নিউজ ডেস্ক, ১৮ মাৰ্চ :দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এটা আদেশ আৰু পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগৰ পদক্ষেপৰ পিচৰে পৰা এতিয়া সমগ্ৰ দেশৰ ৰাজনীতি গৰম হৈ আছে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত নিৰ্বাচনী বণ্ডৰ তালিকা প্ৰকাশ কৰা হৈছে । এতিয়া ইয়াৰ দ্বাৰা কোনে কিমান অনুদান লাভ কৰিছে সেই বিষয়ে তথ্য পোৱাৰ পিছত, বিৰোধীয়ে শাসকীয় বিজেপিক নিৰন্তৰ আক্ৰমণ কৰি আছে । একে সময়তে জেডিইউয়ে নিৰ্বাচন আয়োগক দিয়া তথ্যত কোৱা হৈছে যে 2019 চনত তেওঁলোকৰ কাৰ্যালয়ত 10 কোটি টকাৰ এক বেনামী নিৰ্বাচনী বণ্ড কোনোৱে ৰাখি থৈ গৈছিল আৰু পিছত দলটোৱে সেয়া ব্যৱহাৰ কৰে ।
এই সন্দৰ্ভত জেডিইউয়ে নিৰ্বাচন আয়োগক কয় যে 2019 চনৰ 3 এপ্ৰিলত পাটনাৰ জেডিইউ কাৰ্যালয়লৈ 10 কোটি টকাৰ নিৰ্বাচনী বণ্ড আহে । অৱশ্যে কোনে ইয়াক দান কৰিছিল সেই বিষয়ে দলটোৰ ওচৰত কোনো তথ্য নাই । জেডিইউৰ দ্বাৰা লাভ কৰা বেছিভাগ নিৰ্বাচনী বণ্ড হায়দৰাবাদ আৰু কলকাতাৰ ষ্টেট বেংক অব ইণ্ডিয়াৰ শাখাৰ পৰা জাৰি কৰা হৈছিল । অৱশ্যে পাটনাৰ এছবিআই শাখাৰ পৰাও কিছু বণ্ড জাৰি কৰা হৈছিল ।