নতুন দিল্লী :মানৱ সৰবাৰহ গোচৰ সন্দৰ্ভত এনআইএয়ে দেশৰ ৬ খন ৰাজ্যৰ ২২ টা স্থানত অভিযান অব্যাহত ৰাখিছে । এই মানৱ সৰবৰাহত বিদেশী চক্ৰ জড়িত থকাৰ সন্দেহত এনআইএয়ে এই গুৰুত্বপূৰ্ণ অভিযানটো চলাইছে । প্ৰাপ্ত খবৰ অনুসৰি, এই অভিযান ৬ খন ৰাজ্যত চলি আছে আৰু মানৱ সৰবৰাহৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ বহুতো দেশৰ সৈতে আছে । ২০২৪ চনত এই সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএয়ে এটা গোচৰ ৰুজু কৰিছিল ।
এনআইএয়ে চাইবাৰ জালিয়াতিৰ গোচৰত এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । চাইবাৰ জালিয়াতিৰ জৰিয়তে, বিহাৰৰ গোপালগঞ্জৰ যুৱকসকলক বিদেশত চাকৰি দিয়াৰ নামত প্ৰলোভিত কৰা হৈছিল, তাৰ পিছত যেতিয়া তেওঁলোক বিদেশলৈ গৈছিল, তেওঁলোকক এটা ভুৱা কল চেণ্টাৰত বন্দী কৰি ৰখা হৈছিল আৰু চাইবাৰ জালিয়াতিৰ কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল । একে সময়তে, এই চক্ৰটো ম্যানমাৰ লাওছৰ সৈতেও সম্পৰ্কিত বুলি সন্দেহ কৰা হৈছে ।
সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰৰ সন্দেহ