তেজপুৰ, 12 মে’ :জ্যেষ্ঠ আই পি এছ বিষয়া ইদাশীষা নংৰাঙক মেঘালয়ৰ প্ৰথমগৰাকী মহিলা আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে । 19 মে’ত অৱসৰ ল’বলগীয়া এল আৰ বিষ্ণৈয়ৰ ঠাইত নোংৰাঙক নিযুক্তি প্ৰদান কৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ইদাশীষা নংৰাঙক নিযুক্তি দিয়া হৈছে । এই নিযুক্তি লাভ কৰাৰ পাচতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই নোংৰাঙক Xযোগেশুভেচ্ছা জ্ঞাপন কৰিছে ৷ চাংমাই কয়, "এই নিযুক্তি পোৱাৰ বাবে ইদাশীষা নোংৰাঙক আন্তৰিক অভিনন্দন জনোৱা হৈছে । বহু বাধা-প্ৰত্যাহ্বান নেওচি ইতিহাস ৰচনা কৰা নোংৰাং এই পদত অধিষ্ঠিত হোৱা আমাৰ ৰাজ্যৰ প্ৰথমগৰাকী জনজাতীয় মহিলা হিচাপে পৰিগণিত হয় ৷ আমাৰ সকলোৰে বাবে এক ই এক অপৰিসীম গৌৰৱৰ মুহূৰ্ত ।’’
বৰ্তমান নোংৰাং মেঘালয়ৰ চিভিল ডিফেঞ্চৰ সঞ্চালক প্ৰধান হিচাবে কৰ্ত্যবৰত । 1992 চনৰ বেটচৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নোংৰাং ৰাজ্যখনৰ তিনিটা প্ৰধান জনগোষ্ঠীৰ ভিতৰত অন্যতম খাচী সম্প্ৰদায়ৰ । বৰ্তমান মেঘালয় অসামৰিক প্ৰতিৰক্ষাৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা নোংৰাং ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৷ যিয়ে আৰক্ষী সঞ্চালক প্ৰধান পদ লাভ কৰিছে । তেওঁ 2021 চনত ভাৰপ্ৰাপ্ত ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।