কলকাতা : কলকাতাৰ ভাৰতীয় সংগ্ৰহালয় । ইয়াত আছে বিভিন্ন সামগ্ৰীৰ সংগ্ৰহ । এইকেইদিন এই সংগ্ৰহালয়ত দৰ্শনাৰ্থীৰ যথেষ্ট ভিৰ । এই সংগ্ৰহালয় পৰিদৰ্শন কৰিবলৈ আহি এক বিশেষ স্থানত হঠাতে থমকি ৰৈছে দৰ্শনাৰ্থী । কিয়নো তাত থকা বিষয়বস্তুৰ সৈতে কিতাপৰ পৃষ্ঠাৰ ইতিহাসৰ মিলা নাই ! দেৱালত ওলমি থকা ছবিখনত দাড়িয়ে গজা নাই মাৰ্ক্সৰ । আকৌ লেনিনৰ মূৰত জপৰা চুলিৰে ভৰি আছে । অথচ গ্ৰামচিৰ মূৰ মুণ্ডন কৰা । ইফালে দাঁত সোলা চে গুৱেভাৰাই লাপুং বুঢ়াৰ দৰে হাঁহি আছে । হো চি মিনৰ থুতৰিতো আকৌ দাড়ি নাই...! এই অস্বাভাৱিক তালিকাখন অতি দীঘলীয়া ।
মমিৰ পৰা জীৱাশ্ম । কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ত 'প্ৰাচীন' পৃথিৱীৰ বিভিন্ন ইতিহাস অতি যত্নসহকাৰে সংৰক্ষিত কৰা ৰখা হৈছে । যিবোৰ দেখিলে সহজতে অনুমান কৰিব পাৰি যে পাঁচ হাজাৰ, দহ হাজাৰ বছৰ পূৰ্বে পৃথিৱীখন কেনে আছিল, সেই সময়ৰ সামগ্ৰীবোৰ দেখিবলৈ কেনেকুৱা আছিল । ইয়াত থকা সামগ্ৰীবোৰ কিন্তু পুৰণি হ'লেও জীৰ্ণ-শীৰ্ণ নহয় । ইতিহাসৰ বুকুলৈ উভতি যোৱাৰ পথত যদি কোনোবাই খোজকাঢ়ি আগবাঢ়ি গৈ এই সংগ্ৰহালয়ৰ টেক্সটাইল গেলেৰীত প্ৰৱেশ কৰে, তেন্তে তেওঁৰ বাবে বহু আচৰিত কথাই অপেক্ষা কৰি আছে ।
ভাৰতীয় সংগ্ৰহালয়ত আলোকচিত্ৰ প্ৰদৰ্শনী (ETV Bharat) মনত হয়তো প্ৰশ্ন জাগিব পাৰে, সংগ্ৰহালয়ত আকৌ বামপন্থী ৰাজনৈতিক দলৰ দলীয় কাৰ্যালয় ক'ৰ পৰা আহিল ? আচলতে তাতেই দেৱালত আঁৰি থোৱা আছে বিভিন্ন ছবি । ছবিৰ ফ্ৰেমৰ তলত লিখি থোৱা আছে সেই ছবিবোৰৰ ব্যক্তিসকলৰ নাম । জলজল-পটপটকৈ জিলিকি আছে ষ্টেলিন, লেনিন, হো চি মিন, কাৰ্ল মাৰ্ক্স, চে গুৱেভাৰা আৰু গ্ৰামচিৰ নাম ।
কিন্তু নামবোৰ পঢ়াৰ পিছত মনৰ স্মৃতি কোঠাত যিবোৰ মুখ ভাঁহি আহিব, তাৰ সৈতে সংগ্ৰহালয়ৰ টেক্সটাইল বিভাগৰ দেৱালত ওলমি থকা ছবিবোৰৰ সৈতে অলপমানো সাদৃশ্য দেখা নাপাব । ষ্টেলিনৰ নাম লিখা ছবিখনত থকা ব্যক্তিগৰাকীৰ বেকব্ৰাছ কৰা মুগা চুলি নাই, তীক্ষ্ণ চকু আৰু গোঁফেৰে ঢাকি থোৱা শক্তিশালী মুখমণ্ডলো নাই । তাৰ পৰিৱৰ্তে সংগ্ৰহালয়ৰ দেৱালত থকা ছবিখনত ষ্টেলিনে মিচিকিয়াই হাঁহি আছে । তেওঁৰ মুখত পাতলীয়া পকা দাড়ি আৰু মূৰত মাত্ৰ কেইডালমান চুলি ।
