নেশ্যনেল ডেস্ক, 10 জুন : বিহাৰৰ নালন্দাত এক নৃশংস ঘটনা সংঘটিত হৈছে ৷ স্বামীৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবে পত্নীক নৃশংসভাৱে হত্যা কৰিলে স্বামীয়ে ৷ আনকি পত্নীৰ মৃতদেহটো কাটি টুকুৰা টুকুৰ কৰি নিমখ সানি পুতি থৈ দিয়ে স্বামীয়ে ৷
জানিব পৰামতে, স্বামীৰ বিয়াৰ পূৰ্বৰপৰাই অন্য এক যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৷ শেহতীয়াকৈ পত্নীয়ে স্বামীৰ এই প্ৰেমৰ বিষয়ে জানিবলৈ পাৰিছিল । পত্নীয়ে তেওঁৰ স্বামীৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰিছিল । তাৰ পিচতেই স্বামীয়ে খঙত পত্নীক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল । সেই পৰিকল্পনা অনুসৰিয়েই প্ৰেমিকাৰে মিলি স্বামী আৰু প্ৰেমিকাই নৱ বিবাহিতাগৰাকীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
প্ৰেমিকাৰ সহায়ত পত্নীক হত্যা :স্বামীয়ে প্ৰথমে নৱবিবাহিতাৰ পত্নীক হত্যা কৰিছিল আৰু তাৰ পিচত তেওঁৰ শৰীৰটো টুকুৰা টুকুৰকৈ কাটিছিল, পৰৱৰ্তী সময়ত মৃতদেহটো নদীৰ পাৰত পেট্ৰ'লৰে জ্বলাই দি সমাধিস্থ কৰে ৷
টুকুৰা টুকুৰকৈ কাটিছে মৃতদেহটো :
সোমবাৰে, মৃত মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যই জনোৱা অনুসৰি, যোৱা এসপ্তাহ ধৰি সন্ধানহীন হৈ আছিল মহিলাগৰাকী ৷ পৰিয়ালৰ লোকে আৰক্ষীক মহিলাগৰাকীৰ সন্ধান উলিয়াবলৈ বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰিছিল ৷ তাৰ পিচতেই আৰক্ষীয়ে সন্দেহৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত স্বামীক আটক কৰি আৰক্ষী থানালৈ লৈ আহে । আৰক্ষীয়ে থানাত স্বামীক কঠোৰভাৱে জেৰা চলোৱাৰ পিচতেই অভিযুক্ত স্বামীয়ে তেওঁৰ অপৰাধ স্বীকাৰ কৰে ৷
স্বামীয়ে অপৰাধ স্বীকাৰ কৰে :
স্বামীয়ে জনোৱা অনুসৰি মৃতদেহটো দীপনগৰ আৰক্ষী থানা অঞ্চলৰ সমস্তি গাঁৱৰ মাজেৰে যোৱা গোইথৱা নদীৰ পাৰত বালিত সমাধিস্থ কৰা হৈছিল । তাৰ পিচতে আৰক্ষীয়ে অভিযুক্ত স্বামীক লগত লৈ ঘটনাস্থলীলৈ গৈছিল । তাৰ পিচত, স্বামীৰ নিৰ্দেশত, নদীৰ পাৰৰ সেই ঠাইত খনন কৰাৰ পিচতে মহিলাগৰাকীৰ শৰীৰৰ হাঁড় উদ্ধাৰ কৰে ৷