নিউজ ডেস্ক, 17 জুন: পশ্চিমবংগৰ জলপাইগুৰিৰ ৰঙাপানী ষ্টেচনৰ সমীপত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ট্ৰেইনৰ মাজত সংঘটিত সংঘৰ্ষত 9 জন লোক নিহত হোৱাৰ লগতে বহু কেইজন লোক আহত হোৱা ঘটনাক লৈ ইতিমধ্যে দেশজুৰি চৰ্চা চলিছে ৷ এই ঘটনাই সোঁৱৰাই দিলে ভাৰতত সংঘটিত ভয়াৱহ ৰে’ল দুৰ্ঘটনাসমূহৰ কথা ৷
ৰেল দুৰ্ঘটনা গুৰুতৰ চিন্তাৰ বিষয় আৰু শেহতীয়া ঘটনাই পুনৰবাৰ নিয়মীয়াকৈ ৰূপায়ণ কৰা সুৰক্ষা ব্যৱস্থা আৰু উন্নত প্ৰযুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । কিয়নো সকলো পদক্ষেপৰ পিচতো সংঘৰ্ষ আৰু লাইনচ্যুত হোৱাৰ সম্ভাৱনা অব্যাহত আছে ।
লগতে পঢ়ক:কলকাতা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ সংঘৰ্ষ; 15 জনৰ মৃত্যু - KANCHANJUNGHA EXPRESS ACCIDENT
শেহতীয়াকৈ সংঘটিত হোৱা বৃহৎ দুৰ্ঘটনাটো আছিল ওড়িশাৰ বালাছোৰত সংঘটিত হোৱা ট্ৰিপল ট্ৰেইন দুৰ্ঘটনা ৷ য’ত যোৱা বছৰ 300 ৰো অধিক লোকৰ মৃত্যু হৈছিল । যোৱা এটা দশকত ভাৰতত সংঘটিত হোৱা কেইটামান ৰে’ল দুৰ্ঘটনাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে ৷
- 2024 চনৰ মাৰ্চ : 18 মাৰ্চত ৰাজস্থানৰ আজমেৰৰ মাদাৰ ৰে’লৱে’ ষ্টেচনৰ সমীপত সাবৰমতী-আগ্ৰা ছুপাৰফাষ্ট ৰে’লৰ কমেও চাৰিটা দবা ৰেলপথৰ পৰা বাগৰি যায় । সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নগ’ল ।
- 2024 চনৰ ফেব্ৰুৱাৰী: 28 ফেব্ৰুৱাৰীত ঝাৰখণ্ডত ৰে’লপথ পাৰ হৈ যোৱা লোকক এক্সপ্ৰেছ ৰে’লে খুন্দা মৰাত থিতাতে 28 জন লোকৰ মৃত্যু হয় ।
- নৱেম্বৰ 2023: 2023 চনৰ 5 নৱেম্বৰত উত্তৰ প্ৰদেশৰ ইটাৱাত দিল্লী-দৰভংগা এক্সপ্ৰেছৰ এছ-1 দবাত অগ্নিকাণ্ড সংঘটিত হয় । তিনিটা বগী জ্বলি যোৱাৰ ফলত 8 জন যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হয় । সতৰ্ক লোকো পাইলটে ৰেলখন ৰখাই দিয়ে । কৰ্তৃপক্ষক অৱগত কৰাৰ পিচত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
- অক্টোবৰ 2023: 2023 চনৰ 29 অক্টোবৰত অন্ধ্ৰ প্ৰদেশৰ আলামাণ্ডা আৰু কান্তকাপল্লে চহৰৰ মাজত দুখন যাত্ৰীবাহী ৰে’লৰ সংঘৰ্ষত 14 জন লোকৰ মৃত্যু হয় ।
- 2023 চনৰ অক্টোবৰ: 2023 চনৰ 11 অক্টোবৰত বিহাৰত নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত হয়, য’ত চাৰিজন লোকৰ মৃত্যু হয় আৰু ৭০ জনৰো অধিক লোক আহত হয় । বিহাৰৰ বাক্সাৰ ৰঘুনাথপুৰ ৰে’ল ষ্টেচনৰ সমীপত 12506 নং আনন্দ বিহাৰ টাৰ্মিনেল-কামাখ্যা জংচন নৰ্থ ইষ্ট এক্সপ্ৰেছৰ ছটা দবা লাইনচ্যুত হয় ।
- আগষ্ট 2023: 2023 চনৰ 25 আগষ্টত লক্ষ্ণৌ-ৰামেশ্বৰম ভাৰত গৌৰৱ ৰেলত অগ্নিকাণ্ড সংঘটিত হৈ 9 জন যাত্ৰী নিহত হোৱাৰ লগতে 20 জন আহত হয় । প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে যাত্ৰীসকলে ৰে’লখনত গেছ চিলিণ্ডাৰ এটা চোৰাংভাৱে লৈ গৈছিল আৰু দবাৰ ভিতৰত ৰন্ধা-বঢ়া কৰি আছিল, তেতিয়াই অগ্নিকাণ্ড সংঘটিত হয় ।