ভাৰতীয় সংগ্ৰহালয়ত আলোকচিত্ৰ প্ৰদৰ্শনী (ETV Bharat) আনহাতে, চে গুৱেভাৰা লিখা ছবিখনত থকা ব্যক্তিগৰাকীৰ দাঁত সোলা । তেওঁ লাপুং বুঢ়াৰ দৰে হাঁহি আছে । হো চি মিনৰ থুতৰিত আকৌ কোনো দাড়িয়েই নাই । ইয়াৰ উপৰি তাত থকা ছবিখনত লেনিনৰ বহল কপালৰ পৰিৱৰ্তে চুলিৰে ভৰ্তি অৰ্থাৎ জপৰা চুলিৰ এটা মূৰ । আনহাতে, সংগ্ৰহালয়ত থকা ফটোত গ্ৰামচিৰ মূৰত চুলি নাই, বৰঞ্চ মুণ্ডন কৰা । কাৰ্ল মাৰ্ক্সৰ আকৌ দাড়িয়েই গজা নাই । অৱশ্যে ছবিবোৰৰ পৰিচয়ো মিছা নহয় । প্ৰতিটো ফ্ৰেমত যিসকল ব্যক্তি আছে, তেওঁলোকৰে নাম ছবিখনৰ তলত লিখা আছে । তেওঁলোকৰ এয়া বৰ্তমানৰ অস্তিত্ব ।
ভাৰতীয় সংগ্ৰহালয়ৰ শিল্পকলাত কিউ আৰ কোড, স্কেনিং কৰিলেই লাভ কৰিব ইতিহাস
এই ছবিবোৰ চাই প্ৰথমতে বহু লোকেই বুজি পোৱা নাছিল যে আচলতে বিষয়টো কি। কোনো কোনোৱে হয়তো ভাবিছে ইয়াৰ আঁৰত কিবা এটা আছে । কোনোৱে আকৌ ইতিহাসৰ বিকৃতকৰণ বুলি ভাবি প্ৰথমতেই খং উঠিছে । আন কোনোবাই আকৌ এই বিপাঙত পৰি দিশহাৰা হৈ কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰি কৈছে, এই 'ভুল' তৎক্ষণাৎ সংশোধন কৰা প্ৰয়োজন । কিন্তু ভুল হ'লেহে সংশোধন কৰাৰ প্ৰশ্ন আহিব । কিয়নো সংগ্ৰহালয় কৰ্তৃপক্ষই সকলোকে জনাইছে যে কোনো ছবিত কোনো ভুল নাই । সেয়ে ভুল সংশোধন কৰাৰো কোনো কাৰণ নাই ।
ভাৰতীয় সংগ্ৰহালয়ত আলোকচিত্ৰ প্ৰদৰ্শনী (ETV Bharat) ৰ'ব আপুনিও নিশ্চয় দিকভ্ৰান্ত হৈছে । বিষয়টোৰ সাঁথৰ ভাঙি দিওঁ তেন্তে । আচলতে সংগ্ৰহালয়টোৰ টেক্সটাইল গেলেৰীত এখন প্ৰদৰ্শনী চলি আছে । ইয়াৰ কিউৰেটৰ সায়ন্তন মৈত্ৰই কয়, "কোনো ভুল নাই । যিসকলৰ ছবি ৰখা হৈছে, তেওঁলোকৰ নামো সেয়াই । কিন্তু কেনেকৈ ? পৃথিৱীত লেনিন বা ষ্টেলিন নামৰ কেৱল এজন ব্যক্তিয়ে আছে নেকি ?" তেওঁৰ এই অকাট্য যুক্তিক খণ্ডন কৰিবলৈ কোনোৱে এটা শব্দও উচ্চাৰণ কৰিব পৰাত নাই ।
