অসম

assam

ETV Bharat / bharat

আই আই টি গুৱাহাটীৰ জিলা পৰ্যায়ৰ জলবায়ু বিপদাশংকা মূল্যায়ন প্ৰতিবেদন প্ৰকাশ - CLIMATE RISK ASSESSMENT REPORT

হিমালয়ান ৰাজ্যসমূহৰ বাবে ২০১৯ চনত প্ৰকাশিত জলবায়ু পৰিৱৰ্তন দুৰ্বলতা মানচিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা এক সপ্ৰতিবেদন...

Climate Risk Assessment report
জলবায়ু বিপদাশংকা মূল্যায়ন (প্ৰতিনিধিত্বমূলক ছবি) (ANI)

By ANI

Published : Dec 14, 2024, 7:52 AM IST

গুৱাহাটী : জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ লক্ষ্যৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) গুৱাহাটীয়ে আই আই টি মাণ্ডি আৰু বিজ্ঞান, প্ৰযুক্তি আৰু নীতি অধ্যয়ন কেন্দ্ৰৰ সহযোগত ‘‘ভাৰতৰ বাবে জিলা পৰ্যায়ৰ জলবায়ু বিপদাশংকা মূল্যায়ন : আই পি চি চি ফ্ৰেমৱৰ্ক ব্যৱহাৰ কৰি বানপানী আৰু খৰাং বিপদাশংকাৰ মেপিং’’ শীৰ্ষক প্ৰতিবেদন শুকুৰবাৰে প্ৰকাশ কৰে ।

প্ৰতিবেদনখন প্ৰকাশৰ সময়ত উপস্থিত থকা বিশিষ্ট বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে ডি এছ টিৰ বৈজ্ঞানিক বিভাগৰ মুৰব্বী ডঃ অনিতা গুপ্তা; পিয়েৰ-য়েভচ পিটেলাউড, দুৰ্যোগ বিপদাশংকা হ্ৰাস (ডি আৰ আৰ) আৰু জলবায়ু পৰিৱৰ্তন অভিযোজন (চি চি এ), ছুইচ এজেন্সী ফৰ ডেভেলপমেণ্ট এণ্ড কো-অপাৰেচনৰ (এছ ডি চি) জ্যেষ্ঠ আঞ্চলিক উপদেষ্টা; ড৹ সুশীলা নেগী, বিজ্ঞানী-এফ, ডি এছ টি আৰু ডি এছ টিৰ বিজ্ঞানী-ই ড৹ স্বাতী জৈন । আনহাতে, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল আৰু আই আই টি মাণ্ডিৰ সঞ্চালক অধ্যাপক লক্ষ্মীধৰ বেহেৰা ভাৰ্চুৱেলী উপস্থিতি থাকে ।

প্ৰতিবেদনখনত অৰিহণা যোগোৱা মুখ্য গৱেষকসকলৰ ভিতৰত আছে আই আই এছ চি বাংগালোৰৰ অধ্যাপক ৰবীন্দ্ৰনাথ, বেংগালুৰুৰ চি এছ টি ই পিৰ ড৹ ইন্দু কে মূৰ্তি, আই আই টি মাণ্ডিৰ ড৹ শ্যামশ্ৰী দাসগুপ্তা আৰু আই আই টি গুৱাহাটীৰ ড৹ অনামিকা বৰুৱাও উপস্থিত থাকে ।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ডি এছ টিৰ বৈজ্ঞানিক বিভাগৰ মুৰব্বী ড৹ অনিতা গুপ্তাই এই কথাত গুৰুত্ব আৰোপ কৰি কয়, "জলবায়ু পৰিৱৰ্তন হৈছে আমাৰ সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান ৷ যিয়ে কৃষি, জীৱিকা আৰু জীৱনৰ প্ৰতিটো দিশক প্ৰভাৱিত কৰে । কোনো একক সত্তাই ইয়াক অকলে সমাধান কৰিব নোৱাৰে- ইয়াৰ বাবে সামূহিক প্ৰচেষ্টা আৰু উদ্ভাৱনীমূলক আন্তঃগাঁথনিৰ প্ৰয়োজন । এই প্ৰতিবেদনৰ জৰিয়তে আমি দুৰ্বলতা চিনাক্ত কৰা, সংবেদনশীলতা মূল্যাংকন কৰা আৰু বিপদাশংকাত থকা স্থানীয় সম্প্ৰদায়বোৰে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ সমাধান কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছো ।"