- 2023 চনৰ ছেপ্টেম্বৰ: 2023 চনৰ 23 ছেপ্টেম্বৰত ভালছাদ ৰে’লৱে’ ষ্টেচনৰ সমীপৰ তিৰুচিৰাপল্লী-শ্ৰী গংগানগৰ হুমছফৰ এছ এফ এক্সপ্ৰেছত অগ্নিকাণ্ড সংঘটিত হয় ।
- জুন 2023: 2023 চনৰ 2 জুনত ওড়িশাৰ বালাছোৰ জিলাত তিনিখন ৰে’লৰ সংঘৰ্ষ হয় । বাহানাগা বজাৰ ৰে’লৱে’ ষ্টেচনৰ সমীপৰ মূল লাইনৰ পৰিৱৰ্তে পাছিং লুপত পূৰ্ণ গতিৰে প্ৰৱেশ কৰি কৰমণ্ডল এক্সপ্ৰেছ গাড়ীখনে এখন মালবাহী ট্ৰেইনৰ সৈতে খুন্দা মাৰে । কৰমণ্ডল এক্সপ্ৰেছৰ তীব্ৰ গতিৰ বাবে ইয়াৰ 21 টা দবা ৰেলপথৰ পৰা বাগৰি যায় আৰু ইয়াৰে তিনিটা দবা কাষৰীয়া ট্ৰেকত এছএমভিটি বেংগালুৰু–হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছত খুন্দা মাৰে । এই দুৰ্ঘটনাত মুঠ 296 জন লোক নিহত হোৱাৰ লগতে 1200 ৰো অধিক লোক আহত হয় ।
- 2022 চনৰ জানুৱাৰী: 2022 চনৰ 13 জানুৱাৰীত পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মায়নাগুৰিৰ সমীপত বিকানেৰ–গুৱাহাটী এক্সপ্ৰেছ লাইনচ্যুত হোৱাত 9 জন লোকৰ মৃত্যু হোৱাৰ লগতে 50 জন লোক আহত হয়
- 2018 চনৰ অক্টোবৰ : 2018 চনৰ 19 অক্টোবৰত পঞ্জাৱৰ অমৃতসৰত দশেৰা উদযাপনৰ বাবে ৰে’লপথত সমবেত হোৱা ভিৰৰ মাজেৰে এখন স্থানীয় ৰেল পাৰ হৈ যোৱাত প্ৰায় 59 জন লোকৰ মৃত্যু হয় আৰু 57 জন আহত হয় ।
- আগষ্ট 2017: 2017 চনৰ 23 আগষ্টত উত্তৰ প্ৰদেশৰ আওৰৈয়াৰ সমীপত দিল্লী অভিমুখী কৈফিয়ৎ এক্সপ্ৰেছৰ 9 টা ৰে’ল দবা ৰেলপথৰ পৰা বাগৰি যোৱাত প্ৰায় 70 জন লোক আহত হয় । কৈফিয়ৎ এক্সপ্ৰেছ গাড়ীখনে ৰে’লপথত ডাম্পাৰ সৈতে খুন্দা মৰাৰ ফলত 10 টা দবা ৰেলপথৰ পৰা আঁতৰি যায় ।
- আগষ্ট 2017: 2017 চনৰ 19 আগষ্টত উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাত পুৰী-হৰিদ্বাৰ উত্তল এক্সপ্ৰেছৰ 14 টা দবা ৰেলপথৰ পৰা বাগৰি যোৱাত ২৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 60 জন লোক আহত হয় । পুৰীৰ পৰা হৰিদ্বাৰ অভিমুখে গৈ থকা ৰেলখন দুৰ্ঘটনাত পতিত হয় ।
- 2017 চনৰ জানুৱাৰী : 2017 চনৰ 21 জানুৱাৰীত দক্ষিণ অন্ধ্ৰপ্ৰদেশত যাত্ৰীবাহী ৰেলৰ কেইবাটাও দবা ৰেলপথৰ পৰা বাগৰি যোৱাৰ ফলত কমেও 41 জন লোকৰ মৃত্যু হয় । বিজয়নগৰৰ কুনেৰু গাঁৱৰ সমীপত জগদলপুৰৰ পৰা ভুৱনেশ্বৰ অভিমুখী 18448 হিৰাখণ্ড এক্সপ্ৰেছ লাইনচ্যুত হয় ৷
- নৱেম্বৰ 2016:2016 চনৰ 20 নৱেম্বৰত উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ পুখৰায়ণৰ সমীপত ইন্দোৰ–পাটনা এক্সপ্ৰেছৰ 14 টা দবা ৰেলপথৰ পৰা বাগৰি যোৱাৰ ফলত প্ৰায় 146 জন লোক নিহত হোৱাৰ লগতে 200 ৰো অধিক লোক আহত হয় ।
- 2014 চনৰ মে’: 2014 চনৰ 26 মে’ত উত্তৰ প্ৰদেশৰ সন্ত কবীৰ নগৰ অঞ্চলত গোৰখধাম এক্সপ্ৰেছ গাড়ীখনে এখন মালবাহী ট্ৰেইনৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । ৰেলখন গোৰখপুৰ অভিমুখে গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয় । 25 জন লোক নিহত হোৱাৰ লগতে আহত হৈছিল 50 জনৰো অধিক ।
লগতে পঢ়ক:বংগৰ ৰে’ল দুৰ্ঘটনা : যাত্ৰীৰ সুৰক্ষা, 'কৱচ' ৰূপায়ণৰ স্থিতিক লৈ উঠিছে প্ৰশ্ন - KANCHANJUNGHA EXPRESS ACCIDENT