প্ৰদৰ্শনীখনত থকা আলোকচিত্ৰসমূহৰ বিষয়ে ব্যাখ্যা কৰি কিউৰেটৰ সায়ন্তন মৈত্ৰই কয়, "এয়া হৈছে কেৰালাৰ বিখ্যাত শিল্পী বিবেক বিলাসিনীৰ শিল্পকৰ্ম । কেৰালাত থকা তেওঁৰ পিতৃৰ গাঁৱৰ বিভিন্ন লোকৰ আলোকচিত্ৰ । তেওঁলোক সকলোৰে নামবোৰো এয়াই । এওঁ তেওঁলোকৰ ফটো তুলিয়েই আনন্দ লাভ কৰে । সমগ্ৰ বিশ্বতে তেওঁ এনেধৰণৰ ধেমেলীয়া কামৰ বাবে বিখ্যাত । আমি এইটো জানিবলৈ চেষ্টা কৰি আছোঁ যে মানুহে এই ছবিবোৰ চাই কেনে প্ৰতিক্ৰিয়া দেখুৱায় ।"
ভাৰতীয় সংগ্ৰহালয়ত আলোকচিত্ৰ প্ৰদৰ্শনী (ETV Bharat) আনহাতে, মাৰ্ক্স-লেনিন-ষ্টেলিনৰ বিষয়ে নিৰন্তৰ আলোচনা কৰি থকা বাওঁপন্থী নেতাসকলেও ইয়াক 'আকৰ্ষণীয়' বুলিয়ে অভিহিত কৰিছে । চিপিএম পলিটব্যুৰো সদস্য তথা ৰাজ্যিক সম্পাদক মহম্মদ চেলিমে কয়, "দক্ষিণ ভাৰতত এইটোৱেই প্ৰৱণতা। মই ব্যক্তিগতভাৱে দেখিছোঁ যে ঘৰে ঘৰে বহু লোকৰ নাম সুভাষ, বিবেকানন্দ, বিদ্যাসাগৰ । কেৰালাতো বহু লোকৰ নাম এনেধৰণৰ আছে । আচলতে বিশেষ একো নহয়, বহুতেই তেওঁলোকৰ সন্তানৰ নাম এজন সন্মানীয় ব্যক্তিৰ নামেৰে ৰাখিব বিচাৰে । এইটো তাৰ এটা উদাহৰণ ।" উল্লেখ্য যে এই প্ৰদৰ্শনীখন চাই বহুতো বাওঁপন্থী নেতাই অনুভৱ কৰে যে জনপ্ৰিয় বাওঁপন্থী নেতাসকলৰ নামেৰে কেৰালাত ঘৰৰ শিশুসকলৰ নাম ৰখাৰ পৰম্পৰা আছে ।
ভাৰতীয় সংগ্ৰহালয়ত আলোকচিত্ৰ প্ৰদৰ্শনী (ETV Bharat) ভাৰতীয় সংগ্ৰহালয়ত পৰম্পৰাগত শিল্পকৰ্মৰ লগতে আধুনিকতাৰো সেতুবন্ধনত এখন প্ৰদৰ্শনী চলি আছে । ভাৰতীয় সংগ্ৰহালয়ৰ উপ-সঞ্চালক সায়ন ভট্টাচাৰ্যই কয় যে এই চিত্ৰসমূহ উক্ত প্ৰদৰ্শনীৰ অংশ । "এই প্ৰদৰ্শনীখন ১১ জানুৱাৰীৰ পৰা ভাৰতীয় সংগ্ৰহালয়, কলকাতাৰ বসু ফাউণ্ডেচন ফৰ দ্য আৰ্টছৰ সহযোগত ভাৰতীয় সমসাময়িক আৰু লোককলাৰ এক প্ৰদৰ্শনী । 'ডায়লগছ এক্ৰছ টাইম' শীৰ্ষক এই প্ৰদৰ্শনীখন কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে উদ্বোধন কৰে । ইয়াৰ উদ্দেশ্য হৈছে বিশ্বৰ অন্যতম পুৰণি আৰু প্ৰতিষ্ঠিত সাংস্কৃতিক প্ৰতিষ্ঠান ভাৰতীয় সংগ্ৰহালয়ৰ গৌৰৱময় বছৰসমূহক সন্মান আৰু উদযাপন কৰা । প্ৰদৰ্শনীখন ৩১ মাৰ্চলৈকে চলিব ।