অসম

assam

ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে শান্তিৰ বাৰ্তা মোদীৰ: ভাৰতে স্থায়ী শান্তিৰ পোষকতা কৰে, আলোচনা-কূটনীতিত বিশ্বাস কৰে - PM Modi Ukraine visit

By ANI

Published : Aug 22, 2024, 9:09 AM IST

PM Modi Ukraine visit: ১৯৯১ চনত স্বাধীন হোৱাৰ পিচত ইউক্ৰেইন ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী । ভ্ৰমণৰ পূৰ্বে দেশখনৰ শেহতীয়া পৰিস্থিতিক লৈ পোলেণ্ডত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰীৰ । ভাৰতে শান্তিক বিশ্বাস কৰে বুলি তেওঁ স্থিতি স্পষ্ট কৰে ।

PM Modi Ukraine visit
ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে পুনৰ শান্তিৰ বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ (ANI)

নেশ্যনেল ডেস্ক, ২২ আগষ্ট : ৰাছিয়া ইউক্ৰেইন যুদ্ধক লৈ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য । ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে সদায় অঞ্চলটোত স্থায়ী শান্তিৰ বাবে ওকালতি কৰি আহিছে । তেওঁৰ মতে ভাৰতে এই সংঘাত সমাধানৰ বাবে আলোচনা আৰু কূটনীতিত বিশ্বাস কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে পোলেণ্ডৰ ৱাৰ্ছত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয়, "এয়া যুদ্ধৰ যুগ নহয় ।"

প্ৰধানমন্ত্ৰীৰ শান্তিৰ আহ্বান

শান্তিৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয়,"ভাৰত হৈছে ভগৱান বুদ্ধৰ উত্তৰাধিকাৰীৰ দেশ । সেয়েহে, ভাৰতে যুদ্ধত বিশ্বাস নকৰে আৰু এই অঞ্চলত শান্তিৰ পোষকতা কৰে । ভাৰত এই অঞ্চলত স্থায়ী শান্তিৰ অধিবক্তা । ভাৰতৰ ধাৰণা স্পষ্ট: এয়া যুদ্ধৰ যুগ নহয়, মানৱতাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ একত্ৰিত হোৱাৰ সময় । সেয়েহে, ভাৰতে সংঘাতৰ সমাধানৰ বাবে আলোচনা আৰু কূটনীতিত বিশ্বাস কৰে ।"

উল্লেখ্য যে ৪ দশকতকৈও অধিক সময়ৰ ভিতৰত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে পোলেণ্ড ভ্ৰমণ কৰিছে । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ ৰণনীতি হৈছে সমদূৰত্বত থকাৰ পূৰ্বৰ নীতিৰ তুলনাত সকলো ৰাষ্ট্ৰৰ সৈতে সমান ঘনিষ্ঠতা বজাই ৰখা ।

ভাৰতৰ নীতি

ৱাৰ্ছত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "কেইবা দশক ধৰি ভাৰতৰ সকলো দেশৰ পৰা দূৰত্ব বজাই ৰখাৰ নীতি আছিল । অৱশ্যে, আজিৰ ভাৰতৰ নীতি হৈছে সকলো দেশৰ সৈতে সমান ঘনিষ্ঠতা ৰখা । আজিৰ ভাৰতে সকলোৰে সৈতে সংযোগ স্থাপন কৰিব বিচাৰে । আজিৰ ভাৰতে সকলোৰে বিকাশৰ কথা কয় । আজিৰ ভাৰত সকলোৰে সৈতে আছে আৰু সকলোৰে স্বাৰ্থৰ বিষয়ে চিন্তা কৰে ।"

ইউক্ৰেইনলৈ যাব প্ৰধানমন্ত্ৰী মোদী

উল্লেখ্য যে পোলেণ্ড ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যুদ্ধবিধ্বস্ত ইউক্ৰেইনত উপস্থিত হ'ব । ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ আমন্ত্ৰণত তেওঁ ইউক্ৰেইন ভ্ৰমণ কৰিব । ১৯৯১ চনত স্বাধীন হোৱাৰ পিচত দেশখনলৈ এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ হ'ব ।

পোলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ক কৃতজ্ঞতা

পোলেণ্ডত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয়সকল তেওঁলোকৰ প্ৰচেষ্টা, কৰ্ম আৰু সহানুভূতিৰ বাবে জনাজাত । ভাৰতীয়সকলে তেওঁলোকৰ প্ৰচেষ্টাৰ জৰিয়তে দেশলৈ সুনাম কঢ়িয়াই আনিছে বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে ভাৰত হৈছে প্ৰথমখন দেশ যিয়ে বিশ্বৰ সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়ায় । তেওঁ এই সন্দৰ্ভত ভাৰতে কেনেদৰে ক'ভিড-১৯ মহামাৰীৰ সময়ত ১৫০ খন দেশলৈ ঔষধ আৰু ভেকছিন প্ৰেৰণ কৰিছিল সেই কথা স্মৰণ কৰে ।

ইফালে তেওঁ ২০২২ চনত যুদ্ধ আৰম্ভ হোৱাৰ সময়ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক সহায় কৰাৰ বাবে পোলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক প্ৰশংসা কৰে । তেওঁ পোলেণ্ড চৰকাৰক ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে দুৱাৰ মুকলি কৰা আৰু ভিছাৰ নিষেধাজ্ঞা আঁতৰোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :আজিৰে পৰা প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক পোলেণ্ড আৰু ইউক্ৰেইন ভ্ৰমণ - Prime Minister Narendra Modi

ABOUT THE AUTHOR

...view details