অসম

assam

ETV Bharat / bharat

ঝাৰখণ্ড চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ; নতুন মন্ত্ৰীসভাক দায়িত্ব অৰ্পণ মুখ্যমন্ত্ৰী চম্পাইৰ

Jharkhand CM Soren allocates portfolio: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই সোৰেনে শুকুৰবাৰে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰে আৰু তেওঁলোকক দপ্তৰ বিতৰণ কৰে ৷ তাৎপৰ্যপূৰ্ণভাবে মুখ্যমন্ত্ৰী চম্পাইৰ মন্ত্ৰীসভাত কংগ্ৰেছৰ চাৰিজন মন্ত্ৰীক প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ মন্ত্ৰীসভাত লাভ কৰা প্ৰায় একেখিনি দায়িত্বকে অৰ্পণ কৰা হৈছে ৷ কিন্তু জেএমএমৰ মন্ত্ৰীসকলৰ বিভাগসমূহত যথেষ্ট সালসলনি কৰা হৈছে ।

By ANI

Published : Feb 17, 2024, 9:49 AM IST

Jharkhand CM Soren allocates portfolio
ঝাৰখণ্ড চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই সোৰেনে শুকুৰবাৰে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ লগতে মন্ত্ৰীসকলক তেওঁলোকৰ দপ্তৰ বিতৰণ কৰে ৷ মুঠ আঠজন বিধায়কে চম্পাই কেবিনেটৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । মন্ত্ৰীসভাৰ শপত লোৱাসকলৰ ভিতৰত আছে ৰামেশ্বৰ ওৰাওন, দীপক বিৰুৱা, বন্না গুপ্তা, বাদল পাত্ৰলেখ, মিথিলেশ ঠাকুৰ, বসন্ত সোৰেন, হাফিজুল হাছান আৰু বেবী দেৱী ।

মুখ্যমন্ত্ৰী চম্পাই সোৰেনে শুকুৰবাৰে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ কেইঘণ্টামানৰ ভিতৰতে মন্ত্ৰীসকলক তেওঁলোকৰ দপ্তৰ বিতৰণ কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ কাৰ্যকালত মন্ত্ৰীপদত থকা প্ৰায় সকলো মন্ত্ৰীৰ দপ্তৰসমূহত মুখ্যমন্ত্ৰী চম্পাই সোৰেনে প্ৰায় অব্যাহত ৰাখে ৷ কৰ্মচাৰী বিভাগ, গৃহ বিভাগ, কেবিনেট সচিবালয় আৰু নিৰীক্ষণ বিভাগৰ লগতে বিতৰণ নকৰা সকলো বিভাগ মুখ্যমন্ত্ৰী চম্পাই সোৰেনে নিজৰ লগত ৰাখে ৷

তাৎপৰ্যপূৰ্ণ যে, মুখ্যমন্ত্ৰী চম্পাই সোৰেনৰ নতুন মন্ত্ৰীসভাত স্থান লাভ কৰে তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কনিষ্ঠ ভাতৃ বসন্ত সোৰেনক পথ নিৰ্মাণ বিভাগ, বিল্ডিং নিৰ্মাণ বিভাগ আৰু জলসম্পদ বিভাগৰ দায়িত্ব দিয়া হৈছে । এই আটাইকেইটা বিভাগ অতি গুৰুত্বপূৰ্ণ বিভাগ হিচাপে গণ্য কৰা হয় ।

ইফালে কংগ্ৰেছৰ মন্ত্ৰী আলমগীৰ আলমক গ্ৰামোন্নয়ন বিভাগ, গ্ৰাম্য পৰিক্ৰমা বিভাগ আৰু পঞ্চায়তীৰাজ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয় । আৰজেডিৰ সত্যানন্দ ভোকতাই লাভ কৰিছে শ্ৰম আৰু উদ্যোগ বিভাগ । বাণিজ্যিক কৰ বিভাগ আৰু খাদ্য যোগান বিভাগৰ উপৰি বিত্ত বিভাগ, পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ দায়িত্ব লাভ কৰিছে ৰামেশ্বৰ ওৰাওনে ।

দীপক বিৰুৱাই লাভ কৰিছে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগ আৰু পৰিবহণ বিভাগ । ইফালে কংগ্ৰেছ মন্ত্ৰী বন্না গুপ্তাক পুনৰ স্বাস্থ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দায়িত্ব দিয়া হৈছে । বাদল পাত্ৰলেখে কৃষি, পশুপালন আৰু সহযোগিতা বিভাগ লাভ কৰিছে ।

আনহাতে হেমন্ত সোৰেনৰ অতি ঘনিষ্ঠ বুলি পৰিচিত মন্ত্ৰী মিথিলেশ ঠাকুৰে খোৱাপানী আৰু অনাময় বিভাগৰ লগতে আবকাৰী আৰু নিষেধাজ্ঞা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ হাফিজুল হাছানক সংখ্যালঘু কল্যাণ বিভাগ, পঞ্জীয়ন বিভাগ আৰু পৰ্যটন, কলা, সংস্কৃতি আৰু ক্ৰীড়া বিভাগৰ দায়িত্ব দিয়া হৈছে । বেবী দেৱীক মহিলা, শিশু বিকাশ আৰু সামাজিক সুৰক্ষা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

লগতে পঢ়ক:ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ-গ্ৰেপ্তাৰ, পৰৱৰ্তী মুখ্যমন্ত্ৰী চম্পাই ছোৰেন

ABOUT THE AUTHOR

...view details