নিউজ ডেস্ক, ১ মাৰ্চ :দিল্লীৰ পাটিয়ালা হাউছ আদালতে সংসদৰ নিৰাপত্তা ভংগ গোচৰত ছয় অভিযুক্তৰ ন্যায়িক জিম্মা ১১ মাৰ্চলৈ বৃদ্ধি কৰিছে । অতিৰিক্ত সত্ৰ ন্যায়াধীশ হৰদীপ কৌৰে এই নিৰ্দেশ জাৰি কৰে । আনহাতে, শুকুৰবাৰে ন্যায়ালয়ত হাজিৰ হোৱাৰ সময়ত অভিযুক্ত নীলম আজাদে আদালতক জনায় যে তেওঁ নিজৰ অধিবক্তা সুৰেশ চৌধুৰীক সলনি কৰিছে । লগতে বাকী পাঁচগৰাকী অভিযুক্তয়ো জনায় যে তেওঁলোকেও তেওঁলোকৰ নিজা অধিবক্তা ল'ব বিচাৰে ।
উল্লেখ্য যে ১৩ ডিচেম্বৰত দুজন অভিযুক্তই সংসদৰ দৰ্শক গেলেৰীৰ পৰা সংসদ চেম্বাৰত জঁপিয়াই পৰে । তাৰ পিছত এজন অভিযুক্তই ডেস্কৰ ওপৰেৰে জঁপিয়াই গৈ থাকোঁতে জোতাৰ পৰা কিবা এটা উলিয়ায় । ইয়াৰ পিছতে হঠাতে হালধীয়া ধোঁৱা ওলাই আহিবলৈ আৰম্ভ কৰে । এই ঘটনাত অভিযুক্তসকলক সাগৰ শৰ্মা, মনোৰঞ্জন ডি, অমল সিন্দে, নীলম আজাদ, ললিত ঝা আৰু মহেশ কুমাৱত বুলি চিনাক্ত কৰা হৈছে ।