"এই ফলাফলবোৰ বাস্তৱত কাৰ্যকৰী কৰাটো অত্যাৱশ্যকীয় আৰু ইয়াৰ অন্তৰ্দৃষ্টিবোৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উভয় স্তৰৰ প্ৰতিজন অংশীদাৰৰ ওচৰলৈ যোৱাটো প্ৰয়োজন । এক পৰিষ্কাৰ, সেউজীয়া আৰু জলবায়ু-স্থিতিস্থাপক ভৱিষ্যত লাভ কৰাৰ বাবে ভাৰতে এক সন্তুলিত অভিযোজন আৰু প্ৰশমন ৰণনীতিৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এইটো মাত্ৰ আৰম্ভণি । আমি একেলগে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত আৰু নেট জিৰো ভাৰতৰ বাবে আমাৰ লক্ষ্য দ্ৰুতগতিত অনুসৰণ কৰিম ।" তেওঁ লগতে কয় ।

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডি এছ টি) আৰু ছুইজাৰলেণ্ড দূতাবাসৰ উন্নয়ন আৰু সহযোগিতাৰ বাবে ছুইচ এজেন্সীৰ (এছ ডি চি) দ্বাৰা সমৰ্থিত এই প্ৰতিবেদনত ভাৰতত জিলা পৰ্যায়ৰ জলবায়ু বিপদাশংকাৰ বিতং বিশ্লেষণ প্ৰদান কৰা হৈছে । এক বিজ্ঞপ্তিত এই কথা উল্লেখ কৰা হৈছে ।

জলবায়ু পৰিৱৰ্তনৰ ওপৰত আন্তঃচৰকাৰী পেনেল (আই পি চি চি) ফ্ৰেমৱৰ্ক ব্যৱহাৰ কৰি এই অধ্যয়নটোৱে বানপানী আৰু খৰাঙৰ দ্বাৰা উদ্ভৱ হোৱা দ্বৈত প্ৰত্যাহ্বানবোৰ চিনাক্ত কৰাৰ লগতে বিপদাশংকা থকা জনসংখ্যাৰ ওপৰত সেইবোৰৰ অসামঞ্জস্যপূৰ্ণ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছে । এই ফলাফলবোৰে স্থিতিস্থাপকতা বৃদ্ধি কৰাৰ বাবে অনুকূলিত, অঞ্চল-ভিত্তিক অভিযোজন ৰণনীতিৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

নিজৰ ভাষণত এছ ডি চিৰ জ্যেষ্ঠ আঞ্চলিক উপদেষ্টা পিয়েৰ-য়েভছ পিটেলাউডে উল্লেখ কৰে, "বহনক্ষম উন্নয়ন লাভ কৰাৰ বাবে জলবায়ুৰ স্থিতিস্থাপকতাৰ সৈতে এক সাৱধান সন্তুলনৰ প্ৰয়োজন । হিমালয়ৰ দৰে অঞ্চলৰ বাবে জলবায়ুৰ অভিযোজনযোগ্যতাক অৰ্থনৈতিক বিকাশৰ সৈতে একত্ৰিত কৰাটো গুৰুত্বপূৰ্ণ । ইয়াৰ দ্ৰুত অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু বিবিধ জলবায়ু প্ৰত্যাহ্বানৰ সৈতে ভাৰতে এক উদাহৰণ স্থাপন কৰাৰ এক অনন্য সুযোগ আছে ।"

"জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাৰ লগতে বহনক্ষম ব্যৱস্থাপনাৰ বাবে জ্ঞানৰ ভাগ-বতৰা কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু গোলকীয় দুয়োটা ক্ষেত্ৰতে সামূহিক প্ৰচেষ্টাৰ দাবী জনাইছে । পৰৱৰ্তী পদক্ষেপত কাৰ্যকৰী ৰণনীতি প্ৰস্তুত কৰা বিষয়টো অন্তৰ্ভুক্ত আছে, কিয়নো আমি সকলোৱে এক সেউজীয়া, অধিক বহনক্ষম ভৱিষ্যত গঢ়ি তোলাৰ দায়িত্ব বহন কৰো ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে, এই প্ৰতিবেদনখন হিমালয়ান ৰাজ্যসমূহৰ বাবে পূৰ্বৰ জলবায়ু পৰিৱৰ্তন দুৰ্বলতা মানচিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা হৈছে, যিখন এই একেটা দলে 2019 চনত প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক :কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ, ২০২৪ আৰম্ভ - PRAGJYOTISPUR LITERARY FESTIVAL
লগতে পঢ়ক :শনিবাৰৰ পৰা তৃতীয় বাৰ্ষিক নেফটা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ - 3RD NAFTA FILM FESTIVAL

ABOUT THE AUTHOR

...view details