নেশ্যনেল ডেস্ক, 21 মাৰ্চ :বুধবাৰে অসম আৰক্ষীয়ে ভাৰত-বাংলা সীমান্তৱৰ্তী ধুবুৰীৰ ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ কৰে ISIS ৰ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকীসহ তেওঁৰ সহযোগী পানীপথৰ অনুৰাগ সিং ওৰফে ৰেহানক ৷ শেহতীয়া তথ্য অনুসৰি, হাৰিছ ফাৰুকী উত্তৰাখণ্ডৰ বাসিন্দা আৰু তেওঁৰ পৰিয়াল দেৰাদুনত বাস কৰে ৷
একে সময়তে, তেওঁৰ সহযোগী অনুৰাগ সিং ওৰফে ৰেহান পানীপথৰ বাসিন্দা । অনুৰাগ সিঙে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ পত্নী বাংলাদেশৰ নাগৰিক। হাৰিছ ফাৰুকীৰ উত্তৰাখণ্ড সংযোগ পোহৰলৈ অহাৰ পিচত, ৰাজ্যিক আৰক্ষীয়েও সতৰ্ক হৈ পৰিছে ৷ আৰক্ষীয়ে দেৰাদুনত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
জেৰাৰ সময়ত হাৰিছ ফাৰুকীয়ে জানিবলৈ দিয়ে যে, তেওঁৰ পৰিয়ালে যোৱা প্ৰায় ২০ বছৰ ধৰি দেৰাদুনৰ দালানৱালা কোতৱালী অঞ্চলত বাস কৰে । ফাৰুকীৰ পিতৃয়ে দেৰাদুনত এখন ঔষধৰ বিপণি চলায়।
স্থানীয় চোৰাংচোৱা আৰু আৰক্ষীৰ মতে, ফাৰুকী যোৱা 10-12 বছৰ ধৰি দেৰাদুনলৈ অহা নাই । ফাৰুকীয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল, কিন্তু বিশ্ববিদ্যালয় এৰাৰ পিচত, তেওঁ কেতিয়াও পৰিয়ালক লগ কৰিবলৈ দেৰাদুনলৈ অহা নাছিল । হাৰিছ ফাৰুকী আৰু তেওঁৰ সহযোগী সন্ত্ৰাসবাদী অনুৰাগ সিঙে ভাৰততে সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ লৈছে ।