নিউজ ডেস্ক, ২৩ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মস্কোত অৱস্থিত এটা কনচাৰ্ট হলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে । লগতে এই দুখৰ সময়ত ৰাছিয়া চৰকাৰ আৰু ইয়াৰ নাগৰিকসকলৰ সৈতে একাত্মতা প্ৰকাশ কৰে ।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত লিখিছে, "মস্কোত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছো । ভুক্তভোগীসকলৰ পৰিয়াললৈ আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা । এই দুখৰ সময়ত ভাৰত চৰকাৰ ৰাছিয়ান ফেডাৰেচন চৰকাৰ আৰু ইয়াৰ ইয়াৰ জনসাধাৰণৰ সৈতে একত্ৰিত হৈ আছে ।"
উল্লেখ্য যে, শুকুৰবাৰে কেইবাজনো আক্ৰমণকাৰীয়ে মস্কোৰ এটা ডাঙৰ কনচাৰ্ট হলত প্ৰৱেশ কৰে আৰু উপস্থিত জনতাৰ ওপৰত গুলীবৰ্ষণ কৰে । এই গুলীচালনাৰ ঘটনাত ৬০ গৰাকী ব্যক্তি নিহত হয় । আনহাতে, শতাধিক লোক আহত হয় । ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়াত নিজৰ শাসন ক্ষমতাত পুনৰ অধিষ্ঠিত হোৱাৰ মাত্ৰ কেইদিনমান পিচতে এই শোকাৱহ ঘটনাটো সংঘটিত হয় ।
ইতিমধ্য়ে শুকুৰবাৰে টেলিগ্ৰামত প্ৰকাশিত আইএছআইএছৰ সৈতে জড়িত সংবাদ সংস্থা আমাকে পোষ্ট কৰা এক বিবৃতিত ইছলামিক ষ্টেট গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ।