তেজপুৰ : বিশ্ব প্ৰসিদ্ধ পানীয় চাহৰ বাবে এক সুখবৰ ৷ অতুলনীয় সোৱাদ আৰু গুণগত মানৰ বাবে ভাৰতৰ লগতে বিশ্বৰ বজাৰত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা চাহে ইতিমধ্যে লাভ কৰিছে ভৌগলিক স্বীকৃতি ৷ তাৰ মাজতেই আপোনাৰ মোৰ সকলোৰে প্ৰিয় চাহৰ বাবে আন এক উপলব্ধি ৷
আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে(FDA) জাৰি কৰিছে এক নতুন নিৰ্দেশনা ৷ ইয়াৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰই চাহক স্বাস্থ্যকৰ বুলি মোহৰ লগালে ।
উল্লেখ্য যে, তিনিদিন পূৰ্বে লোকসভাত কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী জিতিন প্ৰসাদে অসমৰ চাহ ৰাষ্ট্ৰীয় পানীয় হিচাবে ঘোষণা কৰা নহয় বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ মাজতে 20 ডিচেম্বৰত আমেৰিকাই চাহক স্বাস্থ্যকৰ পানীয় হিচাবে স্বীকৃতি দিয়ে ।
এই নিৰ্দেশনাক কেন্দ্ৰ কৰি অত্যন্ত সুখী হৈছে উত্তৰ-পূব চাহ সন্থা চমুকৈ নেটাৰ (NETA) উপদেষ্টা আৰু চাহ ব’ৰ্ড ইণ্ডিয়াৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতি ৷ এই সন্দৰ্ভত বিদ্যানন্দ বৰকাকতিয়ে কয়, "এই বাতৰি লাভ কৰি আমি অত্যন্ত সুখী অনুভৱ কৰিছো ৷ কেমেলিয়া চাইনেন্সিছৰ পৰা আহৰণ কৰা চাহ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (FDA) স্বাস্থ্যকৰ পানীয় হিচাবে স্বীকৃতি দিছে । বিশ্বজুৰি কৰা এক গৱেষণাৰ পৰা পোৱা গৈছে- চাহ খোৱাৰ ফলত হোৱা স্বাস্থ্যৰ উপকাৰিতা । চাহ এবিধ আচৰিত পানীয়, আমি ভাৰত চৰকাৰক আহ্বান জনাইছো যে চাহক স্বাস্থ্যকৰ, জীৱনশৈলী আৰু স্বাস্থ্যকৰ পানীয় হিচাপে প্ৰচাৰ কৰক ৷’’
তেওঁ আৰু কয়, ‘‘ভাৰতৰ ৰাষ্ট্ৰীয় পানীয় হিচাপে চাহক ঘোষণা কৰিবলৈ আমি ভাৰত চৰকাৰক আহ্বান জনাই আহিছো । লাখ লাখ ভাৰতীয়ৰ প্ৰিয় এই চাহ । ভাৰতে চাহ খায়ে দিনটোৰ নিত্যনৈমিতিক কাম কৰিব লয়, আলহীক চাহ খুৱাই আদৰ-সৎকাৰ কৰে ৷ লগতে মনোৰঞ্জন বা স্ফূৰ্তিৰ সময়খিনিও চাহ খায়ে সকলোৱে উদযাপন কৰে ৷ চাহৰ সৈতে এটা নতুন চিন্তা আৰু সৃষ্টিৰ আৰম্ভ হয় ৷ মনৰ দোষ নাইকিয়া কৰিবলৈ এই চাহ খাই অধিকাংশই শক্তি গোটায় ৷ মানুহে চাহৰ সৈতে কাম কৰে আৰু চাহৰ সৈতে সপোন দেখে । দুখীয়াৰ পৰা ধনীলৈকে- সকলোৰে বাবে চাহ সাধাৰণ পানীয়, তেনেস্থলত কেন্দ্ৰীয় চৰকাৰে চাহক স্বাস্থ্যকৰ পানীয় আৰু লগতে ৰাষ্ট্ৰীয় পানীয় হিচাবে ঘোষণা নকৰাতো দুৰ্ভাগ্যজনক ।’’