সজাগতা, যোগ আৰু আন বহুতো কাৰ্যসূচীত অংশগ্ৰহণ কৰে । বীৰাস্বামীক নিউয়ৰ্কৰ এখন বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ড্গিৰী প্ৰদান কৰিছিল । তেওঁ কয় যে যদি তেওঁ প্ৰতি নিশা 7.30 ৰ পৰা 10.30 লৈ কিতাপ পঢ়ে, তেন্তে তেওঁৰ মন সক্ৰিয় হৈ থাকে ।