অসম

assam

ETV Bharat / bharat

ইণ্ডিগ'ৰ ১৫ খন বিমানলৈ নিৰাপত্তা সম্পৰ্কীয় এলাৰ্ট

IndiGo Airlines: ইণ্ডিগ' বিমানত পুনৰ বোমা আতংক ! একেদিনাই ১৫ খন বিমানে লাভ কৰিলে নিৰাপত্তা সম্পৰ্কীয় এলাৰ্ট ।

IndiGo Airlines
ইণ্ডিগ'ৰ ১৫ খন বিমানলৈ নিৰাপত্তা সম্পৰ্কীয় এলাৰ্ট (ANI)

By ANI

Published : Oct 28, 2024, 8:12 AM IST

নতুন দিল্লী : ইণ্ডিগ'ৰ যাত্ৰীৰ মাজত হাহাকাৰ অনস্থা । কিয়নো দেওবাৰে ইণ্ডিগ'ৰ দ্বাৰা পৰিচালিত প্ৰায়ে ১৫ খন বিমানে নিৰাপত্তা সম্পৰ্কীয় সতৰ্কবাণী বা এলাৰ্ট লাভ কৰে । লগে লগে বিমান সংস্থাটোৱে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ লগতে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰে ।

বিমানকেইখন কি কি ?

এয়াৰলাইনটোৱে এক প্ৰেছ বিজ্ঞপ্তিত কয়, "আমি নিম্নলিখিত ইণ্ডিগ' বিমানৰ বাবে আজি নিৰাপত্তা সম্পৰ্কীয় সতৰ্কবাণীৰ বিষয়ে অৱগত । সেই কেইখন হৈছে -

  • 6E-11 দিল্লী-ইস্তাম্বুল,
  • 6E-92 জেদ্দা-মুম্বাই,
  • 6E-112 গোৱা-আহমেদাবাদ,
  • 6E-125 বেংগালুৰু-ঝাৰচুগুড়া,
  • 6E-127 অমৃতসৰ-আহমেদাবাদ,
  • 6E-135 কলকাতা-পুনে,
  • 6E-149 হায়দৰাবাদ-বাগডোগ্ৰা,
  • 6E-173 দিল্লী-বেংগালুৰু,
  • 6E-175 বেংগালুৰু-দিল্লী,
  • 6E-197 ৰায়পুৰ-হায়দৰাবাদ,
  • 6E-248 মুম্বাই-কলকাতা,
  • 6E-277 আহমেদাবাদ-লক্ষ্ণৌ,
  • 6E 312 বেংগালুৰু-কলকাতা,
  • 6E-235 কলকাতা-বেংগালুৰু আৰু
  • 6E-74 ৰিয়াধ-মুম্বাই ।"

বিবৃতিটোত এয়াৰলাইন কোম্পানীটোৱে দাবী কৰিছে যে তেওঁলোকে সকলো সুৰক্ষা প্ৰটোকলৰ অনুসৰণ কৰিছে আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি আছে । গ্ৰাহকসকলৰ যিকোনো অসুবিধাৰ বাবে দুখ প্ৰকাশো কৰিছে কোম্পানীটোৱে ।

বিবৃতিটোত এয়াৰলাইন কোম্পানীটোৱে, "আমাৰ গ্ৰাহক আৰু কৰ্মচাৰীৰ সুৰক্ষা আৰু নিৰাপত্তা আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আছে । আমি আমাৰ গ্ৰাহকসকলৰ যিকোনো অসুবিধাৰ বাবে দুঃখিত আৰু এই সময়ছোৱাত তেওঁলোকৰ ধৈৰ্যক প্ৰশংসা কৰো ।"

বিমানত বোমা আতংক

উল্লেখ্য যে, দেওবাৰে বেংগালুৰুৰ পৰা অহা এখন বিমানত বোমাৰ ভাবুকিৰ ফলত অযোধ্যাৰ মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপত্তা বৃদ্ধি কৰা হয় । আকাছা এয়াৰলাইনৰ দ্বাৰা পৰিচালিত বিমানখনে ১৭৩ গৰাকী যাত্ৰীৰ সৈতে যাত্ৰা কৰি আছিল । পিছত জৰুৰী সুৰক্ষা প্ৰটোকলৰ অধীনত সুৰক্ষিতভাৱে অৱতৰণ কৰে । নিচ্ছিদ্ৰ তালাচীৰ অন্তত কৰ্তৃপক্ষই দাবী কৰে যে কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী পোৱা হোৱা নাই ।

ইণ্ডিগ' বিমানলৈ নিৰাপত্তা সম্পৰ্কীয় এলাৰ্ট

ইয়াৰ পূৰ্বে ২৪ অক্টোবৰত ইণ্ডিগ' এয়াৰলাইনছৰ মুঠ ২০ খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানে নিৰাপত্তা সম্পৰ্কীয় সতৰ্কবাণী লাভ কৰিছিল । যোৱা ২৬ অক্টোবৰত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ভাৰতত চলি থকা বিভিন্ন এয়াৰলাইনৰ ভুৱা বোমাৰ ভাবুকি প্ৰতিৰোধ কৰিবলৈ সামাজিক মাধ্যম প্লেটফৰ্মকে ধৰি মধ্যস্থতাকাৰীসকলৰ দায়িত্বৰ ওপৰত এক পৰামৰ্শ জাৰি কৰিছিল ।

কেন্দ্ৰীয় মন্ত্ৰীৰ উদ্বেগ প্ৰকাশ

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱেও ভাৰতীয় বিমান সেৱাসমূহক এনেধৰণৰ প্ৰৱঞ্চনা কৰাৰ ক্ষেত্ৰত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি কয় যে এই বিদ্বেষপূৰ্ণ কাৰ্যৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।

এক্সৰ এটা পোষ্টত তেওঁ কয়, "শেহতীয়াকৈ বোমাৰ ভাবুকিৰ ফলত বিমান ভ্ৰমণ ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত আমি গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছো । মই আপোনাক আশ্বাস দিছো যে সুৰক্ষা আৰু নিৰাপত্তা আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু আমি এই বিদ্বেষপূৰ্ণ কাৰ্যবোৰৰ আঁৰত থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ ।"

লগতে পঢ়ক :অৰ্ধশতাধিক বিমান আৰু একুৰিৰো অধিক হোটেললৈ বোমাৰ ভাবুকি

ABOUT THE AUTHOR

...view details