শ্ৰীনগৰ :কাশ্মীৰত ক্ৰমাৎ বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ৷ জম্মু-কাশ্মীৰত তৰিৎগতিত নামিছে পাৰাস্তম্ভ ৷ কাশ্মীৰৰ চাৰিওফালে কেৱল দৃশ্যমান হৈছে বৰফৰ শুকুলা আচ্ছাদন ৷ সকলো পৰ্যটকৰে আকৰ্ষণৰ কেন্দ্ৰ এই স্থানত এতিয়া দৈনন্দিন জীৱনযাত্ৰা কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছে কাশ্মীৰবাসী ৷
তথ্য অনুসৰি, সোমবাৰে নিশা কাশ্মীৰৰ পাৰাস্তম্ভ শূন্যৰ তললৈ গতি কৰে ৷ যাৰ ফলত কাশ্মীৰত বৰফবোৰ আৰু অধিক জমা হৈ পৰে ৷ ফলত একেবাৰে শোচনীয় হৈ পৰে পথৰ অৱস্থা ৷ ৰাস্তাৰে মানুহতো দূৰৰে কথা, বাট-পথ পিচল হৈ পৰাত যান-বাহন চলাচল কৰাতো বাধা আহি পৰে ৷
পিচল বাট-পথৰ বাবে যাতায়াত কৰাত বহু সমস্যাৰ সন্মুখীন হৈছে কাশ্মীৰবাসী ৷ সেয়ে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সকলোকে অতি সাৱধানেৰে যান-বাহন চলাবলৈ পৰামৰ্শ দিয়া হৈছে ৷ শ্ৰীনগৰৰ বহু বাসিন্দাই ই টিভি ভাৰতক জনোৱা মতে, বিশেষকৈ সোমবাৰৰ সন্ধিয়াৰে পৰা বাট-পথবোৰ আৰু অধিক পিচল হৈ পৰাৰ বাবে তেওঁলোকে নিজৰ যান-বাহন চলোৱাৰ পৰা বিৰত আছে ।
নৱবৰ্ষৰ পূৰ্বে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম স্থান গুলমাৰ্গত হাড় কঁপোৱা ঠাণ্ডা অনুভূত হৈছে ৷ শেহতীয়াকৈ গুলমাৰ্গত মাইনাছ ১১.৫ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে । লগতে শ্ৰীনগৰত মাইনাছ ৩.৫ ডিগ্ৰী, কাজিগুণ্ডত মাইনাছ ৭.৫ ডিগ্ৰী, পহলগামত মাইনাছ ৮.৪ ডিগ্ৰী আৰু কুপৱাৰাত ০.১ ডিগ্ৰী তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে ।